ETV Bharat / technology

জনপ্ৰিয় কমেডিয়ান কুনাল কামৰাৰ বিৰুদ্ধে গৰজি উঠিল অ’লাৰ শীৰ্ষ কাৰ্যবাহী বিষয়া

Ola electric vehicle: ছ’চিয়েল মিডিয়াত অ’লাৰ চিইঅ’ ভবিষ আগৰৱাল আৰু কমেডিয়ান কুনাল কামৰাৰ মাজত তৰ্কযুদ্ধ । ইয়াৰ কাৰণ কি জানো আহক..

author img

By ETV Bharat Tech Team

Published : 3 hours ago

Etv Bharat
জনপ্ৰিয় কমেডিয়ান কুনাল কামৰাৰ বিৰুদ্ধে গৰজি উঠিল অ’লাৰ শীৰ্ষ কাৰ্যবাহী বিষয়া (X And ​​Ola)

নিউজ ডেস্ক, 7 অক্টোবৰ: পুনৰ চৰ্চাত জনপ্ৰিয় কমেডিয়ান কুনাল কামৰা । কুনাল কামৰা আৰু ওলা ইলেক্ট্ৰিকৰ শীৰ্ষ কাৰ্যবাহী বিষয়া ভৱিষ আগৰৱালৰ মাজত X যোগে তীব্ৰ কথাৰ কটা কটি হোৱা পৰিলক্ষিত হয় । ভবিষ আগৰৱালাই কুনাল কামৰাক ফ্লপ কমেডিয়ান বুলি অভিহিত কৰিছে । এই সন্দৰ্ভত বাকযুদ্ধ চলি থকাৰ সময়ত কুনালে আগৰৱালক ‘ইল’ন মাস্ক’ বুলিও আক্ৰমণ কৰে । অৱশ্যে তেওঁলোকৰ এই তৰ্ক যুদ্ধ কি কাৰণে হৈছিল ? জানো আহক...

বেয়া চাৰ্ভিচিঙৰ বাবে বিতৰ্ক: কুনালে Ola electric scooters ৰ দুৰ্বল চাৰ্ভিচিং নেটৱৰ্কক লৈ প্ৰশ্ন উত্থাপন কৰিছিল । তেওঁ X যোগে প্ৰশ্ন উত্থাপন কৰিছিল যে ভাৰতৰ মানুহে এনেদৰে ইলেক্ট্ৰিক ভেহিকল ব্যৱহাৰ কৰিব নেকি ?

কুনালৰ এই পোষ্টটোৰ প্ৰতি সঁহাৰি আগবঢ়াই বহু গ্ৰাহকে মন্তব্য কৰি কয় যে কিছুদিনৰ পৰা ওলা ইলেক্ট্ৰিক স্কুটাৰে বেয়া চাৰ্ভিচ দি আছে । যোৱা ছেপ্টেম্বৰ মাহত ওলা ইলেক্ট্ৰিক স্কুটাৰৰ বিক্ৰী হ্ৰাস পোৱাৰ আঁৰৰ অন্যতম কাৰণ এইটোৱেই বুলিও তেওঁলোকে উল্লেখ কৰিছে । বিষয়টো সন্দৰ্ভত ছ’চিয়েল মিডিয়াত অব্যাহত আছে নাগৰিকৰ প্ৰতিক্ৰিয়াৰ ।

Ola শ্বেয়াৰৰ অৱনতি: ছ’চিয়েল মিডিয়াত কৰা পোষ্টৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে আগৰৱাল । বহু লোকে তেওঁৰ এই পোষ্টটোক সমালোচনা কৰিছে । গ্ৰাহকৰ অভিযোগৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে তথা কামৰাই উত্থাপন কৰা সমস্যাসমূহ সমাধান হোৱা উচিত বুলি বহুতে মন্তব্য কৰিছে । লগতে কিছুমান ব্যৱহাৰকাৰীয়ে আগৰৱালাৰ মতামত অপ্ৰাসংগিক বুলি কৈছে ।

এই বিতৰ্ক অব্যাহত থকাৰ মাজতে সোমবাৰে দুচকীয়া ইলেক্ট্ৰিক বাহন (ইভি) নিৰ্মাতা কোম্পানী অলা ইলেক্ট্ৰিক মবিলিটিৰ শ্বেয়াৰ 8 শতাংশ হ্ৰাস পায় । আগষ্ট মাহত বজাৰত আত্মপ্ৰকাশ কৰাৰ পিছৰে পৰা কোম্পানীটোৱে প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে । কেৱল যোৱা এমাহত কোম্পানীটোৰ চাহিদা 20 শতাংশতকৈও অধিক হ্ৰাস পাইছে ।

লগতে পঢ়ক: গুগল মেপ এৰি ইন-হাউছ নেভিগেশ্বন ব্যৱহাৰ অ’লাৰ - ola google maps

বাহনৰ ক্ৰয় ব্যয়ৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হৈছে ভাড়া; ক’ত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.