ETV Bharat / state

মানকাচৰত ট্ৰাকৰ খুন্দাত নিহত 1 - assam news

বজাৰৰ পৰা ঘৰলৈ উভতি যোৱা সময়তে AS-১৮-C-৩৩৫৪ নম্বৰৰ ট্ৰাকখনে খুন্দা মাৰে লোকজনক । ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় লোকজন ৷

মানকাচৰত ট্ৰাকৰ খুন্দাত নিহত 1
author img

By

Published : Jul 20, 2019, 10:56 PM IST

দক্ষিণ শালমাৰা, 20 জুলাইঃ দক্ষিণ শালমাৰাৰ মানকাচৰত ট্ৰাকৰ খুন্দাত নিহত কলেজৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী । মানকাচৰ সাহাপাৰা গাঁৱৰ বাসিন্দা তথা মানকাচৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী শিৱ ৰঞ্জন সাহা বুলি চিনাক্ত ৷ বজাৰৰ পৰা ঘৰলৈ উভতি যোৱা সময়তে AS-১৮-C-৩৩৫৪ নম্বৰৰ ট্ৰাকখনে খুন্দা মাৰে কৰ্মচাৰীজনক । ফলত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় লোকজন । স্থানীয় ব্যক্তিৰ তৎপৰতাত লোকজনক মানকাচৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় যদিও সংকটজনক অৱস্থা দেখি চিকিৎসকে তুৰালৈ প্ৰেৰণ কৰে । তুৰালৈ নি থকা পথতে মৃত্যু হয় ব্যক্তিজনৰ । ব্যক্তিজনৰ মৃত্যুত শোকৰ ছাঁ পৰে সমগ্ৰ অঞ্চলজুৰি ৷

Intro:মানকাচৰত ট্ৰাকৰ খুন্দাত নিহত কলেজৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী।
Body:
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ মানকাচৰ চহৰত ট্ৰাকৰ খুন্দাত কলেজৰ এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰী নিহত।
উল্লেখযোগ্য যে আজি দিনৰ প্ৰায় ১১.৩০ বজাত মানকাচৰ সাহাপাৰা গাঁৱৰ বাসিন্দা তথা মানকাচৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী শিৱ ৰঞ্জন সাহা (৬৮) বজাৰৰ পৰা ঘৰলৈ উভতি যোৱা সময়ত এ এছ ১৮ চি ৩৩৫৪ নম্বৰৰ এটা ট্ৰাক গাড়ীয়ে খুন্দা মাৰে। ফলত লোকজন গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়। লগে লগে লোকজনক মানকাচৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় যদিও অৱস্থা সংকটজনক দেখি চিকিৎসকে তুৰালৈ প্ৰেৰণ কৰে। ফলত তেওঁক তুৰালৈ নি থকা অৱস্থাত আধা বাটতে মৃত্যু মুখত পৰে। অৱসৰপ্ৰাপ্ত মহাবিদ্যালয়ৰ কৰ্মচাৰী জন এইদৰে দুৰ্ঘটনাত মৃত্যু হোৱা ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।Conclusion:এই ঘটনাই মানকাচৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.