ETV Bharat / state

Tezpur University: প্ৰতিৰক্ষা মন্ত্ৰীক সাক্ষাৎ তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ - Defence Minister

উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক ভাল খবৰ ৷ অসমতো প্ৰতিৰক্ষা বিষয়ৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব ৷ শীঘ্ৰে তেজপুৰ বিশ্ববিদ্যালয়ত আৰম্ভ হ’ব ‘প্ৰতিৰক্ষা অধ্যয়ন’ বিষয়ৰ পাঠ্যক্ৰম ৷ বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিল আৰু ব’ৰ্ড অৱ মেনেজমেণ্টে সিদ্ধান্তত অনুমোদন ৷

Tezpur University
প্ৰতিৰক্ষা মন্ত্ৰীক সাক্ষাৎ তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ
author img

By

Published : Jun 25, 2023, 9:50 PM IST

তেজপুৰ,২৫ জুন : উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক ভাল খবৰ ৷ অসমতো প্ৰতিৰক্ষা বিষয়ৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীয়ে ৷ শীঘ্ৰে তেজপুৰ বিশ্ববিদ্যালয়ত আৰম্ভ হ’ব ‘প্ৰতিৰক্ষা অধ্যয়ন’ বিষয়ৰ পাঠ্যক্ৰম ৷ ভাৰতৰ অগ্ৰণী উচ্চ শিক্ষা প্ৰতিষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ে ‘প্ৰতিৰক্ষা অধ্যয়ন’ বিভাগ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে । বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিল আৰু ব’ৰ্ড অৱ মেনেজমেণ্টে ইতিমধ্যে এই সিদ্ধান্তত অনুমোদন জনাইছে ।

এই সন্দৰ্ভত তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে শেহতীয়াকৈ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি এই পদক্ষেপৰ বিষয়ে অৱগত কৰে । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে হোৱা বৈঠকৰ সময়ত অধ্যাপক সিঙে তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰতিৰক্ষা অধ্যয়ন বিভাগ আৰম্ভ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে ৷

কাৰণ তেজপুৰ ভূ-ৰাজনৈতিকভাৱে চীনৰ ওচৰতে অৱস্থিত আৰু ইয়াত ভাৰতীয় সেনাৰ IV Corps লগতে প্ৰতিৰক্ষা গৱেষণাগাৰো (Defence Research Laboratory) আছে ৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ এই পদক্ষেপক শলাগ লয় প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে ৷ মন্ত্ৰীগৰাকীয়ে প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ পৰা সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে অধ্যাপক শম্ভু নাথ সিঙক ।

প্ৰতিৰক্ষা অধ্যয়ন বিভাগে প্ৰতিৰক্ষা নীতি, প্ৰতিৰক্ষা অধ্যয়ন, সামৰিক ইতিহাস, সংঘাত অধ্যয়ন, চোৰাংচোৱা বিশ্লেষণ আৰু আনুষংগিক বিষয়সমূহৰ সৈতে জড়িত পাঠ্যক্ৰম আগবঢ়াব । বিভাগে প্ৰতিৰক্ষা বিশেষজ্ঞ আৰু নীতি নিৰ্ধাৰকসকলৰ সৈতে আলোচনা কৰি পাঠ্যক্ৰম তৈয়াৰ কৰিব বুলি জানিবলৈ দিছে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে ।

উল্লেখযোগ্য যে, তেজপুৰ বিশ্ববিদ্যালয়ে ইতিমধ্যে ভাৰতীয় সেনাৰ সৈতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি ভাৰতীয় সেনাৰ জোৱানক চীনা ভাষাৰ পাঠ্যক্ৰম আগবঢ়াই আছে ।

লগতে পঢ়ক:Ranoj Pegu Controversy: শিক্ষকক উদ্দেশ্যি কটু মন্তব্য শিক্ষামন্ত্ৰীৰ; ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.