তেজপুৰ, ১ নৱেম্বৰঃ তেজপুৰত আৰক্ষীৰ জালত প্ৰবঞ্চক । দীৰ্ঘ দিন ধৰি অবৈধ ভাৱে মহিলাৰ সঞ্চয় খুলি লাখ -লাখ টকা লুটি নিয়াৰ অভিযোগ পতি-পত্নীৰ বিৰুদ্ধে ।
উল্লেখ্য যে, তেজপুৰত সুদীৰ্ঘ দিন ধৰি অবৈধ ভাৱে মহিলাৰ সঞ্চয় খুলি প্ৰবঞ্চনা কৰি অহাৰ অভিযোগ এহাল পতি-পত্নীৰ বিৰুদ্ধে । উক্ত অভিযোগ অনুসৰি অভিযুক্ত কৃষ্ণ পালক পল ফিল্ড বামুণ গাঁওৰ ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে । আনহাতে অবৈধ সঞ্চয়ৰ মূল নায়ক কৃষ্ণ পালৰ পৰিবাৰ লক্ষ্মী পালে ইতিমধ্যে পলায়ন কৰিছে । ইতিমধ্যে ধন সঞ্চয়ৰ নামত ,পতি পত্নীয়ে প্ৰায় ১৫ লাখৰো অধিক টকা লুটি নিয়ে বুলি অভিযোগ কৰে ৰাইজে । তেজপুৰৰ বামুণ গাঁওত ভাৰাতীয়া হিচাবে থাকি পতি-পত্নীয়ে অবৈধ ভাৱে দৰিদ্ৰ মহিলাৰ পৰা ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।