ETV Bharat / state

কাশ্মীৰ উপত্যকালৈ অসমৰ পৰা 10 হাজাৰ জোৱান - আইন শৃংখলা

কাশ্মীৰত উগ্ৰপন্থীৰ কূটাঘাটৰ লগতে আইন শৃংখলাজনিত গতিবিধিৰ ওপৰত তীক্ষ্ন দৃষ্টি ৰখাৰ উদ্দেশ্য তেজপুৰৰ পৰা নিয়া হৈছে কেবাহাজাৰ জোৱানক

কাশ্মীৰ উপত্যকালৈ অসমৰ পৰা 10 হাজাৰ জোৱান
author img

By

Published : Aug 3, 2019, 3:03 PM IST

Updated : Aug 3, 2019, 5:28 PM IST

তেজপুৰ,৩ আগষ্ট: কেন্দ্ৰীয় চৰকাৰে তৎকালীন ভাৱে বাতিল কৰিছে অমৰ নাথ যাত্ৰা । ভক্ত সকলক ইতিমধ্যে ঘূৰাই অনাৰ চেষ্টা অব্যাহত ৰাখিছে । কিয়নো কাশ্মীৰৰ উপত্যকাত পাকিস্তানী সন্ত্ৰসবাদীৰ ভয়ানক কূটাঘাটৰ আশংকা কৰি এই পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় গৃহ বিভাগে । ইতিমধ্যে অমৰনাথৰ পথত লেণ্ডমাইনৰ সংস্থাপন কৰাৰ আশংকা কৰিছে ৷ উল্লেখ্য যে শুকুৰবাৰে সুৰক্ষা কৰ্মীয়ে অত্যাধুনিক M-24 Snipar মাৰণাস্ত্ৰ উদ্ধাৰ কৰিছে ।

এই সমগ্ৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলত থকা কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ (চিআৰপিএফ)ৰ বৃহৎ সংখ্যক কোম্পানী তৎকালীন ভাৱে কাশ্মীৰলৈ প্ৰেৰণ কৰিছে । কাশ্মীৰত উগ্ৰপন্থীৰ কূটাঘাটৰ লগতে আইন শৃংখলাজনিত গতিবিধিৰ ওপৰত তীক্ষ্ন দৃষ্টি ৰখাৰ উদ্দেশ্য এই ব্যৱস্থাৰ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে । অসমত কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ (চিআৰপিএফ)ৰ 20 ৰপৰা 30 হাজাৰ জোৱান বিভিন্ন আইন শৃংখলা জনিত সুৰক্ষাৰ বাবে নিয়োজিত আছিল,আৰু ইয়াৰ ভিতৰত 70-80 টা কোম্পানী ইতিমধ্যে অসমৰ পৰা লৈ যোৱা হৈছে অৰ্থাৎ প্ৰায় 9,450ৰ পৰা 10,800 জন চি আৰ পি এফৰ জোৱান কাশ্মীৰ ঘাটিত নিজৰ কৰ্তব্য চম্ভালি লৈছে ।

কাশ্মীৰ উপত্যকালৈ সেনা সঞ্চালন বৃদ্ধি

উল্লেখযোগ্য যে 1 টা কোম্পানীত 100ৰ পৰা 135 জন জোৱান সামৰি লোৱা হয় । আনহাতে তেজপুৰ চহৰৰ আইন শৃংখলাৰ বাবে এই মুহূৰ্তত 1 টা কোম্পানী ব্যৱহাৰ কৰা হৈছে সকলো সময়তে । আৰু সমগ্ৰ শোণিতপুৰ জিলাত 2 টা কোম্পানী নিয়োজিত হৈ আছে । ইয়াৰ লগতে অন্যান্য সুৰক্ষা বাহিনীৰ জোৱানও নিয়োজিত হৈ আছে তেজপুৰত ৷ আগন্তুক 15 আগষ্ট লৈকে কাশ্মীৰ ভয়াৱহ কূটাঘাতৰ আশংকাত কৰা হৈছে ৷

Intro:তেজপুৰ,৩ আগষ্ট: কেন্দ্ৰীয় চৰকাৰে তৎকালীন ভাবে বাতিল কৰিছে অমৰ নাথ যাত্ৰা ।ভক্ত সকলক ইতিমধ্যে ঘূৰাই অনাৰ চেষ্টা অব্যাহত ৰাখিছে । কিয়নো কাশ্মীৰৰ উপইতকাত পাকিস্তানী সন্ত্ৰসবাদী ভয়ানক কোটাঘাটৰ আশংকা কৰি এই পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় গৃহ বিভাগে । ইতিমধ্যে অমৰনাথৰ পথত লেণ্ডমাইনৰ ও আশংকা কৰিছে শুক্ৰবাৰে সুৰক্ষা কৰ্মীয়ে M-24 Snipar অত্যাধুনিক মাৰণাস্ত্ৰ উদ্ধাৰ কৰিছে।

Body:এই সমগ্ৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ত থকা কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ (চি আৰ পি এফ) ৰ বৃহৎ সংখ্যক কোম্পানী তৎকালীন ভাবে কাশ্মীৰ লৈ প্ৰেৰণ কৰিছে । কাশ্মীৰত উগ্ৰপন্থীৰ কোটাঘাটৰ লগতে বিভিন্ন আইন শৃংখলা জনিত গতিবিধি ৰ ওপৰত তীক্ষ্ণ দৃষ্টি নিক্ষেপ উদ্দেশ্য এই ব্যৱস্থাৰ কৰে বুলি এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে ।
অসমত কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ (চি আৰ পি এফ) ৰ 20 ৰ
পৰা 30 হাজাৰ জোৱান বিভিন্ন আইন শৃংখলা জনিত সুৰক্ষাৰ বাবে নিয়োজিত আছিল ,আৰু ইয়াৰ ভিতৰত 70 - 80 টা কোম্পানী ইতিমধ্যে অসমৰ পৰা লৈ যোৱা হৈছে অৰ্থাৎ প্ৰায় 9, 450 ৰ পৰা 10,800 জন চি আৰ পি অফ ৰ জোৱান কাশ্মীৰ ঘটিতত নিজৰ কৰ্তব্য চম্ভালি লৈছে ।
উল্লেখযোগ্য যে 1 টা কোম্পানীৰ 100 ৰ পৰা 135 জন জোৱান সামৰি লোৱা হয় । আনহাতে তেজপুৰ চহৰৰ আইন শৃংখলা ৰ বাবে এই মুহূৰ্তত 1 টা কোম্পানী ব্যৱহাৰ কৰা হৈছে সকলো সময়তে । আৰু সমগ্ৰ শোণিতপুৰ জিলাত 2 টা কোম্পানীৰ নিয়োজিত হৈ আছে । ইয়াৰ লগতে অন্যান্য সুৰক্ষা বাহিনীৰ জোৱান ও নিয়োজিত হৈ আছে বুলি এক বিশেষ সূত্ৰই জানিবলৈ দিয়ে ।

Conclusion:আগুণটোক 15 আগষ্ট লৈকে এক ভয়াবহ আশংকাত বৰ্তমান কাশ্মীৰ ।
Ending PTC ।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ।
৩/৮/১৯
Last Updated : Aug 3, 2019, 5:28 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.