ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি - ETV Bharat top news

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

ETV Bharat top news
3 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Apr 23, 2022, 3:03 PM IST

2024 ৰ ভিতৰত উত্তৰ-পূৱক দিল্লীৰ সৈতে ৰে’ল মানচিত্ৰত সংযোগৰ সম্ভাৱনা

অতি শীঘ্ৰে দিল্লীৰ সৈতে ৰে’ল মানচিত্ৰত সংযোগ হ’ব উত্তৰ-পূৱ ৷ 2024 চনৰ ভিতৰত উত্তৰ-পূৱক ৰাজধানী চহৰৰ সৈতে সংযোগ কৰিবলৈ যাৱতীয় প্ৰস্তুতি আৰম্ভ(NE region will be connected with Delhi through railways by 2024) কৰিছে ভাৰতীয় ৰে’ল বিভাগে ৷ ইতিমধ্যে 60 শতাংশ কাম সম্পূৰ্ণ হৈছে ৷ বাকী কামসমূহো অচিৰে সম্পূৰ্ণ হ’ব বুলি সদৰি কৰে কেন্দ্ৰীয় ৰে’ল, কয়লা আৰু খনি(ৰাজ্যিক) মন্ত্ৰী ৰাওচাহেব দানভে ৷

নেপীয়াৰ ঘাঁহৰ থোৰ-কেঁচু সাৰ বিক্ৰীৰে চৰ্চাত বোকাখাতৰ এখন মহাবিদ্যালয়

আৰ্থিক দিশত ছাত্ৰ-ছাত্ৰীক স্বাৱলম্বন কৰাৰ উদ্দেশ্যে শিক্ষা প্ৰদান কৰা হৈছে ৰাজ্যৰ এখন মহাবিদ্যালয়খনত ৷ শেহতীয়াকৈ এক লাখ নেপীয়াৰ ঘাঁহৰ থোৰ আৰু এক কুইণ্টল কেঁচু সাৰ বিক্ৰী কৰি চৰ্চালৈ আহিছে বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয় ৷

গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

গুৱাহাটীত উপস্থিত হৈছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং(Minister Rajnath Singh in Guwahati with one day program) ৷ মন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ দুই পৃথক স্থানত অনুষ্ঠিত হোৱা বিশেষ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে মহানগৰীলৈ আহিছে ৷ দুয়োটা অনুষ্ঠানৰ পিছতে পুনৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে দিল্লী অভিমুখে উৰা মাৰিব ৷

যুক্তৰাষ্ট্ৰত অসমকন্যা প্ৰিয়ানাৰ আন এক সাফল্য

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে অসমকন্যা(Assamese girl shines internationally) । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ইউনিভাৰ্চিটি অৱ ফ্ল'ৰিডাই এশ শতাংশ স্ক'লাৰশ্বিপৰ সৈতে স্পৰ্টছ মেনেজমেন্ট বিষয়ক পি এইচ ডি পাঠক্ৰমৰ বাবে বাচনি কৰা হৈছে সুদক্ষ টেনিচ খেলুৱৈ অসমকন্যা প্ৰিয়ানা কলিতাক ।

তেজপুৰৰ চক বজাৰত পুনৰ অগ্নিকাণ্ড: মিছন চাৰিআলিত জ্বলি উঠিল i20 বাহন

তেজপুৰত শনিবাৰে পুৱতি নিশা দুটাকৈ পৃথক স্থানত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা(Massive fire break out at Tezpur) । এফালে তেজপুৰ চক বজাৰত ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিকাণ্ড(Massive Fire at chowk bazaar in Tezpur) সংঘটিত হোৱাৰ বিপৰীতে তেজপুৰ মিছন চাৰিআলিত ৩৭ ৰাষ্ট্ৰীয় ঘাইপথ(ক)ত অগ্নিদগ্ধ হয় এখন i20 বাহন ।

Karmashree Awards 2022 : কলিয়াবৰৰ প্ৰাক্তন মহকুমাধিপতি বিতোপন নেওগলৈ কৰ্মশ্ৰী বঁটা

কলিয়াবৰৰ প্ৰাক্তন মহকুমাধিপতি তথা বৰ্তমান শিৱসাগৰৰ অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগক কৰ্মশ্ৰী বঁটা(Karmashree Awards to ACS Officer Bitopan Neog) প্ৰদান ৷ এই বঁটা প্ৰদান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Dr Himanta Biswa Sarma) ই ৷ প্ৰাকৃতিক, ঐতিহাসিক আৰু সাংস্কৃতিক সমলৰে ভৰপুৰ কলিয়াবৰক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিল কলিয়াবৰৰ প্ৰাক্তন মহকুমাধিপতি নেওগে ৷

নৱোদয় বিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত বিসংগতিৰ অভিযোগ

নলবাৰীৰ নৱোদয় বিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা সন্দৰ্ভত বিসংগতি(Discrepancy in entrance examination of Navodaya Vidyalaya) ৰ অভিযোগ ৷ দিশহাৰা অভিভাৱক তথা ছাত্ৰ-ছাত্ৰী ৷ বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অসমীয়া ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰি ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ ৷

Police encounter in Nagaon : আৰক্ষীৰ গুলীত আহত কুখ্যাত ড্ৰাগছ মাফিয়া

শুকুৰবাৰৰ নিশা গৰজি উঠিল নগাঁও আৰক্ষীৰ বন্দুক(Police encounter in Nagaon) ৷ জুৰীয়াত সংঘটিত আৰক্ষীৰ গুলীচালনাত আহত(Drugs mafia injured in police encounter) এটা ড্ৰাগছ মাফিয়া ৷ সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে আহত ড্ৰাগছ মাফিয়াটো ৷ আনহাতে, মাফিয়াটোৰ আক্ৰমণত আহত হৈছে এগৰাকী আৰক্ষী জোৱান ৷

প্ৰৱেশ দ্বাৰ নিৰ্মাণক লৈ উত্তপ্ত আমছিঙৰ যোৰাবাট

আমছিং যোৰাবাটৰ মূল পথত ভাৰতীয় সেনা বাহিনীয়ে নিৰ্মাণ কৰিবলৈ লৈছে এখন প্ৰৱেশ দ্বাৰ ৷ স্থানীয় ৰাইজৰ বিৰুদ্ধে গৈ সেনা বাহিনীয়ে নিৰ্মাণ কৰা এই কাৰ্যৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে অঞ্চলটোৰ শ শ ৰাইজ ৷ ফলত অঞ্চলটোত সৃষ্টি হৈছে এক উত্তেজনাময় পৰিস্থিতি (Tens situation at Amsing Jorabat) ৷

নলবাৰীত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ স্কুটীসহ যুৱকৰ মৃতদেহ

নলবাৰী অঘটন ৷ পুৱাই নলবাৰীৰ গণেশ মন্দিৰৰ সমীপত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ (Dead body recovered in Nalbari)। মৃতদেহটোৰ কাষতে উদ্ধাৰ হৈছে এখন স্কুটী ৷ স্কুটীখনৰ নম্বৰ হৈছে AS১৫ L৬৬৬৭ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.