ETV Bharat / state

তিনিচুকীয়াৰ সুসন্তান ৰতন কুমাৰ আগৰৱাল ৰাজস্থান চৰকাৰৰ মহাধিবক্তা হিচাবে নিযুক্ত - Rajasthan Advocate General

Advocate RK Agarwal: তিনিচুকীয়াৰ সুসন্তান ৰতন কুমাৰ আগৰৱালক নিযুক্তি প্ৰদান কৰা হৈছে ৰাজস্থান চৰকাৰৰ মহাধিবক্তা হিচাবে ৷ বৃহস্পতিবাৰে ভজনলাল শৰ্মা চৰকাৰে মহাধিবক্তা হিচাবে নিযুক্তি প্ৰদান কৰে জ্যেষ্ঠ অধিবক্তাগৰাকীক ৷

Advocate Ratan Agarwal
ৰতন কুমাৰ আগৰৱালা ৰাজস্থান চৰকাৰৰ মহাধিবক্তা
author img

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 4:45 PM IST

নিউজ ডেস্ক, 19 জানুৱাৰী: ৰাজস্থান চৰকাৰৰ মহাধিবক্তা হিচাবে নিযুক্তি প্ৰদান কৰা হৈছে অসম সন্তান তথা জ্যেষ্ঠ অধিবক্তা ৰতন কুমাৰ আগৰৱালক ৷ বৃহস্পতিবাৰে এক অধিসূচনাৰ জৰিয়তে জ্যেষ্ঠ অধিবক্তাগৰাকীক ৰাজ্য চৰকাৰখনৰ মহাধিবক্তা হিচাবে নিযুক্তি প্ৰদান কৰা হয় ৷

উল্লেখ্য যে তিনিচুকীয়া জিলাৰ পানীতোলাত জন্মগ্ৰহণ কৰা ৰতন কুমাৰ আগৰৱালে দশম শ্ৰেণীলৈকৈ পাঠগ্ৰহণ কৰিছিল পানীতোলা হিন্দী হাইস্কুলত ৷ পৰৱৰ্তী পৰ্যায়ত তেওঁ তিনিচুকীয়া মহাবিদ্যালয়ত নামভৰ্তি কৰি স্নাতক ডিগ্ৰী গ্ৰহণ কৰে ৷ ইয়াৰ পিচত তিনিচুকীয়া আইন মহাবিদ্যালয়ত নামভৰ্তি কৰা ৰতন কুমাৰ আগৰৱালে 1976 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে ৷ উল্লেখ্য যে তিনিচুকীয়া আইন মহাবিদ্যালয়ৰ প্ৰথমটো বেটচৰ ছাত্ৰ আছিল ৰতন কুমাৰ আগৰৱাল ৷

এল এল বি ডিগ্ৰী গ্ৰহণৰ পিচত এজন আইনজীৱী হিচাবে তেওঁ নতুন জীৱনৰ পাতনি মেলে ৷ তিনিচুকীয়া আদালতত তেওঁ এজন অধিবক্তা হিচাবে যোগদান কৰে আৰু 1992 চন পৰ্যন্ত তেওঁ তিনিচুকীয়া আদালততেই এজন সফল অধিবক্তা হিচাবে কৰ্মজীৱন পাৰ কৰে ৷

ইয়াৰ পিচত তেওঁ অসমৰ পৰা কৰ্মজীৱন সলনি কৰে ৰাজস্থানৰ জয়পুৰলৈ ৷ জয়পুৰ উচ্চ ন্যায়ালয়ত এজন অধিবক্তা হিচাবে যোগ দিয়াৰ পিচতে তেওঁৰ সাফল্যৰ গ্ৰাফডাল ক্ৰমান্বয়ে উৰ্ধমুখী হ’বলৈ আৰম্ভ হয় ৷ 2011 চনত ৰতন কুমাৰ আগৰৱালাই জ্যেষ্ঠ অধিবক্তাৰ স্বীকৃতি লাভ কৰে ৷

শেহতীয়াকৈ ৰাজস্থানত ভজনলাল শৰ্মা চৰকাৰ গঠনৰ এমাহৰ পিচতে প্ৰথমগৰাকী মহাধিবক্তা হিচাবে নিযুক্তি প্ৰদান কৰা হয় অসম সন্তান ৰতন কুমাৰ আগৰৱালক ৷ ইয়াৰ পূৰ্বে ৰাজস্থান চৰকাৰৰ মহাধিবক্তা হিচাবে নিযুক্ত আছিল এম এছ সিংভী ৷ কিন্তু ৰাজ্যখনত কংগ্ৰেছৰ চৰকাৰ পতনৰ পিচতে পদত্যাগ কৰিছিল এম এছ সিংভীয়ে ৷

উল্লেখ্য যে অসম তথা তিনিচুকীয়া জিলাৰ সুসন্তানগৰাকীক ৰাজস্থান চৰকাৰৰ মহাধিবক্তা হিচাবে নিযুক্তি প্ৰদানৰ পিচতে আনন্দিত হৈ পৰিছে তিনিচুকীয়াবাসী ৷

লগতে পঢ়ক: তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক পৰশ চলিহা আৰু নাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.