ETV Bharat / state

ৰাষ্ট্ৰীয় কিক বক্সিং প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত তিনিচুকীয়াৰ 6 গৰাকী খেলুৱৈ - kick Boxing

ৰাষ্ট্ৰীয় ৱাক' কিক বক্সিং প্ৰতিযোগিতাৰ বাবে তিনিচুকীয়া জিলাৰ পৰা নিৰ্বাচিত হোৱা ৭ গৰাকী প্ৰতিযোগীৰ ৬ গৰাকী খেলুৱৈ হে যাবলৈ প্ৰস্তুত হৈছে । এই সন্দৰ্ভত শনিবাৰে তিনিচুকীয়া হিন্দু ভৱনত ৱাক' ইণ্ডিয়া কিক বক্সিং ফেডাৰেশ্যনে এখন সংবাদ মেল আয়োজন কৰে ।

6 players from Tinsukia selected for National kick Boxing Tournament
ৰাষ্ট্ৰীয় ৱাক' কিক বক্সিং প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত তিনিচুকীয়াৰ 6 গৰাকী খেলুৱৈ
author img

By

Published : Aug 1, 2021, 8:50 AM IST

তিনিচুকীয়া, 31 জুলাই : ২৬ আগষ্ট পৰা ২৯ আগষ্টলৈকে গোৱাত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় ৱাক' কিক বক্সিং প্ৰতিযোগিতাৰ বাবে তিনিচুকীয়া জিলাৰ পৰা ৭ গৰাকী প্ৰতিযোগী নিৰ্বাচিত হৈছিল ৷ কিন্তু এগৰাকী খেলুৱৈ শাৰীৰিক অসুস্থতাৰ বাবে এতিয়া ৬ গৰাকী খেলুৱৈ হে যাবলৈ প্ৰস্তুত হৈছে । এই সন্দৰ্ভত শনিবাৰে তিনিচুকীয়া হিন্দু ভৱনত ৱাক' ইণ্ডিয়া কিক বক্সিং ফেডাৰেশ্যনে এখন সংবাদ মেলৰ আয়োজন কৰে ।

এই সংবাদ মেলত ৱাক' ইণ্ডিয়া কিক বক্সিং ফেডাৰেশ্যনৰ ৰাজ্যিক উপ সভাপতি এল ৰতন সিঙে সাংবাদিক সকলৰ আগত আগন্তুক নিৰ্বাচিত খেলুৱৈ সকলক চিনাকি কৰি দিয়ে আৰু একোখন কৈ গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে । সংবাদমেলত তিনিচুকীয়া জিলাৰ সাধাৰণ সম্পাদক অৰবিন্দ পেটেল, ৰাজ্যিক মুখ্য উপদেষ্টা সুৰেশ পাৰিক আৰু জিলা সভাপতি ৰাঘৱ প্ৰসাদ ৰায় আদি উপস্থিত থাকে । অসমৰ পৰা প্ৰায় ৯০ জনীয়া এটা দল যাব গোৱাত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় ৱাক' কিক বক্সিং প্ৰতিযোগিতালৈ ।

ৰাষ্ট্ৰীয় ৱাক' কিক বক্সিং প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত তিনিচুকীয়াৰ 6 গৰাকী খেলুৱৈ

তিনিচুকীয়াৰ পৰা এল ৰতন সিং আৰু অৰবিন্দ পেটেলৰ নেতৃত্বত যাব লগীয়া এই ৬ জনীয়া দলটোৱে প্ৰস্তুতি অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে এল ৰতন সিঙে ।

ৱাক' কিক বক্সিং ফেডাৰেশ্যনক ২০ জুলাই তাৰিখে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে নিজৰ অধীনত অন্তৰ্ভুক্ত কৰিছে । চলিত মাহতে ৱাক' ইণ্ডিয়া কিক বক্সিং ফেডাৰেশ্যনক ভাৰত চৰকাৰৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ে স্বীকৃতি দিয়ে । ৱাক' কিক বক্সিং ফেডাৰেশ্যনৰ প্ৰশিক্ষণ প্ৰাপ্ত ছাত্ৰ ছাত্ৰী সকলে আগন্তুক ২০২৪ চনত অলিম্পিক খেলৰ যোগ্যতা অৰ্জন কৰিলে প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ পাব বুলি সাধাৰণ সম্পাদক অৰবিন্দ পেটেল আৰু উপ সভাপতি এল ৰতন সিঙে জানিব দিয়ে ।

লগতে পঢ়ক: লখিমপুৰৰ এখন বিদ্যালয়ত ২৯ গৰাকী ছাত্রীৰ উচুপনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.