ETV Bharat / state

আজি ভোমোৰাগুৰিত পৰ্যটকৰ বাবে মুকলি হ’ব ৰিভাৰ টুৰিজিম - jeep safari

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে অহা পৰ্যটকৰ বাবে ১১ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ভোমোৰাগুৰিৰ পৰা নদী পৰ্যটন । ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ এই নতুন পৰিকল্পনাত তিনিটাকৈ নতুন খণ্ড সংযুক্ত কৰা হৈছে ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শনৰ বাবে অহা পৰ্যটকৰ বাবে ।

Today forest minister will inaugurate river tourism at bhumuraguri
আজি ভোমোৰাগুৰিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্য্যটকৰ বাবে মুকলি কৰা হ’ব ৰিভাৰ টুৰিজিম
author img

By

Published : Nov 11, 2020, 2:07 AM IST

Updated : Nov 11, 2020, 9:03 AM IST

তেজপুৰ,১১ নৱেম্বৰঃ ভোমোৰাগুৰি,বান্দৰডুবি আৰু চিৰাঙক ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ পৰ্যটকৰ বাবে সামৰি এটা নতুন পৰিকল্পনাৰে তিনিটাকৈ খণ্ডৰ সংযোজন ঘটোৱা হৈছে । এই নতুন সংযোজনৰ অংশ হিচাপে ভোমোৰাগুৰিত অসমৰ বন মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই আজি আনুষ্ঠানিক ভাৱে মুকলি কৰিব তেজপুৰৰ ভোমোৰাগুৰি দলঙৰ তলত ব্ৰহ্মপুত্ৰৰ বুকুত ৰিভাৰ ট্যুৰিজিম ।

Today forest minister will inaugurate river tourism at bhumuraguri
আজি ভোমোৰাগুৰিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্য্যটকৰ বাবে মুকলি কৰা হ’ব ৰিভাৰ টুৰিজিম

পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শনৰ বাবে অহা পৰ্যটকে এক মাত্ৰ উদ্যানৰ ভিতৰভাগ আৰু সংলগ্ন এলেকা সমূহ পৰিদৰ্শন কৰিব পাৰিছিল ৷ এতিয়াৰ পৰা পৰ্যটকে উদ্যানৰ ভিতৰত আৰু সংলগ্ন এলেকাৰ বাহিৰেও অতিৰিক্ত তিনিটা খণ্ডত ভ্ৰমণ কৰিব পাৰিব । এই ভ্ৰমণৰ সময়ত থাকিব,ভোমোৰাগুৰিৰ পৰা জীয়া ভৰলী লৈকে ৰাফটিং,বান্দৰ ডুবিত জীপ চাফাৰী আৰু চিৰাঙত ট্ৰেকিঙৰ ব্যৱস্থা ।

ইয়াৰ পূৰ্বে ৰাফটিঙৰ বাবে পৰ্যটকে জীয়া ভৰলী আৰু কামেং নদীৰ মাজতে সীমাবদ্ধ আছিল ৷ কিন্তু এই নতুন সংযোজনে ভোমোৰাগুৰিৰ জীয়া ভৰলী আৰু ব্ৰহ্মপুত্ৰৰ সংগম স্থলীৰ পৰা নামেৰী ৰাষ্ট্ৰীয় উদ্যানলৈকে সামৰি ল’ব ৷ ফলত এই নতুন সংযোজনে পৰ্যটকৰ বাবে এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰিব পাৰি ।

উল্লেখযোগ্য যে, যোৱা ছেপ্টেম্বৰ মাহৰ ৩ তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে পুনৰ মুকলিৰ শিতানত এটা নতুন পৰিকল্পনাৰে তিনিটা খণ্ডৰ সংযোজনৰ কথা উল্লেখ কৰা হৈছিল । ৩ ছেপ্টেম্বৰ পৰাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্র প্ৰকল্পক সামৰি অসম চৰকাৰে তিনিটা নতুন সংযোজনৰ এই খবৰ প্ৰচাৰ কৰা পৰিলক্ষিত হৈছিল ।

৭ম, ৮ম আৰু ৯ম সংযোজনত নগাঁও আৰু শোণিতপুৰ জিলাৰ কেবাটাও অংশক সামৰি লোৱা হৈছে । এই তিনিটা খণ্ডৰ সংযোজনৰ মুঠ এলেকা হৈছে এনেধৰণৰ: ৭ম সংযোজনত ১৭৬ হেক্টৰ দেউচৰা পালখোৱা, সংশ্লিষ্ট ৰিজাৰ্ভ ফৰেষ্ট, নগাঁও ,৮ম সংযোজনত ৩০৭ হেক্টৰ বান্দৰডুবি, নগাঁও আৰু ৯ম সংযোজনত মৌ খোৱা চাপৰি, শোণিতপুৰৰ মুঠ ২৫৭০ হেক্টৰ ভূমি ৷ এই তথ্য সদৰি কৰিছে বন বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াই ৷

উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৪৩০ বৰ্গ কিলোমিটাৰ সামৰি ৬ষ্ঠ সংযোজনত শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশটো সংযোজিত হৈ আছে । কিন্তু নতুনকৈ সংযোজিত এই তিনিটা সংযোজন বেদখলকাৰীৰ গৰাহত আছিল আৰু বৰ্তমান সম্পূৰ্ণৰূপে বেদখল মুক্ত কৰি ইয়াক ৰাজ্য চৰকাৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্ত কৰে ।

লগতে পঢ়কঃপঞ্চম বাৰৰ বাবে আইপিএলৰ খিতাপ অৰ্জন কৰিলে মুম্বাই ইণ্ডিয়ানছে

Last Updated : Nov 11, 2020, 9:03 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.