মানকাচাৰ,১৩ মাৰ্চঃমানকাচাৰৰ গজাৰীকান্ধি খণ্ড প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি ।মস্তফা আকন্দ নামৰ ফাৰ্মাচিষ্ট গৰাকীক বদলি কৰাক লৈ ৰাইজৰ প্ৰতিবাদ।
প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰ খনত মস্তফাৰ পৰিবৰ্তে নিয়োগ কৰা হৈছে সীমা নামৰ আন এগৰাকী মহিলা ফাৰ্মাচিষ্টক।
মহিলা ফাৰ্মাচিষ্ট গৰাকীক স্বাস্থ্য খণ্ডটোত যোগদান কৰাত বাধা স্থানীয় ৰাইজৰ।
প্ৰতিবাদ কৰি মস্তফাৰ বদলি স্থগিত ৰখাৰ দাবী কৰিছে প্ৰতিবাদকাৰী ৰাইজে । প্ৰতিবাদী ৰাইজে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দিয়াৰ লগতেমস্তফা আকন্দক পুনৰ নিযুক্তি দিবলৈ দাবী জনাই যদিওজিলা উপায়ুক্তই জিলা দণ্ডাদিশ পঠাই পৰিবেশ নিয়্ন্ত্ৰনলৈ আনে । অৱশেষত জিলা উপায়ুক্তৰ সহযোগত সীমাক চাকৰিত যোগদান কৰিবলৈ দিয়ে ।