ETV Bharat / state

Upper Dihing Forest: আপাৰ দিহিং বনাঞ্চলত বন বিভাগে চলাইছে নেকি বন ধ্বংস - Allegations of Deforestation

ডিগবৈত বন বিভাগৰ বিৰুদ্ধে শ শ গছৰ পুলি কটাৰ অভিযোগ উত্থাপন ৰাইজৰ ৷ আপাৰ দিহিং বনাঞ্চলত বন বিভাগে গছ কটাৰ অভিযোগ ৰাইজৰ ৷

Upper Dihing Forest
আপাৰ দিহিং বনাঞ্চলত বন বিভাগে চলাইছে নেকি বন ধ্বংস
author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 6:35 PM IST

আপাৰ দিহিং বনাঞ্চলত বন বিভাগে চলাইছে নেকি বন ধ্বংস

তিনিচুকীয়া, 2 নৱেম্বৰ : এইবাৰ ৰক্ষকে ভক্ষকৰ ৰূপত অৱতীৰ্ণ হৈছে ৷ বন বিভাগৰ বিৰুদ্ধে আপাৰ দিহিং বনাঞ্চলত শ শ গছৰ পুলি কাটি তহিলং কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ অভিযোগ অনুসৰি, তিনিচুকীয়া জিলাৰ ডিগবৈৰ ঢেকীয়াজানৰ কাষৰ আপাৰ দিহিং বনাঞ্চলত শ শ গছ পুলি কাটিছে ডিগবৈ বন বিভাগে ৷

যি সময়ত অমৃত বৃক্ষ ৰোপণেৰে ৰাজ্য চৰকাৰে অভিলেখ ৰচনা কৰিছে সেই সময়তে বন বিভাগৰ লোকে বন ধ্বংসত নামি পৰিছে ৷ ডিগবৈ বন বিভাগে ঢেকীয়াজানত তাঁৰৰ বেৰা লগোৱাৰ বাবে পকা খুটাৰ বিপৰীতে গছৰ খুটা ব্যৱহাৰ কৰিবলৈ গছৰ পুলি কটাৰ অভিযোগ ৰাইজৰ ৷ ডিগবৈ বনাঞ্চলিক বিষয়া চুমী দেউৰীৰ নেতৃত্বত এই বন ধ্বংস চলোৱাৰ লগতে ডি এফ অ টি চি ৰঞ্জিত ৰামে হাত উজান দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷

ইফালে গছ পুলি কটাৰ সন্দৰ্ভত ৰাইজে বন বিভাগক অৱগত কৰাৰ পাচতো ডিগবৈ বন বিভাগ গুৰুত্ব নিদিলে ৷ ৰাইজৰ অভিযোগ, ‘‘ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পকী খুটাত তাঁৰ লগাইছে ৷ কিন্তু ভিতৰত মানুহে নেদেখে কাৰনে কাঠৰ খুটাত তাঁৰ লগাবলৈ গছ কাটিছে বন বিভাগে ৷ আমি বিভিন্ন এলেকাত গছ কটা দেখিছো ৷ এই সন্দৰ্ভত বন বিভাগৰ লোকক প্ৰশ্ন কৰিছিলো ৷ কিন্তু তেওঁলোকে একো গুৰুত্ব প্ৰদান নকৰিলে ৷ বৰঞ্চ তেওঁলোকে গছ কটাৰ ঘটনা অস্বীকাৰ কৰে ৷ পিচত আমি গম পালো বন বিভাগে গছ পুলিখিনি কাটিছে ৷ মূল্যবান গছসমূহ পুলিতে কাটি তহিলং কৰি দিছে বন বিভাগে ৷ চোৰং কাঠ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাইছে যদিও বৰ্তমান বন বিভাগে বন ধ্বংসত নামিছে ৷’’

লগতে পঢ়ক:Dhola Kherbari Murder case: ধলা-বিচনীমুখ খেৰবাৰী হত্যাকাণ্ডৰ পাঁচ বছৰ, ন্যায়ৰ অপেক্ষাত ভুক্তভোগী পৰিয়াল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.