ETV Bharat / state

ৰঙাপৰা মহাবিদ্যালয়ত কলেজ মাৰ্ট স্থাপন - ETV Bharat news

শোণিতপুৰ জিলাৰ ৰঙাপৰা মহাবিদ্যালয়ত এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই । ক'ভিড ১৯ ৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মহাবিদ্যালয় চৌহদত কলেজ মাৰ্ট নামেৰে এক বাণিজ্যিক প্ৰতিষ্ঠান স্থাপন কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই ।

unique-step-by-rangapara-college
ৰঙাপৰা মহাবিদ্যালয়ত 'কলেজ মাৰ্ট' নামৰ বাণিজ্যিক প্ৰতিষ্ঠান স্থাপন
author img

By

Published : Apr 24, 2021, 7:38 AM IST

ৰঙাপৰা,24 এপ্ৰিল: শোণিতপুৰ জিলাৰ ৰঙাপৰা মহাবিদ্যালয়ত এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই । যিকোনো মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰত কোনো ধৰণৰ শ্বপিং চেণ্টাৰ বা যিকোনো ব্যৱসায়ী প্ৰতিষ্ঠান আদি গঢ় উঠা সাধাৰণতে পৰিলক্ষিত নহয় । কিন্তু ক'ভিড ১৯ ৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰঙাপৰা মহাবিদ্যালয় কৰ্তৃপক্ষই মহাবিদ্যালয়ৰ চৌহদত শেহতীয়াকৈ কলেজ মাৰ্ট নামেৰে এক বাণিজ্যিক প্ৰতিষ্ঠান স্থাপন কৰিছে ।

উল্লেখ্য যে, বৰ্তমান সময়ত সমগ্ৰ ৰাজ্যখনতে কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৱে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । চহৰ বা নগৰত থকা ব্যৱসায় প্ৰতিষ্ঠানসমূহত ৰাইজক ভীৰ হ্ৰাস কৰিবলৈ চৰকাৰে আহ্বান জনাইছে । সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈকে দোকান-পোহাৰ বন্ধ কৰি কৰ’ণা সংক্ৰমণ প্ৰতিৰোধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে ।

ৰঙাপৰা মহাবিদ্যালয়ত কলেজ মাৰ্ট স্থাপন

তেনে সময়ত ৰঙাপৰা মহাবিদ্যালয়খনত থকা আৱাসিক ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-কৰ্মচাৰীসকলৰ সুবিধাৰ্থে মহাবিদ্যালয়ৰ চৌহদত কলেজ মাৰ্ট নামেৰে এখন ব্যৱসায়িক প্ৰতিষ্ঠান আৰম্ভ কৰে তেজপুৰৰ এজন ব্যৱসায়ীয়ে । যিহেতু মহাবিদ্যালয়খনৰ চৌপাশে কোনো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান নাই, সেয়েহে ৰঙাপৰা মহাবিদ্যালয়ৰ বিশেষকৈ আৱাসিক ছাত্ৰ-ছাত্ৰীসকলে বজাৰ-সমাৰ কৰাৰ ক্ষেত্ৰত উপকৃত হোৱাৰ আশা কৰিব পাৰি ।

লগতে পঢ়ক: ক'ভিডৰ ভয়াৱহ সংক্ৰমণ: তৎপৰ মন্ত্রী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.