ETV Bharat / state

শোণিতপুৰত দিব্যাংগৰ বাবে ভেকচিন প্ৰদানৰ ব্যৱস্থা - শোণিতপুৰৰ দিব্যাংগ

পোনপ্ৰথমবাৰৰ শোণিতপুৰ জিলাত দিব্যাংগসকলৰ বাবে ভেকচিন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ ৷ বৃহস্পতিবাৰৰ দিনটোত জিলাখনত 33 গৰাকী দিব্যাংগক প্ৰথম পালি ক’ভিশ্বীল্ড ভেকচিন দিয়া হয় ৷

vaccine provide for special handicapped
শোণিতপুৰত দিব্যাংগক ভেকচিন প্ৰদান
author img

By

Published : Jun 3, 2021, 11:05 PM IST

তেজপুৰ,3 জুন : কামৰূপ জিলাৰ পাচত বৃহস্পতিবাৰৰ পৰা শোণিতপুৰ জিলাত পোনপ্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে দিব্যাংগসকলৰ বাবে ভেকচিন প্ৰদান কাৰ্যসূচী ৷ জিলাখনৰ 18 বছৰৰ উৰ্ধৰ আৰু 45 বছৰৰ উৰ্ধৰ সকলো দিব্যাংগ লোকক ভেকচিন দিয়া হৈছে । লগতে শয্যাশয়ী দিব্যাংগসকলক তেওঁলোকৰ ঘৰলৈ গৈ ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হৈছে ।

বৃহস্পতিবাৰৰ দিনটোত শোণিতপুৰত 33 গৰাকী দিব্যাংগক ক’ভিশ্বীল্ডৰ প্ৰথমটো পালি দিয়া হয় । জিলাখনৰ 7 টা সংহত শিশু বিকাশ প্ৰকল্পৰ অধীনত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । পৰৱৰ্তী সময়ত জিলাখনৰ অন্য প্ৰান্ততো দিব্যাংগসকলৰ বাবে উপলব্ধ হ’ব এই সেৱা ।

শোণিতপুৰত দিব্যাংগক ভেকচিন প্ৰদান

উল্লেখ্য যে, তেজপুৰ চহৰৰ হেম বৰুৱা ভৱনত জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে মুকলি কৰা এই ভেকচিন প্ৰদান কাৰ্যসূচীত সদৌ অসম দিব্যাংগ সন্থাৰ সম্পাদক দ্বীপেন মালাকাৰ উপস্থিত থাকি এই ভেকচিন প্ৰদানৰ বাবে অসম চৰকাৰৰ শলাগ লয় । তেজপুৰ চহৰৰ পাচত পৰৱৰ্তী সময়ত বৰচলা সমষ্টিৰ ঠেলামৰাত এই ব্যৱস্থা গ্ৰহণ কৰিব জিলা প্ৰশাসনে ।

ইয়াৰোপৰি এখন বিশেষ ভেকচিন প্ৰদানৰ বাহনৰো ব্যৱস্থা কৰা হৈছে ৷ এই বাহনখনে ভেকচিন ল’বলৈ যাব নোৱাৰা দিব্যাংগসকলক ঘৰতে গৈ তেওঁলোকক ভেকচিন প্ৰদান কৰিব । আনহাতে জিলাখনত দ্বিতীয় পালি ভেকচিনৰ বাবে যে অসুবিধা হৈছে সেই কথা স্পষ্ট কৰি দিয়ে জিলা উপায়ুক্তই ।

লগতে পঢ়ক : নাৰ্চ : নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰি চিকিৎসা সেৱাত ব্ৰতী এইসকল ক’ভিড যোদ্ধা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.