ETV Bharat / sports

সামাজিক মাধ্যত ভাইৰেল হাৰ্দিক পাণ্ডিয়াৰ ন’ লুক শ্বট

Hardik Pandya No Look Shot: সামাজিক মাধ্যমত ভাইৰেল ভাৰত-বাংলাদেশৰ প্ৰথমখন টি-20 ৰ এটা বিশেষ দৃশ্য ৷ য’ত দেখা গৈছিল অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াক ৷

author img

By ETV Bharat Sports Team

Published : 3 hours ago

IND VS BAN T20 SERIES
হাৰ্দিক পাণ্ডিয়া (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 7 অক্টোবৰ: বাংলাদেশৰ বিৰুদ্ধে টি-20 শৃংখলাত সুন্দৰ আৰম্ভণি কৰিছে ভাৰতে ৷ দেওবাৰে প্ৰথমখন টি-20 ত ভাৰতে 7 উইকেটত বিজয়ী হৈছিল । দলটোৱে 11.5 অভাৰত বাংলাদেশে নিৰ্ধাৰণ কৰি দিয়া 128 ৰাণৰ লক্ষ্যত উপনীত হৈছিল ৷

এই খেলখনৰ মুখ্য আকৰ্ষণ আছিল তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ বেটিং । হাৰ্দিকে 16 টা বলত 39 ৰাণ সংগ্ৰহ কৰিছিল । তাৰকা বেটছমেনগৰাকীৰ এই ইনিংছত আছিল 5 টা চাৰি আৰু দুটা ছয় ৷ পিছে সামাজিক মাধ্যমত সম্প্ৰতি ভাইৰেল হৈ পৰিছে হাৰ্দিকৰ এটা বিশেষ শ্বট ৷

হাৰ্দিক পাণ্ডিয়াই খেলিলে 'ন’ লুক শ্বট'

দৰাচলতে দ্বাদশ অভাৰত টাস্কিন আহমেদে দিয়া বলটো হাৰ্দিকে কোবাই বাউণ্ডেৰীলৈ নিছিল ৷ কিন্তু এই ঘটনা যিধৰণে ঘটিছিল, তাক কেন্দ্ৰ কৰি হতবাক হৈ পৰিছিল ষ্টেডিয়ামত উপস্থিত থকা ক্ৰিকেট অনুৰাগীসকল ৷

সেই নিৰ্দিষ্ট অভাৰটোত ক্ৰিজত বৰ্তি থকা হাৰ্দিকে বলটো কোবোৱাৰ পিছত এবাৰলৈও পিছলৈ ঘূৰি চোৱা নাছিল ৷ নিজৰ বেটিং শৈলী সন্দৰ্ভত আত্মবিশ্বাসী আছিল ক্ৰিকেটাৰগৰাকী । পৰৱৰ্তী সময়ত সামাজিক মাধ্যমত অনুৰাগীসকলে এই শ্বটটো পাণ্ডিয়াৰ 'ন’ লুক শ্বট' বুলি অভিহিত কৰি ট্ৰেণ্ড কৰি তোলে ৷ একেটা অভাৰতে পাণ্ডিয়াই পৰৱৰ্তী দুটা বলত চাৰি আৰু ছয় কোবাই 11.5 অভাৰত খেলখন সমাপ্ত কৰে ।

টীম ইণ্ডিয়াৰ অ’পেনাৰ অভিষেক শৰ্মা(16) আৰু সঞ্জু চেমছনে(29) ৰাণ সংগ্ৰহ কৰে । দলটোৰ হৈ অধিনায়ক সূৰ্যকুমাৰ যাদৱ(29) আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে(26) ৰাণ সংগ্ৰহ কৰে । প্ৰথমে বেটিং কৰা বাংলাদেশ 19.5 অভাৰত আটাইকেইটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 127 ৰাণ ৷ দলটোৰ হৈ মেহিদী হাছান(35) আৰু অধিনায়ক শান্তোৱে(27) ৰাণ সংগ্ৰহ কৰে ।

টীম ইণ্ডিয়াৰ বলাৰসকলৰ ভিতৰত অৰ্শদীপ সিং আৰু বৰুণ চক্ৰৱৰ্তীয়ে 3 টাকৈ উইকেট দখল কৰে ৷ বিপৰীতে হাৰ্দিক পাণ্ডিয়া, ময়ংক যাদৱ আৰু ৱাশ্বিংটন সুন্দৰে এটাকৈ উইকেট দখল কৰে ।

লগতে পঢ়ক: গোৱালিয়ৰত বাংলাদেশৰ বিৰুদ্ধে বলিং ধুমুহা সৃষ্টি কৰা বলাৰলৈ প্লেয়াৰ অৱ দ্য মেচৰ বঁটা - IND VS BAN T20 SERIES

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.