তেজপুৰ, 11 জুনঃ শোণিতপুৰ জিলাৰ তেজপুৰ ঘগৰা চাহ বাগিচাত ষ্টেট বেংকৰ এটা ATM কেন্দ্ৰ মুকলি কৰা হয় । ঘগৰা চাহ বাগিচাৰ কৰ্মৰত শ্ৰমিক সকলৰ সুবিধাৰ্থে শ্ৰমিক সন্থাৰ ফালৰ পৰা এটা ATM কেন্দ্ৰ বাগিচাখনত স্থাপন কৰিবৰ বাবে দাবী জনাই অহাৰ প্ৰতি সহাৰি জনায় ষ্টেট বেংকৰ কতৃপক্ষই ২০২০-২১ বৰ্ষৰ প্ৰথমটো ATM কেন্দ্ৰ বাগিচাখনত স্থাপন কৰি বৃহস্পতিবাৰে আনুষ্ঠানিকভাবে মুকলি কৰে ।
ATM কেন্দ্ৰটোৰ মুকলি অনুষ্ঠানটোত ষ্টেট বেঙ্কৰ উপ মহা প্ৰৱন্ধক উত্তম কুমাৰ হাজাৰে আৰু নাৰায়ন পালৰ লগতে বাগিচাখনৰ কৰ্তৃপক্ষ উপস্থিত থাকে । আগন্তুক সময়ত অন্য চাহবাগিচা সমুহতো এনদৰে ATM কেন্দ্ৰ স্থাপন কৰি যাব বুলি ষ্টেট বেঙ্কৰ উপ মহা প্ৰবন্ধকজনে জানিব দিয়ে ।
কেন্দ্ৰীয় বৃত্ত মন্ত্ৰীৰ নিৰ্দেশ অনুসৰি অসমৰ চাহ বাগিচাৰ লোকসকলৰ সুবিধাৰ্থে ধন সংগ্ৰহৰ বাবে প্ৰতিখন চাহ বাগিচাত এটাকৈ ATM স্থাপন কৰা কাম ইতিমধ্যে আৰম্ভ হৈছে ।