ETV Bharat / state

তেজপুৰত টিংখাঙৰ যুৱকৰ ৰহস্যজনক মৃত্যু - Jamugurihaat

তেজপুৰত টিংখাঙৰ যুৱকৰ ৰহস্যজনক ভাৱে মৃত্যু, অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য । পৰিয়ালৰ অভিযোগ হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা দুৰ্বৃত্তৰ ৷

তেজপুৰত টিংখাঙৰ যুৱকৰ ৰহস্যজনক মৃত্যু
author img

By

Published : Aug 10, 2019, 7:49 PM IST

টিংখাং, 10 আগষ্টঃ তেজপুৰৰ চাহ বাগানত কৰ্মৰত টিংখাঙৰ উদীয়মান যুৱকৰ ৰহস্যজনক মৃত্যুত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে তেজপুৰৰ লগতে যুৱকজনৰ গৃহ টিংখাঙত ৷ টিংখাঙৰ শালমাৰী গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ শৰ্মাৰ একমাত্ৰ পুত্ৰ সন্তান হেমন্তই বুকুত ৰঙীন সপোন লৈ কৰ্ম-সংস্থাপনৰ তাগিদাত ঢাপলি মেলিছিল তেজপুৰলৈ । তেজপুৰ জামুগুৰিহাটৰ বগাবিলস্থিত নাহৰবাৰী চাহ ফেক্টৰীৰ সহকাৰী পৰিচালক হিচাপে প্ৰায় এবছৰ পূৰ্বে নিয়োজিত হৈছিল মেধাসম্পন্ন যুৱক হেমন্ত শৰ্মা । পিছে নিয়তিৰ নিষ্ঠুৰ পৰিহাস, এদিন ৰঙীন সপোন লৈ ঘৰৰ পৰা ওলাই যোৱা সদা-সতেজ হেমন্ত এবছৰৰ পাছত ঘূৰি আহিল নিস্তেজ-নিথৰ প্ৰাণহীন নশ্বৰ দেহ হৈ । অপ্ৰত্যাশিত ভাৱে যোৱা 5 আগষ্টৰ নিশা ফেক্টৰীৰ আৱাসিক এলেকাৰ কোঠাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় হেমন্ত শৰ্মাৰ মৃতদেহ। উল্লেখযোগ্য যে উক্ত দিনালৈকে ঘৰৰ মানুহৰ সৈতে স্বাভাৱিকভাৱে ম'বাইলত বাৰ্তালাপ কৰা হেমন্তই 5 আগষ্টৰ দিনা নিয়াৰিকৈ নিজৰ ফেক্টৰীৰ দায়িত্বও সমাপন কৰিছিল ৷ তেনে এজন যুৱকৰ আত্মহত্যাৰ বাতৰিয়ে কৰ্মস্থলীৰ লগতে জন্মস্থান টিংখাঙতো গভীৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।আনহাতে হেমন্তৰ মৃত্যুৰ খবৰ পাই চতিয়াস্থিত বায়েক-ভিনিহিয়েকে তাৎক্ষণিক ভাৱে ঘটনাস্থলীত উপস্থিত হৈ হেমন্তৰ মৃতদেহৰ তলত তেজৰ চেকুৰা আৰু ভৰি দুখন মাটিত স্পৰ্শ কৰি থকা প্ৰত্যক্ষ কৰে। যাৰবাবে এতিয়া হেমন্তক পৰিকল্পিত ভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে হেমন্তৰ পৰিয়াল তথা গাঁওবাসীয়ে । হেমন্তৰ ৰহস্যময় মৃত্যুৰ এক উচিত তদন্ত দাবী কৰি হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ বাবে টিংখাং আৰক্ষী থানাত পৰিয়াল তথা স্থানীয় ৰাইজে এজেহাৰ দাখিল কৰিছে ৷ ঘৰৰ একমাত্ৰ ল'ৰাজনৰ অকাল মৃত্যুত শোকাকুল পৰিয়ালটোত এতিয়া মাথো কান্দোনৰ ৰোল ৷ হেমন্তৰ মৃত্যু হত্যা নে আত্মহত্যা সেইয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পাছত উচিত তদন্তইহে পোহৰলৈ আনিব যদিও প্ৰচুৰ সম্ভাবনাময় যুৱকজনৰ অকাল মৃত্যুয়ে পৰিয়ালৰ লগতে সমগ্ৰ টিংখাং অঞ্চলতে গভীৰ শোকৰ ছাঁ পেলাইছে।

