তেজপুৰ,১১ মে’: ক’ভিডৰ দ্বিতীয় ঢৌত মঙলবাৰে শোণিতপুৰত এজন ব্যক্তিৰ মৃত্যু ঘটাৰ বিপৰীতে নতুনকৈ ১৯৪ জনৰ দেহত ক’ভিডৰ অৱস্থিতি পোৱা গৈছে ৷
উল্লেখযোগ্য যে, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা তেজপুৰৰ নিকটৱৰ্তী বান্দৰমাৰীৰ অতুল চন্দ্ৰ বৰা(৬৭) নামৰ লোকজনৰ মঙলবাৰে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৷ ইপিনে, জিলাখনৰ ৫৮ গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হোৱাৰ পিছত চিকিৎসা লাভ কৰি সুস্থ হৈ ঘৰলৈ উভতিছে ৷ বৰ্তমান জিলাখনত ১,২৬০ গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৷
লগতে পঢ়ক : চিৰাঙত ক’ভিড প্ৰতিষেধকৰ নাটনি