তেজপুৰ, ৫ছেপ্টেম্বৰ : শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলা শিক্ষা বিভাগ আৰু শিক্ষক সংগঠনসমূহৰ সহযোগত সোমবাৰে শোণিতপুৰ জিলা (Teachers day celebrated in Sonitpur) কেন্দ্ৰীয় ৬১ সংখ্যক শিক্ষক দিৱস পালন কৰা হয় । এই উপলক্ষে জিলাখনৰ ৩২ গৰাকী শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহ শতাব্দী ভৱনত অনুষ্ঠিত এই কেন্দ্ৰীয় শিক্ষক দিৱসত পুৱাই উদযাপন সমিতিয়ে তেজপুৰৰ দুগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক ক্ৰমে প্ৰণৱ মজুমদাৰ আৰু ঈশান নাথক বাসগৃহতে সম্বৰ্ধনা জ্ঞাপন কৰে । বিদ্যালয় সমূহৰ পৰিদৰ্শক প্ৰভাত দাসসহ উদযাপন সমিতিৰ বিষয়ববীয়াই দুয়োগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰে ।
![Teachers day celebrated in Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur02-5sept-pix-teachersday-pranabkumardas-7203907_05092022153835_0509f_1662372515_690.jpg)
ইয়াৰ পিছতেই ৩২ গৰাকীকৈ কৃতী শিক্ষাগুৰুক লৈ গায়ন-বায়নেৰে শোভাযাত্ৰা (Procession in Tezpur on Teachers day) কৰি মূল অনুষ্ঠানলৈ আদৰি অনা হয় । উদযাপন সমিতিৰ সভাপতি তথা শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ পিছত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ৬১ গছি বন্তি প্ৰজ্বলন কৰে । পিছত তেজপুৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ পত্ৰিকা সম্পাদক পংকজ বৰুৱাই আঁত ধৰা মূল অনুষ্ঠানটোত পৌৰহিত্য কৰে শোণিতপুৰৰ উপায়ুক্ত তথা উদযাপন সমিতিৰ সভাপতি দেৱ কুমাৰ মিশ্ৰই ।
![Teachers day celebrated in Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur02-5sept-pix-teachersday-pranabkumardas-7203907_05092022153835_0509f_1662372515_740.jpg)
উক্ত সভাতেই পংকজ বৰুৱা আৰু ভূপেন বৰদলৈ সম্পাদিত 'সম্বৰ্ধনা' শীৰ্ষক গ্ৰন্থখন উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই উন্মোচন কৰে । একেদৰে দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা অন্ন মহন্তৰ দুখন গ্ৰন্থ ক্ৰমে "আই অসমীলৈ গীতৰ শৰাই" আৰু "Mean While Some Where" উন্মোচন কৰে উপায়ুক্তৰ লগতে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা(MLA Prithviraj Rabha)আৰু শিক্ষাবিদ ড৹ ভুবনেশ্বৰ চহৰীয়াই ।
বিধায়ক পৃথ্বিৰাজ ৰাভাই বিশিষ্ট অতিথি ৰূপে ভাষণ প্ৰদান কৰা আৰু নিৰ্মল শইকীয়া সোঁৱৰণী আৰু অমলী মহন্ত সোঁৱৰণী মেধা বঁটা প্ৰদান কৰা অনুষ্ঠানটোত 'সৰ্বেপল্লী ৰাধাকৃষ্ণন আৰু শিক্ষা ব্যৱস্থা' শীৰ্ষক বিষয়ত নিৰ্দিষ্ট বক্তা ৰূপে ভাষণ প্ৰদান কৰে বিশিষ্ট শিক্ষাবিদ তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা সমূহৰ প্ৰাক্তন নিয়ন্ত্ৰক ড৹ ভুবনেশ্বৰ চহৰীয়াই ।