ETV Bharat / state

Basundhara Tea : জৈৱিক চাহ উৎপাদনেৰে বিশ্বজুৰি চৰ্চা বসুন্ধৰা চাহ উদ্যোগৰ - Various flavour tea of Basundhara

বসুন্ধৰা চাহ উদ্যোগত প্ৰস্তুত হোৱা চাহে বিশ্বত বিশেষ সমাদৰ লাভ কৰিছে (Basundhara Tea got popularity in World)। সম্পূৰ্ণ জৈৱিক প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা প্ৰতি কেজি চাহ হাজাৰ হাজাৰ টকাত বিক্ৰী হৈছে । জাৰ্মানী, ডুবাই, অ'মানলৈও প্ৰেৰণ কৰা হয় উদ্যোগটোৰ চাহ ।

Basundhara Tea
জৈৱিক চাহ উৎপাদনেৰে বিশ্বজুৰি চৰ্চিত বসুন্ধৰা চাহ উদ্যোগ
author img

By

Published : Feb 25, 2023, 1:54 PM IST

তেজপুৰ,২৫ ফেব্ৰুৱাৰী : শোণিতপুৰ জিলাৰ ঢেঁকীয়াজুলিৰ বসুন্ধৰা চাহ উদ্যোগে কৃষি ক্ষেত্ৰলৈ এক অনবদ্য অৱদান আগবঢ়াইছে । বসুন্ধৰা হৈছে সম্পূৰ্ণ অ'ৰ্গেনিক বা জৈৱিক চাহ উদ্যোগ (Bashundhara Organic Tea of Assam)। থলুৱা ভিত্তিত চাহ গছ ৰোপণ কৰি অনুজ সাহ নামৰ যুৱকজনে প্ৰথমে নিজৰ ২০ বিঘা মাটিত চাহ খেতি আৰম্ভ কৰি ২০১৪ চনত এই যাত্ৰা আৰম্ভ কৰে । অনুজে ২০১৫ চনত নিজাববীয়াকৈ চাহ উৎপাদন কৰিব পৰা ফেক্টৰী স্থাপন কৰি বৰ্তমান এই জৈৱিক চাহৰে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ।

Basundhara Tea
জৈৱিক চাহ উৎপাদনেৰে বিশ্বজুৰি চৰ্চিত বসুন্ধৰা চাহ উদ্যোগ

বৰ্তমান বসুন্ধৰা চাহ উদ্যোগত উৎপাদিত চাহ বিভিন্ন প্ৰকাৰৰ বিশেষকৈ গ্ৰীণ টি, অৰ্থডক্স চাহে প্ৰচুৰ চাহিদা লাভ কৰিবলৈ সক্ষম হৈছে । চাহৰ বিভিন্ন সোৱাদ সকলোৱে জানে । বৰ্তমান চাহৰ সোৱাদ আৰু ইয়াৰ বিভিন্ন প্ৰকাৰ সম্পৰ্কে বিশ্ববাসী পৰিচিত হৈছে (Basundhara Tea got popularity)।

বসুন্ধৰা চাহ উদ্যোগে বিশ্বৰ ভিতৰতে সৰ্ব প্ৰথমে তৈয়াৰ কৰিছিল "ব্লু টি" (Blue tea of Basundhara Tea company)। ২০১৭ চনত যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ অধীনত পৰীক্ষা কৰি এই চাহ প্ৰস্তুত কৰে বুলি চাহ উদ্যোগী অনুজ সাহে জনায় । এই ব্লু টি হৈছে অপৰাজিতাৰ ফ্লেভাৰেৰে তৈয়াৰ কৰা এবিধ চাহ, যি চাহ সেৱন কৰিলে শৰীৰ আৰু মস্তিষ্কৰ উপশম ঘটে । বিশেষকৈ নিশা এই চাহ আহাৰ গ্ৰহণ কৰাৰ পাছত সেৱন কৰিব লাগে ।

বৰ্তমান এই উদ্যোগে তৈয়াৰ কৰা গ্ৰীণ টিসমূহৰ ফ্লেভাৰসমূব হৈছে ৰ'জিলা টি (Rosila Tea), তুলসী টি (Tulsi Tea), জেছমিন টি (Jasmine Green), মছলা টি (Masala Tea), কেমোমাইল গ্ৰীণ (Chamomile Green), ব্লু টি (Blue Tea), ওলং টি (Oolong Tea), হোৱাইট টি (White Tea), ফালাপ টি (Falap Tea) আৰু শেহতীয়াকৈ গোল্ডেন টি (Golden Tea) অন্যতম (Various flavour tea of Basundhara)।

বসুন্ধৰাৰ গোল্ডেন চাহৰ দাম প্ৰতি কেজিত ৫০ হাজাৰ টকা আৰু হোৱাইট চাহ প্ৰতি কেজিত ২০ হাজাৰ টকা । বৰ্তমান জাৰ্মানীলৈ নিজাববীয়াকৈ ১০০-১৫০ কেজি চাহ প্ৰেৰণ কৰে অনুজে । ইয়াৰ উপৰিও ডুবাই আৰু অ'মানলৈও আন উদ্যোগৰ জৰিয়তে গ্ৰীণ টি প্ৰেৰণ কৰি আহিছে ।

প্ৰথমবাৰৰ বাবে গোল্ডেন টি তৈয়াৰ কৰি অনুজে কয় যে গোল্ডেন টি উৎপাদন বৰ কঠিন । ১ বিঘা মাটিত কৰা চাহ গছৰ পৰা মাত্ৰ ১ কেজি চাহ হে পোৱা যায় । প্ৰথমবাৰৰ বাবে মাত্ৰ ২৫০ গ্ৰাম গোল্ডেন চাহ উৎপাদন কৰি অনুজ যথেষ্ট সুখী হৈছে (Golden tea of Basundhara)। বৰ্তমান বসুন্ধৰা চাহ উদ্যোগত ৩৫ বিধ বিভিন্ন সোৱাদৰ চাহ উৎপাদন কৰা হয় ।

এই চাহ তেওঁলোকে হেণ্ড মেড আৰু হেণ্ড ৰোল পদ্ধতিৰে উৎপাদন কৰে । অনুজে কয় যে বৰ্তমান সময়ত চাহ উদ্যোগৰ বিশেষ জনপ্ৰিয়তা আছে । কিন্তু ৰাজ্যত বৰষুণৰ পৰিমাণ কম হোৱাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ।

লগতে পঢ়ক :Vulture death at Dhakuakhana: পুনৰ বিষক্ৰিয়া হৈ ঢকুৱাখনাত 6 টা দুষ্প্ৰাপ্য শগুনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.