ETV Bharat / state

বৰষুণৰ বাবে উত্তৰ অসমৰ নদী উপ নদীৰ জলপৃষ্ঠ বৃদ্ধি - তেজপুৰ

অসমৰ জল সম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই শোণিতপুৰ জিলাৰ বিভিন্ন ভগ্নাৱশেষ আৰু নদীৰ বান্ধসমূহ পৰিদৰ্শন কৰে । তেজপুৰ জাহাজ ঘাটৰ পৰা নাৱেৰে ডিপোতা, তিনিখৰিয়া, গাভৰু, খেৰণি, ঝাৰণি,টেলিয়গাওঁ আৰু বৰচলা সমষ্টিৰ ভৰাশিঙৰী অঞ্চলত পৰিদৰ্শন কৰে ।

water-level-of-assam-river-rises
উত্তৰ অসমৰ নদী উপ নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে বৰষুণৰ বাবে
author img

By

Published : Jun 7, 2021, 11:09 PM IST

তেজপুৰ, ৭ জুন : অসমৰ জল সম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই সোমবাৰে শোণিতপুৰ জিলাৰ বিভিন্ন ভগ্নাৱশেষ আৰু নদীৰ বান্ধসমূহ পৰিদৰ্শন কৰে । তেজপুৰ জাহাজ ঘাটৰ পৰা নাৱেৰে ডিপোতা, তিনিখৰিয়া, গাভৰু, খেৰণি, ঝাৰণি, টেলিয়গাওঁ আৰু বৰচলা সমষ্টিৰ ভৰাশিঙৰী অঞ্চলত পৰিদৰ্শন কৰে । উল্লেখযোগ্য যে, অসমত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত বিভিন্ন নদী উপনদী সমূহৰ জলপৃষ্ঠ ব্যাপক ধৰণে বৃদ্ধি পাইছে শোণিতপুৰ আৰু বিশ্বনাথ জিলাত ।

উত্তৰ অসমৰ নদী উপ নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে বৰষুণৰ বাবে

জিলাখনৰ বিভিন্ন ঠাইত ইতিমধ্যে ব্ৰহ্মপুত্ৰ নদীৰ লগতে প্ৰধান উপনৈ সমূহে ক্ৰমাৎ বৃদ্ধি পোৱাৰ ফলস্বৰূপে নামনি অংশত অৱস্থিত লোকসকলৰ একপ্ৰকাৰ সংশয় হৈছে । অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত চিয়াং নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে, বিগত কেইবাদিনো ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত পাহাৰীয়া ৰাজ্যখনৰ পৰা নামনি অংশলৈ নদী সমূহত বৃদ্ধি পাইছে জলপৃষ্ঠ । ইতিমধ্যে গহপুৰ ৰাজহ চক্ৰৰ অধীনত সুলেঙী নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগতে গৰাখহনীয়াই ব্যাপক ৰূপ ধাৰণ কৰিছে ।

সোমবাৰে পুৱাৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ তেজপুৰ গণেশ ঘাটত বিপদ সীমাৰ 65.23 মি মি ৰ বিপৰীতে 63.৮২ মি মি ওপৰেৰে বৈ আছে ৷ প্ৰধান উপনদী জীয়া ভৰলী খলিহামাৰিত বিপদ সীমাৰ 73.50 মি মি ৰ বিপৰীতে 72.30 মি মি ত বৈ আছে আৰু ৰাষ্ট্ৰীয় ঘাই পথৰ বিপদ সীমা 77.00 মি মি ৰ পৰিৱৰ্তে 76.95 লৈ বৃদ্ধি পাইছে । শোণিতপুৰ জিলাৰ উপনদীসমূহৰ সমান্তৰালভাৱে বেলসীৰি, ডিপোতা, জীয়া গাভৰু নদীৰ জলপৃষ্ঠও ক্ৰমাৎ বৃদ্ধি পাইছে । শোণিতপুৰ জিলাৰ জল সম্পদ বিভাগৰ নদী সমূহৰ তথা অনুসৰি বিশ্বনাথ চাৰিআলিৰ বিশ্বনাথ ঘাটত ব্ৰহ্মপুত্ৰ নদীৰ বিপদ সীমাৰ 71.50 মি মি ৰ বিপৰীতে 65.93 মি মি লৈ বৈ আছে । গহপুৰৰ ব্ৰহ্মাজান, সুলেঙী, চতৰাং, চেঁচা নৈৰ জলপৃষ্ঠ সমান্তৰালভাৱে বৃদ্ধি পাইছে ।

আনহাতে কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগৰ আগজাননী মতে দক্ষিণ পশ্চিম মৌচুমী এইবাৰ আগতীয়াকৈ অহাৰ বাবে দক্ষিণ ভাৰতৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যতে ইয়াৰ প্ৰভাৱ পৰিছে । বতৰ বিজ্ঞান বিভাগৰ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বিমানবন্দৰ আঞ্চলিক বতৰ বিজ্ঞান বিভাগৰ অধ্যাপক ড৹ সঞ্জয় অ'নেল স্বয়ে জনায় যে বৰষুণৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আনহাতে অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা অঞ্চলত বিগত তিনিদিন ধৰি এই দক্ষিণ পশ্চিম মৌচুমী যথেষ্ট আগতীয়া হোৱাৰ কাৰণে বৰষুণৰ পৰিমাণ বৃদ্ধি পাইছে বুলি কয় । উল্লেখযোগ্য যে,সোমবাৰৰ দিনলৈকে শোণিতপুৰ জিলাত বৰষুণৰ পৰিমাণ আছিল 22.26 মিলি মি ৷

লগতে পঢ়ক :মৰাণৰ এটা ব্যতিক্ৰমী ক'ভিড কেয়াৰ কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.