ETV Bharat / state

জীয়া ভৰলীৰ খহনীয়াই ভেটি উছন কৰিছে ৰঙাপৰাবাসীৰ - গৰাখহনীয়া প্ৰতিৰোধী আঁচনি

ৰঙাপৰাত অব্যাহত আছে খহনীয়া ৷ বালিপৰা উন্নয়ন খণ্ডৰ ৰাজগড়ত জীয়া ভৰলী নৈয়ে খহাইছে বহু লোকৰ ভেটি ৷ বিগত বছৰ বাৰিষাৰ পিছৰে পৰা জীয়া ভৰালীৰ কালৰূপত গৃহহীন হৈছে শতাধিক পৰিয়াল ৷ নৈখনৰ বুকুত জাহ গৈছে কৃষি ভূমি ৷ 1944 চনত স্থাপিত 30 নং ভৰলী চাপৰি প্ৰাথমিক বিদ্যালয়ৰ ভূমি এতিয়া বিলীন নৈৰ বুকুত ৷ সঘনে ঠিকনা সলনি কৰিবলগীয়া হৈছে গাঁৱবাসীয়ে ৷

ৰঙাপৰাত অব্যাহত আছে জীয়া ভৰলীৰ খহনীয়া
ৰঙাপৰাত অব্যাহত আছে জীয়া ভৰলীৰ খহনীয়া
author img

By

Published : Apr 4, 2021, 1:08 PM IST

ৰঙাপৰা,4 এপ্ৰিল: ৰঙাপৰাৰ বালিপৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰাজগড়ত অব্যাহত আছে জীয়া ভৰলী নৈৰ বিধ্বংসী খহনীয়া ৷ খৰস্ৰোতা নৈ খনৰ খহনীয়াই ক্ৰমাৎ কালৰূপ ধাৰণ কৰিছে ৰাজগড়ত ৷ গাঁৱখনৰ পৰা প্ৰায় 5-6 কিল’মিটাৰ আঁতৰেৰে বৈ যোৱা নৈ খনৰ খহনীয়াৰ ফলতেই বেৰাজান-ৰাজগড়-শিঙিতলী সংযোগী পথচোৱাৰ নিচেই কাষ চাপি আহিছে নৈখন ৷ যোৱা বাৰিষাৰ পাচৰে পৰা জীয়া ভৰলীৰ কালৰূপত গৃহহীন হৈ পৰিছে শ শ পৰিয়াল ৷ নৈখনৰ বুকুত জাহ গৈছে 1944 চনত স্থাপিত 30 নং ভৰলী চাপৰি প্ৰাথমিক বিদ্যালয়ৰ ভূমি তথা শ্ৰেণীকোঠা ৷ সঘনাই ঠাই সলনি কৰি থকা গাঁৱবাসীয়ে ক'লৈ যাব, কি খাব, ক'ত থাকিব তাৰ যেন একো উৱাদিহে পোৱা নাই ৷ চৰকাৰে বান-খহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এই অৱস্থাৰ সন্মুখীন হৈছে বুলি অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে ৷

নৈৰ বুকুত সৰ্বত্ৰ হেৰুৱাই মুকলি আকাশৰ তলত নৈশ যাপন কৰা গঞাৰ অভিযোগ, খহনীয়া প্ৰতিৰোধী আঁচনিসমূহৰ অধিকাংশই ৰূপায়ণ কৰা হয় একাংশ ঠিকাদাৰৰ স্বাৰ্থত ৷ বিগত বছৰত জলসম্পদ বিভাগে 3 কোটি 38 হাজাৰ টকা ব্যয় সাপেক্ষে 200 মিটাৰ দৈৰ্ঘৰ গাইড বান্ধ নিৰ্মাণ কৰিছে, যদিও সমগ্ৰ অঞ্চলটোৰ বাবে সেয়া যথেষ্ট নহয় ৷ 40-45 বছৰে খহনীয়াই কালৰূপ ধাৰণ কৰি অহা নৈ খনৰ বুকুত বৰ্তমানলৈ 25 খনৰো অধিক গাঁও বিলীন হ'ল ৷

ৰঙাপৰাত অব্যাহত আছে জীয়া ভৰলীৰ খহনীয়া

দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া বহু কৃষক ভূমিহীন হ'ল ৷ তাৰ পাচতো বিভাগীয় কৰ্তৃপক্ষই বিযয়টো সন্দৰ্ভত গুৰুত্ব প্ৰদান নকৰাত এলাগী হৈ ৰৈছে গাঁৱখন ৷ বিগত সময়চোৱাত ৰঙাপৰা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা কেইবাগৰাকীও বিধায়ক অসম চৰকাৰৰ গড়কাপ্তানী, উপাধ্যক্ষ, শ্ৰম-ৰাজহ বিভাগৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব কাৰ্য নিৰ্বাহ কৰাৰ পাছতো ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পৰা ব্ৰহ্মপুত্ৰৰ মোহনালৈ অব্যাহত থকা খহনীয়া প্ৰতিৰোধৰ কোনো বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে ৷

লগতে পঢ়ক: কৃষি খণ্ডলৈ আশাৰ বতৰা কঢ়িয়াইছে মেৰাপানীৰ এজন কৃষকে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.