তিনিচুকীয়া,২৫ মাৰ্চ: শুকুৰবাৰৰ পৰা তিনিচুকীয়া উন্নয়ণ প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰকল্পত(Cultural Project of Tinsukia Development Authority) তিনিদিনীয়া কাৰ্যসূচীৰে সাংবাদিক চ’ৰাৰ আতিথ্যত অনুষ্ঠিত কৰা হয় তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ(Tinsukia District Journalists Association) ত্ৰয়োবিংশতিতম দ্বি-বাৰ্ষিক অধিবেশন ৷ প্ৰথমদিনাৰ কাৰ্যসূচী হিচাপে ফটো প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ড৽ সত্যকাম বৰঠাকুৰে ৷
দ্বিতীয় কাৰ্যসূচী হিচাপে সাংবাদিকৰ ওপৰত এখন বিশেষ কৰ্মশালা অনুষ্ঠিত কৰা হয় আৰু কৰ্মশালাখনত বক্তব্য প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক সত্যকাম বৰঠাকুৰে । এই কৰ্মশালাখনি উদ্বোধন কৰে তিনিচুকীয়া উন্নয়ণ প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোঁহায়ে(23rd biennial session observed in Tinsukia) ৷ তিনিচুকীয়াৰ সংবাদকৰ্মী, বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা কেইবাগৰাকীও গণ্যমান্য ব্যক্তিৰ উপস্থিতিত আৰম্ভ কৰা কৰ্মশালাখনিত পূৰ্বৰ সংবাদ জগত আৰু বৰ্তমান সংবাদজগতৰ মাজত পাৰ্থক্যসমূহ উপস্থাপন কৰা হয় ।
লগতে সাংবাদিকসকলে কিছু মাৰ্জিত হ’ব লাগে বুলি উল্লেখ কৰে উপস্থিত বিশিষ্ট ব্যক্তিসকলে ৷ সমান্তৰালভাৱে সংবাদজগতে এটা ভিউজৰ পিছত দৌৰাটো শুভলক্ষণ নহয়, গতিকে সংবাদজগতৰ মজিয়াখনৰ বিষয়ে ভালকৈ উপলব্ধি কৰাটো উচিত বুলি মন্তব্য কৰে ৷ উক্ত অনুষ্ঠানত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি অনুজ কলিতা, তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ত্ৰয়োবিংশতিতম দ্বি-বাৰ্ষিক অধিবেশনৰ সভাপতি ধনদেৱ মহন্ত, জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰৰ লগতে তিনিচুকীয়াৰ সংবাদকৰ্মীসকল উপস্থিত থাকে ৷
শনিবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী হিচাপে পুৱা তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ মূল পতাকা উত্তোলন কৰে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি অনুজ কলিতাই লগতে আন ৪৭ খন পতাকা উত্তোলন কৰে তিনিচুকীয়াৰ বিভিন্ন দল-সংগঠনৰ নেতৃত্ব, গণ্যমান্য ব্যক্তি, সমাজকৰ্মী, জ্যেষ্ঠ সংবাদকৰ্মীসকলে ৷ দ্বিতীয় কাৰ্যসূচী অনুসৰি শ্বহীদ তৰ্পন কৰে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে ৷
তাৰ পাছতেই তিনিচুকীয়াৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত বিভিন্ন দল-সংগঠন, গণ্যমান্য ব্যক্তিৰ উপস্থিতিত অভ্যৰ্থনা সমিতিৰ সভাপতি ধনদেৱ মহন্তৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰা হয় । সভাখনত তিনিচুকীয়াৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত আলোচক হিচাপে উপস্থিত থাকে তিনিচুকীয়াৰ সমাজকৰ্মী প্ৰকাশ বেদ আৰু তিনিচুকীয়া মহাবিদ্যালয়ৰ(Tinsukia College) প্ৰবক্তা ড৽ অপূৰ্ব ভাস্কৰ গগৈ ৷
লগতে সন্ধ্যাভাগলৈ তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰতিনিধি সভা আৰু বিষয় বাচনি সভা অনুষ্ঠিত কৰা হ’ব ৷ উক্ত সভাখনতে আগন্তুক দুটা বৰ্ষৰ কাৰণে এখন নতুন কমিটি গঠন কৰা হ’ব ৷ শেষৰ দিনা অৰ্থাৎ দেওবাৰে পুৱা তিনিচুকীয়াৰ বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰৰ পৰা তিনিচুকীয়া উন্নয়ণ প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰকল্পলৈ এটা সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হ’ব ৷
তাৰ পাছতে বিভিন্ন দল সংগঠনৰ নেতৃত্বৰ লগতে কেইবাগৰাকীও বিশেষ ব্যক্তিৰ উপস্থিতিত এখন মুকলি সভা অনুষ্ঠিত কৰা হ’ব আৰু শেষৰ কাৰ্যসূচী হিচাপে জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ, নীলাক্ষী নেওঁগ আৰু ৰাজীৱ শদিয়াৰ সংগীতানুষ্ঠান আয়োজন কৰা হ’ব ৷ গতিকে প্ৰতিটো কায্যসূচীতে সমূহ তিনিচুকীয়াবাসী ৰাইজৰ উপস্থিতি কামনা কৰিছে জিলা সাংবাদিক সন্থা তথা, সাংবাদিক চ’ৰাৰ লগতে উদযাপন সমিতিৰ বিষয়ববীয়াসকলে ৷
লগতে পঢ়ক: Historic pond of Rangia: ৰঙিয়াৰ ভেঁহবাৰীৰ ঐতিহাসিক পুখুৰীত চকু অসাধু চক্ৰৰ