ETV Bharat / state

'কা' ৰ বিৰোধিতাৰে তিনিচুকীয়াত উৰিল ক'লা পতাকা

author img

By

Published : Jan 24, 2021, 9:18 PM IST

বিজেপিৰ বিৰুদ্ধে অপশাসনৰ অভিযোগত আছুৰ ক'লা দিৱস পালন ৷ তিনিচুকীয়াত ক'লা পতাকা উত্তোলন কৰি আছুৰ প্ৰতিবাদ সাব্যস্ত ৷ 'কা' ৰ বিৰোধিতাৰে আইনখনৰ প্ৰতিলিপি দাহ ৷ শদিয়াৰ পৰা ধুবুৰিলৈ আইনখনৰ বিৰোধিতাৰে আছুৰ প্ৰতিবাদ ৷

aasu hoisted black flag in tinisukia to register protest against caa

তিনিচুকীয়া, 24 জানুৱাৰী: সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ আহ্বান মৰ্মে দেওবাৰে 'কা' (নাগৰিকত্ব সংশোধনী আইন)ৰ বিৰোধিতাৰে ৰাজ্যজুৰি লোৱা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাইও তিনিচুকীয়াস্থিত কাৰ্যালয়ৰ সন্মুখত ক'লা পতাকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপিৰ শাসনকালত গণতন্ত্ৰৰ ক’লা অধ্যায় সূচনা হোৱাৰ অভিযোগ উত্থাপন কৰি সাব্যস্ত কৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীত 'কা' ৰ বিৰোধিতাৰে প্ৰতিবাদকাৰী সকলে 'কা' ৰ প্ৰতিলিপি দাহ কৰে ৷

শদিয়াৰ পৰা ধুবুৰিলৈ আইন খনৰ বিৰোধিতাৰে আছুৰ প্ৰতিবাদ

উল্লেখ্য যে সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনোৱা এই প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই দেওবাৰে ৰাজ্যখনৰ শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন ঠাইত ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে ক'লা পতাকা উত্তোলন কৰাৰ লগতে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

ইফালে চৰকাৰখনৰ বিৰুদ্ধে চৰম চৈৰাচাৰী শাসনতন্ত্ৰ চলোৱাৰ অভিযোগ উত্থাপন কৰি বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ মাজতে শনিবাৰে গুৱাহাটীৰ দিঘলীপুখুৰীত 'কা' আৰু ইআইএ বাতিলৰ দাবীৰে সদৌ অসম ছাত্ৰ সন্থাই সাব্যস্ত কৰা বিক্ষোভ কাৰ্যসূচীত উপস্থিত থাকি আছুৰ উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্যই ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক কটু সমালোচনা কৰা পৰিলক্ষিত হৈছিল ৷

শনিবাৰে আছুৰ উপদেষ্টা গৰাকীয়ে 'কা' বাতিল নোহোৱা পৰ্যন্ত আছুৰ উদ্যোগত শান্তিপূৰ্ণ, গণতান্ত্ৰিক আৰু অহিংস আন্দোলন অব্যাহত থাকিব বুলিও হুংকাৰ প্ৰদান কৰিছিল ৷

লগতে পঢ়ক:মোদী-শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে ৰাজ্যজুৰি AASU ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.