ETV Bharat / state

লাডাখৰ ভাৰত-চীনৰ কামাণ্ডাৰ পৰ্যায়ৰ অষ্টমলানি বৈঠক সমাপ্ত

author img

By

Published : Nov 8, 2020, 11:53 AM IST

ভাৰতীয় সেনা বাহিনীৰ আৰু চীনৰ পিএলএৰ লগত 6 নৱেম্বৰত ভাৰত-চীন সীমান্তৰ ছুছুলত অষ্টমলানি বৈঠক সম্পন্ন ৷ দুয়োখন দেশ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা ৷

The 8th Indo-Chinese Commander-in-Chief Lani Meeting in Ladakh concludes
লাডাখৰ ভাৰত-চীনৰ কামণ্ডাৰ পৰ্যায়ৰ 8 তম লানি বৈঠক সমাপ্ত

তেজপুৰ, 8 নৱেম্বৰ : ভাৰতীয় সেনা বাহিনীৰ আৰু চীনৰ পি এল এৰ লগত 6 নৱেম্বৰত ভাৰত-চীন সীমান্তৰ ছুছুলত অষ্টমলানি বৈঠক সম্পন্ন হয় বুলি জানিব দিয়ে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফ. কৰ্ণেল পি খোনচাই । দুয়োখন দেশৰ বৃহৎ সামৰিক বাহিনীৰ জ্যেষ্ঠ কামাণ্ডাৰ পৰ্যায়ৰ বৈঠকত শান্তি-শৃংখলা আৰু প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ ভাৰত-চীনৰ পশ্চিম এলেকাত মুখামুখী নোহোৱাকৈ থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

উক্ত বৈঠকৰ অন্তত দুয়োখন দেশৰ সৈন্যই গঠনমূলক পৰামৰ্শ তথা পাৰস্পৰিক সহযোগিতা আগবঢ়োৱাৰ সিদ্ধান্তত উপনীত হয় ৷ বৈঠকত দুয়োখন দেশৰ সৈন্যই ৰাজনৈতিক আৰু সেনাৰ বাৰ্তালাপৰ সিদ্ধান্ত মানি চলাৰ বাবে মান্তি হয় বুলিও জানিব দিয়ে । যুটীয়াভাৱে সীমাৰ নীতি-নিয়ম অনুসৰি কাম কৰি যাবলৈ সন্মতি প্ৰদান কৰে বুলি জনায় । আনহাতে, চীনা সৈন্যৰ নেতৃত্বত পুনৰ আন এক বৈঠক অতি সোনকালেই আয়োজন কৰাৰ সন্মতি দিছে দুয়োখন দেশৰ কৰ্তৃপক্ষই ৷

উল্লেখযোগ্য যে, বিগত সময়ছোৱাত সেনাৰ উচ্চস্তৰৰ কেইবালানিও বৈঠক অনুষ্ঠিত হয় যদিও সীমান্তৰ পৰা সেনা বাহিনীৰ প্ৰত্যাহাৰ কৰা হোৱা নাছিল । আনহাতে, লাডাখ পাহাৰীয়া অঞ্চলত দুয়োখন দেশৰ সেনাই যুঁজাৰু বিমান চলাচল কৰিছিল আৰু তাৰ পিচতে অৰুণাচল প্ৰদেশৰ সীমান্তত সেনাৰ মোতায়ন আৰু সঞ্চালন বৃদ্ধি কৰা পৰিলক্ষিত হৈছিল ।

লগতে পঢ়ক : ৯ নৱেম্বৰত অৰ্ণৱ গোস্বামীৰ ন্যায়িক জিম্মা সন্দৰ্ভত গ্ৰহণ কৰা হ'ব শুনানি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.