ETV Bharat / state

মাৰ্ঘেৰিটাৰ পৰা কিশোৰী নিৰুদ্দেশ - মাৰ্ঘেৰিটাৰ লেখাপানী বাৰ্মা কেম্প

মাৰ্ঘেৰিটাৰ লেখাপানী বাৰ্মা কেম্পৰ পৰা নিৰুদ্দেশ হৈছে এগৰাকী 16 বছৰীয়া কিশোৰী ৷ শনিবাৰে নিশা 9 বজাৰ পৰাই সন্ধানহীন হৈ আছে কিশোৰী গৰাকী ৷ হাচিনা খাতুন নামৰ কিশোৰী গৰাকীৰ সন্ধান বিচাৰি লিডু আৰক্ষী থানাত এজাহাৰ দাখিল পৰিয়ালৰ ৷

A_MRG_801_girl_missing_in_margherita vis_img_as10026
16 year old girl missing in margherita jagun
author img

By

Published : Feb 15, 2021, 9:50 AM IST

মাৰ্ঘেৰিটা,15 ফেব্ৰুৱাৰী: এগৰাকী 16 বছৰীয়া কিশোৰী সন্ধানহীন হোৱাৰ ঘটনাই মাৰ্ঘেৰিটাত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ মাৰ্ঘেৰিটাৰ লেখাপানী বাৰ্মা কেম্পত সংঘটিত হৈছে এই নিৰুদ্দেশৰ ঘটনা ৷ জানিব পৰা মতে, শনিবাৰে নিশা 9 বজাৰ পৰাই সন্ধানহীন হৈ আছে হাচিনা খাতুন নামৰ কিশোৰী গৰাকী ৷

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, শনিবাৰে নিশা 9 বজা পৰ্যন্ত ঘৰতেই আছিল কিশোৰীগৰাকী ৷ কিন্তু, হঠাৎ কিশোৰীগৰাকী এনেদৰে নিৰুদ্দেশ হোৱাত পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰাৰ লগতে অঞ্চলটোত এক উদ্বেগজনক পৰিৱেশৰ উদ্ভৱ হৈছে ৷

মাৰ্ঘেৰিটাৰ পৰা কিশোৰী নিৰুদ্দেশ

বহু বিচাৰ-খোচাৰ কৰিও কিশোৰীগৰাকীৰ কোনো সন্ধান লাভ কৰিব নোৱাৰাত, পিতৃ ইউচুফ আলীয়ে লিডু আৰক্ষীত এখন এজাহাৰ দাখিল কৰে ৷ কিশোৰী গৰাকীৰ কোনো সন্ধান লাভ নকৰাত চিন্তিত হৈ পৰা পৰিয়ালে সংবাদ মাধ্যমৰ জৰিয়তে হাচিনাক ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক: তিনিচুকীয়াৰ পুৰণা ৰে'ল ষ্টেচনত উৰণীয়া সেঁতুৰ শুভ উদ্বোধন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.