ETV Bharat / state

Road accident at Tezpur: তেজপুৰত মহিলাৰ মৃতদেহৰ ওপৰেৰে পাৰ হ’ল বহু বাহন ! - তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়

তেজপুৰত অঘটন ৷ তেজপুৰ কলীয়া ভোমোৰা মিছন চাৰিআলি সংযোগী 37 (A) ৰাষ্ট্ৰীয় ঘাই পথত শুক্ৰবাৰে নিশা গাড়ীৰ চেপাত মৃত্যু হয় মানসিকভাৱে বিকাৰগ্ৰস্ত এগৰাকী মহিলা (Road accident at NH 37 A in Tezpur) । অৱশ্যে উদ্ধাৰ হোৱা নাই নিহত মহিলাগৰাকীৰ পৰিচয় ৷ আনকি নিহত মহিলাগৰাকীৰ মৃতদেহৰ ওপৰেৰে পাৰ হ’ল বহু বাহন (Road accident at Tezpur)। ঘটনাক কেন্দ্ৰ কৰি ক্ষুব্ধ স্থানীয় লোক ৷

Woman died in a Road accident at Tezpur
তেজপুৰ গোটলুঙৰ ৰাষ্ট্ৰীয় পথত সংঘটিত হয় এক পথ দুৰ্ঘটনা
author img

By

Published : Jan 14, 2023, 1:58 PM IST

তেজপুৰ গোটলুঙৰ ৰাষ্ট্ৰীয় পথত সংঘটিত হয় এক পথ দুৰ্ঘটনা

তেজপুৰ, 14 জানুৱাৰী : এক শিহৰণকাৰী দৃশ্য । চৌদিশে ৰাজ্যৰ পৰিবহণ বিভাগৰ উদ্যোগত প্ৰতিখন জিলাৰ প্ৰশাসনে ঢাক ঢোল বজাই পথ সুৰক্ষা সপ্তাহ উদযাপন কৰি থকাৰ সময়তে শুক্ৰবাৰে নিশা তেজপুৰ গোটলুঙৰ ৰাষ্ট্ৰীয় পথত সংঘটিত হয় এক পথ দুৰ্ঘটনা (Woman died in a Road accident at Tezpur) ৷ ফলত নিহত হয় এগৰাকী মহিলা ৷

আনকি নিহত মহিলাগৰাকীৰ মৃতদেহৰ ওপৰেদি পাৰ হৈ গ’ল ইখনৰ পিচত সিখনকৈ বহু বাহন ৷ অৱশ্যে বৰ্তমানেও জানিব পৰা হোৱা নাই নিহত মহিলাগৰাকীৰ পৰিচয় ৷ ইফালে এই দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰাৰ পাচতো আৰক্ষীয়ে কোনো কাণষাৰ নিদিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক : Nashik accident : নাছিকত বাছ আৰু ট্ৰাকৰ সংঘৰ্ষত ১০ গৰাকী যাত্ৰীৰ মৃত্যু

ফলত উৰে নিশা ৰাজপথতে পৰি থাকিল অচিনাক্ত মহিলাগৰাকীৰ মৃতদেহ ৷

এই ঘটনাক কেন্দ্ৰ কৰি ক্ষুব্ধ হৈ পৰে অঞ্চলটোৰ ৰাইজ ৷ অৱশেষত শনিবাৰে পুৱা প্ৰায় 4:30 বজাত ঘটনাস্থলীত উপস্থিত হয় তেজপুৰ আৰক্ষীৰ এটা দল ৷ তেজপুৰ আৰক্ষীৰ এই দলটোৱে মহিলাগৰাকীৰ মৃতদেহ তেজপুৰ কলীয়া ভোমোৰা মিছন চাৰীয়ালি সংযোগী 37(A) ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উদ্ধাৰ কৰে (Road accident at NH 37 A in Tezpur)।

শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসে ইটিভি ভাৰতক উল্লেখ কৰা অনুসৰি, নিহত মহিলাগৰাকী মানসিকভাৱে অসুস্থ ৷ তেওঁ বিগত কেবাদিন ধৰি উক্ত অঞ্চলত ঘূৰি আছিল ৷

লগতে পঢ়ক : Road accident in Kaziranga: কয়লা ভৰ্তি ট্ৰাকৰ খুন্দাত এটা পৰিয়ালৰ তিনিজনৰ মৃত্যু

অৱশ্যে পুৱতি নিশা দুৰ্ঘটনাত পতিত হৈ পথৰ ওপৰতে মহিলাগৰাকীৰ দেহটো পৰি থকাৰ পাছতো কোনো লোকে প্ৰত্যক্ষ কৰা নাছিল । সন্দেহ প্ৰকাশ কৰা হৈছে যে কোনো ট্ৰাকৰ খুন্দাত নিহত হয় মহিলাগৰাকী ৷ যি নহওঁক, মাঘৰ বিহুৰ উৰুকাৰ দিনা তেজপুৰত সংঘটিত হোৱা এই ঘটনাই সমগ্ৰ চহৰখনতে চাঞ্চল্যকৰ সৃষ্টি কৰিছে ।

ইতিমধ্যে মহিলাগৰাকীৰ মৃতদেহ তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ (Kanaklata Civil Hospital) মৰ্গত ৰখা হৈছে বুলি জানিব পৰা গৈছে । আৰক্ষীয়েও নিহত মহিলাগৰাকীৰ কোনো ঠিকনা বৰ্তমানলৈ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাই ।

লগতে পঢ়ক : Road accident in Kaliabor: কলিয়াবৰত তীব্ৰবেগী বাহনৰ খুন্দাত এজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.