ETV Bharat / state

সচাকৈয়ে ULFA-I ত যোগদান কৰিলে নেকি সন্ধানহীন 5 যুৱতীয়ে ? - সশস্ত্ৰ বিপ্লব

পাছ গৰাকী যুৱতী-মহিলাৰ সন্ধানহীন হোৱাৰ ঘটনাই তোলপাৰ লগিছে সমগ্ৰ অসম । সংবাদ মাধ্যমত তেওঁলোকে আলফাত যোগদান কৰাৰ সন্দেহ কৰি বাতৰি সম্প্ৰচাৰ কৰাৰ পাছতে এতিয়া পৰিয়ালৰ লোকে উপায়ন্তৰ হৈ আৰক্ষী থানত দাখিল কৰিছে এজেহাৰ ।

5-woman-joining-ulfa-story
সচাকৈয়ে ULFA-I ত যোগদান কৰিলে নেকি সন্ধানহীন 5 যুৱতীয়ে ?
author img

By

Published : Nov 13, 2021, 8:31 PM IST

তিনিচুকীয়া, 13 নবেম্বৰ : হঠাতে খবৰ আহিল ৰাজ্যৰ মুঠ পাছ গৰাকী মহিলা তথা যুৱতীয়ে সন্ধানহীন হৈছে ৷ প্ৰায়েই অসমৰ বহু মহিলা , যুৱতী সন্ধানহীন হোৱাৰ বাতৰি সংবাদ মাধ্যমত প্ৰচাৰিত হৈ আহিছে কিন্তু, এই ঘটনা যেন সুকীয়া ৷ এই বিশেষ মহিলা কেইগৰাকী সন্ধানহীন হোৱাৰ ঘটনাত তোলপাৰ লগিছে সমগ্ৰ অসমত । কিয়নো কি সংবাদ মাধ্যম কি সামাজিক মাধ্যম সকলোতে প্ৰচাৰ চলিছে যে সন্ধানহীন হোৱা মহিলা কেইগৰাকীয়ে সম্প্ৰতি আলফা স্বাধীনত যোগদান কৰিছে ৷

বিগত ৩ দিনৰ পৰা যোগাযোগ বিছিন্ন হৈ আছে ৰাজ্যিক পৰ্যায়ৰ কিক বক্সিং খেলুৱৈ নয়নমনি চেতিয়াৰ ৷ নয়নমণি চেতিয়াৰ পৰিয়ালে জনোৱা মতে, বুধবাৰে কেইগৰাকীমান বান্ধৱীৰ লগত খেলিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল তেওঁ । মন কৰিব লগীয়া বিষয় যে, এগৰাকী ৰাজ্যিক পৰ্যায়ৰ কিক বক্সিং খেলুৱৈ নয়নমণিয়ে দীৰ্ঘ সময় ধৰি জিলাখনৰ বিভিন্ন অঞ্চলৰ শিশু সকলক কিক বক্সিঙৰ প্ৰশিক্ষণো দি আহিছে ৷

সচাকৈয়ে ULFA-I ত যোগদান কৰিলে নেকি সন্ধানহীন 5 যুৱতীয়ে ?

এটা ৮ বছৰীয়া পুত্ৰ সন্তানৰো মাতৃ এই নয়নমণি চেতিয়া । সম্প্ৰতি সামাজিক মাধ্যমত জাতি মাটিৰ লগত সম্পৰ্ক থকা এটি গীতৰ সৈতে এটা ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে চৰ্চা হৈছে যে তেওঁ আলফা স্বাধীন যোগ দিছে ৷ আনহাতে নয়নমণিৰ পৰিয়ালৰ লোকে দৃঢ়তাৰে কৈছে যে তেওঁ ক’ৰবালৈ খেলিবলৈহে গৈছে ৷

একাংশ সংবাদ মাধ্যমত নয়নমণি চেতিয়াই আলফাত যোগদান কৰাৰ সন্দেহ কৰি বাতৰি সম্প্ৰচাৰ কৰাৰ পাছতে এতিয়া তেওঁৰ পৰিয়ালৰ লোক সকল চিন্তিত হৈ পৰিছে ৷ তেওঁৰ সন্ধান বিচাৰি ইতিমধ্যে তিনিচুকীয়াৰ সদৰ থানাত এক এজেহাৰো দাখিল কৰিছে পৰিয়ালৰ লোকে । আনহাতে তিনিচুকীয়া জিলাৰ চাংমাই গাঁৱৰ নয়নমনি চেতিয়া উৰফে ইহম চেতিয়াই আলফা(স্বা)ত যোগদানৰ সন্দেহ কৰাৰ সময়তে সংযুক্ত মুক্তি বাহিনী স্বাধীন অসমৰ তৰফৰ পৰা এক বিবৃত্তি প্ৰকাশ পাইছে ।

এই বিবৃত্তি যোগে আলফা স্বাধীনে একাংশ সংবাদ মাধ্যমক আহ্বান জনায় যে, যুৱতী কেইগৰাকী সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন) সংগঠনত যোগদান কৰা ঘটনাটোক লৈ ইমানকৈ আস্ফালন কৰাৰ কোনো প্ৰয়োজন নাই । সশস্ত্ৰ বিপ্লবলৈ বহু যুৱক যুৱতী ধাৱমান হৈ থকাৰ ঘটনাকো স্বাভাৱিক আখ্যা দিছে নিষিদ্ধ ঘোষিত সংগঠনটোৱে ।

মুঠৰ ওপৰত সন্ধানহীন হোৱা নয়নমণি চেতিয়া তথা আন কেইগৰাকী যুৱতীৰ সঠিক অৱস্থান সম্পৰ্কে কোনো তথ্য পোহৰলৈ অহা নাই যদিও তেওঁলোকে আলফা স্বাধীনত যোগ দিয়া বুলি অহা খবৰে এতিয়া লাভ কৰিছে বিশেষ চৰ্চা ৷ আলফা আৰু চৰকাৰৰ মাজত আলোচনা প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি চলি থকা চৰ্চাৰ মাজতে এতিয়া এই ঘটনাই বহন কৰিছে যথেষ্ট তাৎপৰ্য ৷

লগতে পঢ়ক : TET Teachar appoinment : কি পৰ্যায়ত বিটিআৰৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.