তিনিচুকীয়া, ১৫ অক্টোবৰ: তিনিচুকীয়া জিলাৰ ১ নং মহং টকৌপথাৰ আৰু ১ নং মহং চাৰি আলিৰ সুলভ মূল্যৰ এজেণ্ট প্ৰদীপ বৰুৱাৰ বিৰুদ্ধে স্থানীয় ৰাইজে ছেপ্টেম্বৰ মাহৰ চাউল হিতাধিকাৰীক নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে । এজেণ্ট গৰাকীয়ে দৰিদ্ৰ হিতাধিকাৰীলৈ অহা চাউল হৰলুকি কৰা বুলি অভিযোগ দিয়াৰ পিছত যোৱা ২৯ ছেপ্টেম্বৰত তিনিচুকীয়া জিলা যোগান পৰিদৰ্শক মনোজ বৰা উপস্থিত হৈ ৰাইজৰ লগত আলোচনাত মিলিত হৈছিল । যোগান বিষয়া মনোজ বৰাক ৰাইজে অভিযোগ দিয়াৰ পিছতো গা-নলৰাত স্থনীয় ৰাইজে তিনিচুকীয়া অতিৰিক্ত আয়ুক্তক সমগ্ৰ ঘটনাৰ বিষয়ে অভিযোগ দাখিল কৰে ।
স্থানীয় ৰাইজে তিনিচুকীয়া জিলা অতিৰিক্ত আয়ুক্তক অভিযোগ কৰা পিছতেই উপস্থিত হয় তিনিচুকীয়াৰ যোগান পৰিদৰ্শক মনোজ বৰা । যোগান পৰিদৰ্শক গৰাকীৰ উপস্থিতিত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা । বাৰম্বাৰ সুলভ মূল্যৰ এজেণ্ট গৰাকীৰ বিৰুদ্ধে স্থানীয় ৰাইজে অভিযোগ কৰা পিছতো সুলভ মূল্যৰ দোকানী প্ৰদীপ বৰুৱাৰ বিৰুদ্ধে যোগান বিভাগে ব্যৱস্থা গ্ৰহণ নকৰাত পৰিদৰ্শন কৰিব অহা পৰিদৰ্শক মনোজ বৰাই ৰাইজৰ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হয় ।
ৰাইজৰ লগত আলোচনাত মিলিত হৈ যোগান পৰিদৰ্শক মনোজ বৰাই সুলভ মূল্যৰ দোকানী প্ৰদীপ বৰুৱাৰ পৰা নথি-পত্ৰ,মেচিন জব্দ কৰি উক্ত গাঁৱৰে দিগন্ত শইকীয়াৰ হাতত গতাই দিয়ে । যোগান বিভাগে নতুনকৈ এজেন্ট নিযুক্তি নিদিয়া পৰ্যন্ত দিগন্ত শইকীয়াৰ পৰা ৰাইজক চাউলসমূহ সংগ্ৰহ কৰিবলৈ আহ্বান জনায় । স্থানীয় ৰাইজে উক্ত গাঁৱত নতুনকৈ এগৰাকী এজেন্ট নিযুক্তি দি সমস্যাটো অতি শ্ৰীঘ্রেই সমাধান কৰিবলৈ দাবী জনাইছে । এতিয়া হিতাধিকাৰীৰ চাউল হৰলুকি কৰা বুলি অভিযোগ উত্থাপন হোৱা সুলভ মূল্যৰ এজেণ্ট প্ৰদীপ বৰুৱাৰ বিৰুদ্ধে যোগান পৰিদৰ্শক গৰাকীয়ে তদন্ত কৰিব নে নকৰে তাকলৈ ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ।
লগতে পঢ়ক:Firing Incident in Jorhat update : যোৰহাট গুলীচালনাৰ মূল মাষ্টাৰ মাইণ্ড সঞ্জীৱ বৰুৱাক আটক