ETV Bharat / sports

অইল ইণ্ডিয়া এফ চি দুলীয়াজানলৈ চক্ৰধৰ ডেকা সোঁৱৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীৰ সন্মান

Chakradhar Deka memorial Football tournament: দ্বাদশ চক্ৰধৰ ডেকা সোঁৱৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ সামৰণি । নলবাৰী জিলাত মুকালমুৱাত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা ৷

author img

By ETV Bharat Sports Team

Published : 2 hours ago

FOOTBALL TOURNAMENT IN NALBARI
মুকালমুৱাত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা (ETV Bharat Assam)

স্প’ৰ্টছ ডেস্ক, 7 অক্টোবৰ: লোকে লোকাৰণ্য নলবাৰী জিলাৰ মুকালমুৱাৰ দেশভক্ত ময়দান । কিয়নো ইয়াতে দেওবাৰে নিশা অনুষ্ঠিত হৈছিল দ্বাদশ চক্ৰধৰ ডেকা সোঁৱৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ ফাইনেল মেচ ৷ মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ দ্বাৰা পৰিচালিত এই প্ৰতিযোগিতাত চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰে অইল ইণ্ডিয়া এফ চি দুলীয়াজানে ৷

প্ৰতিযোগিতাখনৰ ফাইনেল মেচখন অনুষ্ঠিত হৈছিল দিল্লী এফ চি আৰু অইল ইণ্ডিয়া এফ চি দুলীয়াজানৰ মাজত ৷ ৰোমাঞ্চকৰ এই ফাইনেল মেচখন নিৰ্ধাৰিত সময়ত গ’ল শূন্যভাৱে সমাপ্ত হয় । অৱশ্যে ট্ৰাইবেকাৰ পদ্ধতিৰে 5-3 গ’লৰ ব্যৱধানত অইল ইণ্ডিয়া এফ চি দুলীয়াজানে জয়লাভ কৰি প্ৰতিযোগিতাৰ চূড়ান্ত খিতাপ অৰ্জন কৰে ।

অইল ইণ্ডিয়া এফ চি দুলীয়াজান চেম্পিয়ন (ETV Bharat Assam)

প্ৰতিযোগিতাখনত প্ৰথম পুৰস্কাৰ হিচাপে অইল ইণ্ডিয়া এফ চি দুলীয়াজানে তিনি লাখ টকা লাভ কৰাৰ বিপৰীতে ৰাণাৰ্চ আপৰ সন্মান অৰ্জন কৰা দিল্লী এফ চি দলে লাভ কৰে আঢ়ৈ লাখ টকা । ফাইনেল মেচখনত উপস্থিত থাকি সাংসদ ফণীভূষণ চৌধুৰীয়ে প্ৰতিযোগিতাখনৰ আয়োজক মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ উচ্চ প্ৰশংসা কৰে । সাংসদগৰাকীৰ লগতে GMDA ৰ অধ্যক্ষ নাৰায়ণ ডেকাকে ধৰি বহুকেইজন বিশিষ্ট লোকে উপভোগ কৰে এই ফাইনেল মেচখন ৷

সাংসদ ফণীভূষণ চৌধুৰীয়ে এই প্ৰতিযোগিতাৰ সন্দৰ্ভত কয়, "মুকালমুৱা চহৰ নহয়, এখন গাওঁহে । গ্ৰামাঞ্চলত ইমান ডাঙৰ খেল অনুষ্ঠিত কৰাটো সহজ নহয় । মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত খেলখনে এই গাওঁ অঞ্চলৰ পৰাই আগন্তুক দিনত ভাল ভাল খেলুৱৈ জন্ম দিব বুলি বিশ্বাসী" ।

আনহাতে, GMDA ৰ অধ্য়ক্ষ নাৰায়ণ ডেকায়ো বিগত 20 দিন ধৰি চলি থকা এই প্ৰতিযোগিতাত সহযোগ কৰা মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ পৰা আৰম্ভ কৰি সংবাদ জগতলৈ জড়িত প্ৰতিগৰাকী ব্যক্তিক ধন্যবাদ আৰু কৃতজ্ঞতা জনায় ৷

লগতে পঢ়ক: প্ৰতিপক্ষৰ উইকেট দখলত পাকৈত জাহিৰ খান কেনেদৰে ব’ল্ড হৈছিল সাগৰিকাৰ প্ৰেমত - HAPPY BIRTHDAY ZAHEER KHAN

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.