Intro:।। তেজপুৰত টিংখাঙৰ যুৱকৰ ৰহস্যজনক ভাৱে মৃত্যু , অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য ।।

Body:টি‌ংখাং - ১০ আগষ্ট : শোকত ভাগি পৰা এটা পৰিয়াল। শোকাকোল পৰিয়ালটোত এতিয়া মাথোঁ কান্দোনৰ ৰোল। কাৰণ সকলোৰে বুকু উদং কৰি গুচি গ'ল ঘৰখনৰ একমাত্ৰ পুত্ৰ সন্তান কাহানিও ঘূৰি নহা বাটেৰে।
এই দৃশ্য টিংখাঙৰ। টিংখাঙৰ শালমাৰী গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ শৰ্মাৰ ঘৰৰ পৰিবেশ এইয়া। দিনচেৰেক পূৰ্বে শৰ্মাৰ একমাত্ৰ পুত্ৰ সন্তান হেমন্তই বুকুত ৰঙীন সপোন লৈ কৰ্ম-সংস্থাপনৰ তাগিদাত ঢাপলি মেলিছিল তেজপুৰলৈ। তেজপুৰ জামুগুৰিহাটৰ বগাবিলস্থিত নাহৰবাৰী চাহ ফেক্টৰীৰ সহকাৰী পৰিচালক হিচাপে প্ৰায় এবছৰ পূৰ্বে নিয়োজিত হৈছিল মেধাসম্পন্ন যুৱক হেমন্ত শৰ্মা। পিচে নিয়তিৰ পৰিহাস , এদিন ৰঙীন সপোন লৈ ওলাই যোৱা সদা-সতেজ হেমন্ত ঘূৰি আহিল নিস্তেজ-নিথৰ হৈ।
অপ্ৰত্যাশিত ভাৱে যোৱা ৫ আগষ্টৰ নিশা ফেক্টৰীৰ আবাসিক এলেকাৰ কোঠাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় হেমন্ত শৰ্মাৰ মৃতদেহ। উল্লেখযোগ্য যে উক্ত দিনালৈকে ঘৰৰ মানুহৰ সৈতে স্বাভাৱিক ভাৱে ম'বাইলত বাৰ্তালাপ কৰা হেমন্তই ৫ আগষ্টৰ দিনা নিয়াৰিকৈ নিজৰ ফেক্টৰীৰ দায়িত্বও সমাপন কৰিছিল। আৰু তেনে এজন যুৱকৰ আত্মহত্যাৰ বাতৰিয়ে কৰ্মস্থলীৰ লগতে জন্মস্থান টিংখাঙতো গভীৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Conclusion:আনহাতে হেমন্তৰ মৃত্যুৰ খবৰ পাই চতিয়াস্থিত বায়েক-ভিনিহিয়েকে তাৎক্ষণিক ভাৱে ঘটনাস্থলিত উপস্থিত হৈ হেমন্তৰ মৃতদেহৰ তলত তেজৰ চেকুৰা আৰু ভৰি দুখন মাটিত স্পৰ্শ কৰি থকা প্ৰত্যক্ষ কৰে। যাৰবাবে এতিয়া হেমন্তক পৰিকল্পিত ভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে হেমন্তৰ পৰিয়াল তথা গাঁওবাসীয়ে।
শুকুৰবাৰে প্ৰদীপ শৰ্মাৰ বাসগৃহত স্থানীয় ৰাইজ আৰু শোকসন্তপ্ত পৰিয়ালৰ মাজত এই বিষয়ে এক আলোচনা অনুষ্ঠিত হয়। আলোচনা মৰ্মে হেমন্তৰ ৰহস্যময় মৃত্যুৰ এক উচিত তদন্ত দাবী কৰি হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ বাবে টিংখাং আৰক্ষী থানাত পৰিয়াল তথা স্থানীয় ৰাইজে এখন এজেহাৰ দাখিল কৰে।

Byte-(1)- পিতৃ।
Byte-(2)- বায়েক।

হেমন্তৰ মৃত্যু হত্যা নে আত্মহত্যা সেইয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পাছত উচিত তদন্তইহে পোহৰলৈ আনিব যদিও প্ৰচুৰ সম্ভাবনাময় যুৱকজনৰ অকাল মৃত্যুয়ে পৰিয়ালৰ লগতে সমগ্ৰ টিংখা‌ং অঞ্চলতে গভীৰ শোকৰ ছা পেলাইছে।

টিংখাঙৰ পৰা দীপক গগৈ,ই টিভি ভাৰত,অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.