ETV Bharat / state

মহানগৰীত চীনৰ গ্লাছৰ হোটেল, ৬৫ ফুট উচ্চতাৰ শ্ৰীকৃষ্ণৰ মূৰ্তি - EXCEPTIONAL DURGA PUJA PANDAL

Durga Puja in Guwahati: মহানগৰীত দুৰ্গোৎসৱৰ উছাহ ৷ আটকধুনীয়া মণ্ডপবোৰত পৰিছে অন্তিম পৰশ ।

Guwahati Durga Puja preparation
মহানগৰীত চীনৰ গ্লাছৰ হোটেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 7, 2024, 5:43 PM IST

গুৱাহাটী, ৭ অক্টোবৰ : দুৰ্গা পূজালৈ মাজত আছে মাত্ৰ দুদিন । বিগত কেইবাদিন ধৰি বতৰে বিধি-পথালি দিলেও সকলোৱে সাজু হৈছে মহিষ মৰ্দিনীক আদৰিবলৈ । সমান্তৰালভাৱে উদ্য়োক্তাসকলে সাজু কৰিছে পূজা মণ্ডপসমূহ । এই মণ্ডপসমূহত কোনে কিমান চমক দিব পাৰে সেই লৈ ইতিমধ্য়ে সকলোৰে মাজত চলিছে অঘোষিত প্ৰতিযোগিতা । ইতিমধ্যে দুৰ্গা পূজা আয়োজনৰ বাবে ৰাজ্য়ৰ আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত নিৰ্মিত আটক ধুনীয়া মণ্ডপবোৰত পৰিছে অন্তিম পৰশ ।

মহানগৰীৰ দুৰ্গা পূজা বুলিলেই প্ৰতিবছৰেই পাণ্ডু আৰু মালিগাঁৱৰ দেৱীৰ মূৰ্তিৰ পৰা আৰম্ভ কৰি মণ্ডপলৈ নতুন নতুন ব্যতিক্ৰমী চিন্তাৰ ছবি এখন ফুটি উঠে । দুয়োখন পূজা কমিটীৰেই পূজা মণ্ডপ নিৰ্মাণক লৈ চলে এক অঘোষিত প্ৰতিযোগিতা । এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা‌ নাই । ৫০ খনৰো‌ অধিক দুৰ্গা পূজা অনুষ্ঠিত হোৱা পাণ্ডু আৰু মালিগাঁৱ অঞ্চলত পাণ্ডু নিউ ক'লনীৰ আজাদ হিন্দ ক্লাব আৰু পাণ্ডু নিউ ক'লনী জয় হিন্দ ক্লাবে সদায় ব্যতিক্ৰমী দুৰ্গা পূজা মণ্ডপ তৈয়াৰ‌ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে ।

মহানগৰীত চীনৰ গ্লাছৰ হোটেল (ETV Bharat Assam)

এইবাৰ চীনৰ গ্লাছৰ হোটেল

চীনৰ গ্লাছৰ গ্ৰেণ্ড লিছবৌ হোটেলৰ আৰ্হিৰ পূজা মণ্ডপ নিৰ্মাণ কৰিছে পাণ্ডু নিউ ক'লনীৰ আজাদ হিন্দ ক্লাবে । এই হোটেলখনৰ আৰ্হিৰ পূজা মণ্ডপৰে চমক সৃষ্টিৰ প্ৰয়াস কৰিছে । এই সন্দৰ্ভত আজাদ হিন্দ ক্লাব কমিটীৰ সম্পাদক বিশ্বজিৎ পালে কয়," চীনত গ্ৰেণ্ড লিছবৌ নামৰ গ্লাছৰ সু-উচ্চ হোটেল‌ আছে । গুৱাহাটীত প্ৰথম এনেধৰণৰ সু-উচ্চ গ্লাছৰ হোটেল‌ৰ আৰ্হিৰ মণ্ডপ নিৰ্মাণ কৰা হৈছে । ৩০ লাখ টকা এই মণ্ডপ নিৰ্মাণত ব্যয় কৰা হৈছে । প্ৰতিমা কলকাতাৰ শিল্পীয়ে নিৰ্মাণ কৰিছে । এক‌ বিশেষ ধৰণৰ গ্লাছেৰে এই মণ্ডপটো নিৰ্মাণ কৰা হৈছে । লাইটিং যথেষ্ট‌ আকৰ্ষণীয় কৰা হ'ব ।" এই‌বাৰ আজাদ হিন্দ ক্লাব কমিটীৰ পূজাখন ৭২ সংখ্যক বুলি তেওঁ কয় ।

৬৫ ফুট উচ্চতাৰ শ্ৰীকৃষ্ণৰ মূৰ্তি

ইপিনে, প্ৰতিবছৰে নতুন নতুন বিষয় লৈ দুৰ্গা পূজাৰ মণ্ডপ নিৰ্মাণ কৰি চমক সৃষ্টি কৰি অহা পাণ্ডু নিউ ক'লনী জয় হিন্দ ক্লাবে এইবাৰো ৬৫ ফুট উচ্চতাৰ শ্ৰীকৃষ্ণৰ মূৰ্তি নিৰ্মাণ কৰিছে । এই সন্দৰ্ভত পাণ্ডু নিউ ক'লনী জয় হিন্দ ক্লাবৰ উপ-সভাপতি ৰাজা দে'ই কয়," ভাৰতৰ ভিতৰত এইটো মূৰ্তিটো সু-উচ্চ । প্ৰাকৃতিক ৰস ব্যৱহাৰ কৰি শিল্পী উপেন পালৰ নেতৃত্বত স্থানীয় শিল্পীৰ দ্বাৰা এই মূৰ্তিটো নিৰ্মাণ কৰা হৈছে । দুই এজন বাহিৰৰ শিল্পী আছে যদিও স্থানীয় শিল্পীক বেছি গুৰুত্ব দিয়া হৈছে । বাজেট ১৫ লাখ টকাৰ ।‌ বাজেট বাঢ়িব পাৰে । কৃষ্ণৰ মূৰ্তিটো নিৰ্মাণত ৬ লাখ টকা ব্য়য় কৰা হৈছে ।"

লগতে পঢ়ক:বৰষুণে মাতিছে বিপদ; হিটাৰেৰে প্ৰতিমা শুকুওৱাৰ চেষ্টা মৃৎশিল্পীৰ - DURGA PUJA 2024

ৰুদ্ৰসিংহই কাক পৰাজিত কৰি বুঢ়ী গোঁসানী দেৱালয় স্থাপন কৰিছিল ? - Burhi Gosani Devalaya in Jorhat

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.