ETV Bharat / state

Pradip Choudhury died: বিশিষ্ট ক্ৰীড়াবিদ প্ৰদীপ চৌধুৰীৰ দেহাৱসান

'৭০ৰ দশকৰ তেজপুৰৰ অগ্ৰণী ক্ৰিকেট খেলুৱৈ, বিশিষ্ট ক্ৰীড়া সংগঠক, খেলুৱৈ নিৰ্বাচক প্ৰদীপ চৌধুৰীৰ দেহাৱসান (reknown sports personality of Tezpur Pradip Choudhury died) । তেজপুৰ তথা শোণিতপুৰৰ ক্ৰীড়া জগতৰ পুৰোধা ব্যক্তিগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে তেজপুৰ তথা সমগ্ৰ শোণিতপুৰ জিলাতে ।

author img

By

Published : Jan 28, 2023, 8:07 PM IST

tezpurs sports personality Pradip Choudhury died
বিশিষ্ট ক্ৰীড়াবিদ প্ৰদীপ চৌধুৰীৰ দেহাৱসান

তেজপুৰ,২৮ জানুৱাৰী: তেজপুৰ তথা অসমৰ উত্তৰপাৰৰ এসময়ৰ অগ্ৰণী ক্ৰিকেট খেলুৱৈ, বিশিষ্ট ক্ৰীড়া সংগঠক, সৰবৰহী সমাজকৰ্মী, তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ আজীৱন সদস্য প্ৰদীপ চৌধুৰীৰ শনিবাৰে পুৱা প্ৰায় ১০.৩০ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে (tezpurs sports personality Pradip Choudhury died) । বিশিষ্ট ব্যক্তিগৰাকীৰ মৃত্যুত তেজপুৰৰ লগতে সমগ্ৰ শোণিতপুৰ জিলাতে শোকৰ ছাঁ পৰিছে ।

১৯৫৮ চনৰ ১৯ অক্টোবৰত তেজপুৰৰ নেপালীপট্টিত জন্মগ্ৰহণ কৰা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ প্ৰদীপ চৌধুৰী কেইবা মাহ ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন আছিল (reknown sports personality of tezpur Pradip Choudhury died) । চিকিৎসাধীন অৱস্থাতে শনিবাৰে চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ । ক্ৰিকেট খেলত তেজপুৰ দলৰ পৰা জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰি '৭০ৰ দশকতে পাৰদৰ্শিতাৰ পৰিচয় দি তেজপুৰলৈ সুনাম কঢ়িয়াই অনা প্ৰদীপ চৌধুৰী তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সৈতে জড়িত হৈ পৰৱৰ্তী সময়ত তেজপুৰ ক্ৰিকেট সন্থাৰ (Tezpur cricket association) জৰিয়তে বহু প্ৰতিভাৰ জন্ম দিয়াত অহোপুৰুষাৰ্থ কৰিছিল ।

বৰ্তমান সময়লৈকে ক্ৰিকেট খেলুৱৈ নিৰ্বাচক সমিতিৰ সৈতে জড়িত হৈ থকা চৌধুৰীয়ে তিনিবাৰকৈ ৰাজ্যিক ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । প্ৰদীপ চৌধুৰীয়ে তেজপুৰত ১৯৮৫ চনৰে পৰা আয়োজন কৰা বিশ্বজিৎ বৰা সোঁৱৰণি ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰাত মুখ্য ভূমিকা পালন কৰিছিল । লগতে তেওঁ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটাও চলিত বৰ্ষলৈকে প্ৰতি বছৰে নিজে প্ৰদান কৰি আহিছিল ।

পূব শোণিতপুৰ ক্ৰীড়া সন্থাৰো আজীৱন সদস্য চৌধুৰীয়ে তেজপুৰৰ পাঁচমাইল অঞ্চলতো বিশ্বজিৎ বৰা সোঁৱৰণি ক্ৰিকেট খেল অনুষ্ঠিত কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল । পশ্চিম তেজপুৰ ৰঙালী বিহু সন্মিলন আৰু জয়মতী সংঘৰ আজীৱন সদস্য চৌধুৰী তেজপুৰৰ যিকোনো ক্ৰীড়াৰ সৈতেও পিছলৈ ঘনিষ্ঠভাৱে জড়িত হৈ আছিল ।

তেজপুৰৰ প্ৰাক্তন বিধায়ক তথা তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি ৰাজেন বৰঠাকুৰৰ সৈতে অতি আত্মিক সম্পৰ্ক বজাই ৰাখি তেজপুৰৰ ক্ৰীড়া ক্ষেত্ৰৰ বিকাশ আৰু উত্তৰণৰ অৰ্থে অহোপুৰুষাৰ্থ কৰি যোৱা প্ৰদীপ চৌধুৰীৰ পৰলোকপ্ৰাপ্তিত তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি জিতেন বৰঠাকুৰ, উপ-সভাপতি মৃদুল কুমাৰ শৰ্মা, তেজপুৰ জিলা ক্ৰিকেট সন্থাৰ উপ-সভাপতি সুৰজিত বৰা, তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি ইস্কে আলম, তেজপুৰ জিলা ক্ৰিকেট সন্থাৰ ঈশান বৰা, জয়মতী সংঘৰ সম্পাদক নৰেন শইকীয়া আদিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে । মৃত্যুৰ সময়ত পত্নীৰ লগতে একমাত্ৰ পুত্ৰ সন্তানক এৰি যোৱা চৌধুৰীৰ নশ্বৰ দেহ গুৱাহাটীৰ পৰা আহি পোৱাৰ পিছতেই অসংখ্যজনে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।

লগতে পঢ়ক: Amiyo Bhuyan Controversy : ইজনৰ পাছত সিজনক দুৰ্ব্যৱহাৰ বিধায়ক অমিয় ভূঞাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.