ETV Bharat / state

Arunachal avalanche: তেজপুৰ বায়ুসেনাৰ ঘাটিত শেষ শ্ৰদ্ধা সাতজন শ্বহীদ সেনা জোৱানক

শনিবাৰে তেজপুৰ বায়ুসেনাৰ ঘাটিত শেষ শ্ৰদ্ধা জনোৱা হয় অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত প্ৰাণ হেৰুওৱা সাতজন শ্বহীদ সেনা জোৱানক (Wreath laying ceremony of seven army personnel) ৷ তাৰ পাচতেই শ্বহীদ জোৱানকেইগৰাকীৰ নশ্বৰদেহ প্ৰেৰণ কৰা হয় শ্বহীদকেইগৰাকীৰ নিৰ্দিষ্ট জন্মস্থানসমূহলৈ ৷

author img

By

Published : Feb 12, 2022, 3:05 PM IST

Updated : Feb 12, 2022, 3:47 PM IST

তেজপুৰ বায়ুসেনাৰ ঘাটিত শেষ শ্ৰদ্ধা সাতজন শ্বহীদ সেনা জোৱানক

তেজপুৰ, 12 ফেব্ৰুৱাৰী : অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত প্ৰাণ হেৰুওৱা সাতজন শ্বহীদ সেনা জোৱানক শনিবাৰে তেজপুৰ বায়ুসেনাৰ ঘাটিত জনোৱা হয় শেষ শ্ৰদ্ধা (Wreath laying ceremony of seven army personnel) ৷ কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা বীৰ শ্বহীদ জোৱান কেইজন হৈছে হাবিলদাৰ যুগল কিশোৰ শৰ্মা, গানাৰ গুৰ্বাজ সিং, ৰাইফলমেন অৰুণ কাত্তাল, বিশাল শৰ্মা, অংকেশ ভাৰদ্বাজ, অক্ষয় পাথনিয়া আৰু ৰাকেশ সিং ৷

তেজপুৰ বেচ প্ৰতিৰক্ষা বাহিনীৰ মুখপাত্ৰ লে: কৰ্ণেল হৰ্ষ বৰ্ধন পাণ্ডেয়ে উল্লেখ কৰ মতে, শনিবাৰে বীৰ শ্বহীদ কেইগৰাকীক জেনেৰেল কামাণ্ডিং অফিচাৰ ৰাভিন খ'চলা, UYSM, AVSM, SM, VSM আৰু অন্যান্য সেনা জোৱানসকলে শেষ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে ৷ এই অনুষ্ঠানৰ পাচতেই তেজপুৰ বায়ুসেনাৰ ঘাটিৰ (Tezpur Air Force Station) পৰা শ্বহীদ জোৱানকেইগৰাকীৰ নশ্বৰদেহ প্ৰেৰণ কৰা হয় তেওঁলোকৰ নিদিৰ্ষ্ট জন্মস্থানলৈ ৷

Tezpur Air Force Station
বীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি

উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত ভাৰত চীন সীমান্তৰ তহলদাৰী এটা দলৰ ৭ গৰাকী জোৱান ৬ ফেব্ৰুৱাৰীত প্ৰচণ্ড হিমবাহৰ কৱলত পৰি ১৪,৫০০ ফুট উচ্চতাত (High Altitude area of Kameng Sector in Arunachal Pradesh) সন্ধানহীন হৈ আছিল । সেনাৰ উদ্ধাৰকাৰী দলে প্ৰায় দুদিনযোৰা অভিযানৰ পাছত মঙলবাৰে তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰে (Jawans died in Arunachal avalanche) ৷

লগতে পঢ়ক : তেজপুৰৰ পৰা নতুন দিল্লীলৈ নিয়া হ’ল অৰুণাচলত নিহত বীৰ জোৱানৰ মৃতদেহ

Last Updated : Feb 12, 2022, 3:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.