ETV Bharat / state

ৰঙাপৰাত বনৰীয়া হাতীৰ তাণ্ডৱঃ একে নিশাই তিনিটাকৈ বাসগৃহ লণ্ড-ভণ্ড - বনৰীয়া হাতী

ৰঙাপৰাত একে নিশাই তিনিটাকৈ বাসগৃহ ভাঙিলে বনৰীয়া হাতীয়ে। বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়াল কেইটাৰ। ৰাইজে ঘটনা সন্দৰ্ভত আমাৰীবাৰী বন বিভাগক খবৰ দিয়াৰ পাছতো বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ।

ৰঙাপৰাত বনৰীয়া হাতীৰ তাণ্ডৱঃ একে নিশাই তিনিটাকৈ বাসগৃহ লণ্ড-ভণ্ড
author img

By

Published : May 31, 2019, 11:57 AM IST

তেজপুৰ, ৩১ মেঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱত বিস্তৰ ক্ষতি সাধন হয়। একে নিশাই তিনিটাকৈ বাসগৃহ ভাঙি বনৰীয়া হাতীয়ে চলালে সন্ত্ৰাস ।

ৰঙাপৰাত বনৰীয়া হাতীৰ তাণ্ডৱঃ একে নিশাই তিনিটাকৈ বাসগৃহ লণ্ড-ভণ্ড
ৰঙাপৰাৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱত বিস্তৰ ক্ষতি সাধন হয় ৰাইজৰ। বনৰীয়া হাতীয়ে ঘৰ-দুৱাৰ ভাঙি সন্ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে তহিলং কৰিছে ভঁড়ালৰ ধানকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী। তাৰোপৰি একে নিশাই তিনিটাকৈ বাসগৃহ ভাঙে বনৰীয়া হাতীৰ জাকটোৱে। বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়াল কেইটাৰ। বহুসময় ধৰি বনৰীয়া হাতীৰ জাকটো কোনোমতে ৰাইজে খেদি পঠিয়াবলৈ সক্ষম হয়। বৰ্তমানো ৰঙাপৰা অঞ্চলত বনৰীয়া হাতীৰ এটা বৃহৎ জাকে আশ্ৰয় লৈ থকাৰ বাবে শংকিত হৈ পৰিছে সমগ্ৰ ৰঙাপৰাৰ ৰাইজ । তাৎপৰ্যপূৰ্ণ বিষয় যে, ৰাইজে ঘটনা সন্দৰ্ভত আমাৰীবাৰী বন বিভাগক খবৰ দিয়াৰ পাছতো বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ।

লগতে আন এটা বাতৰি- কোকৰাঝাৰৰ বন বিভাগৰ অভিযান, জব্দ বালি খননৰ পাম্প মেচিন

Intro:ৰঙাপৰাত বনৰীয়া হাতীৰ তাণ্ডৱঃ একে নিশাই তিনিটাকৈ বাসগৃহ ভাঙি বনৰীয়া হাতীয়ে চলালে সন্ত্ৰাসঃ কথমপি প্ৰাণ ৰক্ষা পৰিয়ালৰ লোকৰBody:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ অঞ্চলত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰি অহাৰ সময়তে নিশা বন্যহস্তীৰ এটা জাকে তাৰাজুলি চাহ বাগিচাত প্ৰৱেশ কৰি ঘৰ-দুৱাৰ ভাঙি সন্ত্ৰাসৰ সৃষ্টি কৰে। নিশা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকটোৱে ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাৰ ১ নং আৰু ষ্টাফ লাইনত প্ৰবেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে। বনৰীয়া হাতীৰ জাকটোৱে কেইবাটাও বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে গৃহৰ ভিতৰত মজুত কৰি ৰখা খাদ্য সামগ্ৰী ভক্ষণ কৰে। বনৰীয়া হাতীৰ আক্ৰমনৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়াল কেইটা। বহুসময় ধৰি বনৰীয়া হাতীৰ জাকটোৱে উপদ্ৰৱ চলোৱাৰ পাছত কোনমতে হাতীৰ জাকটোক ৰাইজে খেদি পঠিয়াবলৈ সক্ষম হয়। বৰ্তমান ৰঙাপৰা অঞ্চলত বনৰীয়া হাতীৰ এটা বৃহৎ জাকে আশ্ৰয় লৈ আছে।বনৰীয়া হাতীৰ বাবে বৰ্তমান ৰঙাপৰাবাসী ৰাইজে বিনন্দ্ৰ ৰজনী কটাবলগীয়া হৈছে ৷ তাৎপৰ্য্যপূৰ্ণ বিষয় যে, ৰাইজে ঘটনাৰ সন্দৰ্ভত আমাৰীবাৰী বন বিভাগৰ লোকক খবৰ দিয়াৰ পাছতো বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে ৷Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.