ETV Bharat / state

ৰেড জ'ন হিচাপে ঘোষিত জিলাৰ তালিকাত দ্বিতীয় স্থানত শোণিতপুৰ

author img

By

Published : Jun 25, 2021, 2:32 PM IST

অনিয়ন্ত্ৰিতভাৱে ক'ভিড-১৯(Covid-19)ৰ সংক্ৰমণ ঘটিছে শোণিতপুৰ জিলাত । বৰ্তমান জিলাখনত আক্ৰান্তৰ হাৰ ৪.৩০ শতাংশ । সমগ্ৰ ৰাজ্যত মুঠ ২২০ টা হটস্প’ট চিনাক্ত কৰিছে স্বাস্থ্য বিভাগে ।

Sonitpur district declared as red zone by health department
আটাইতকৈ বেছি সংক্ৰমিত জিলাৰ তালিকাৰ দ্বিতীয় স্থানত শোণিতপুৰ

তেজপুৰ, ২৫ জুন: সান্ধ্য আইন, সজাগতা অভিযান এই সকলোবোৰ অসাৰ প্ৰতিপন্ন হৈছে ৰাজ্যৰ বহুকেইখন জিলাত । বাঢ়িয়েই আছে ক'ভিড-১৯ (Covid-19)ৰ আক্ৰান্তৰ সংখ্যা । শেহতীয়াকৈ সমগ্ৰ ৰাজ্যত মুঠ ২২০ টা হটস্পট চিনাক্ত কৰিছে স্বাস্থ্য বিভাগে । বিভাগটোৱে ৰেড জ'ন (Red Zone) হিচাপে চিহ্নিত কৰা জিলাৰ তালিকাত দ্বিতীয় স্থানত আছে শোণিতপুৰ জিলা ।

শোণিতপুৰত বৰ্তমান আক্ৰান্তৰ হাৰ ৪.৩০ শতাংশ । মৰিগাঁও জিলাৰ পিছতে আছে শোণিতপুৰ জিলা । বৃহস্পতিবাৰে জিলাখনত নতুনকৈ ২২২ জন লোক আক্ৰান্ত হৈছে আৰু ১৬৮ জন লোকৰ মৃত্যু হৈছে । চাহ বাগিচা এলেকাত তুলনামূলকভাৱে মহামাৰীৰ সংক্ৰমণ দৈনিক বৃদ্ধি পাইছে ।

বিশেষকৈ বালিপৰা, ঢেকীয়াজুলিত চাহ বাগিচা অঞ্চলত সংক্ৰমণ যথেষ্ট বেছি হোৱা পৰিলক্ষিত হ'ব । স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি বালিপৰাৰ আদাবাৰী চাহ বাগিচা, বামগাঁও আৰু বালিপৰা, ফুলবাৰী অঞ্চলত সংক্ৰমণ বৃদ্ধি পাইছে । আনহাতে, ৰাজ্য চৰকাৰৰ ‘মেগা ভেকচিন অভিযান’ৰ ক্ষেত্ৰত শোণিতপুৰ জিলা দ্বিতীয় স্থানত আছে ।

বৃহস্পতিবাৰে জিলাখনত ২৪ হাজাৰ লোকক প্ৰতিষেধক প্ৰদান কৰা হয় । চাহ বাগিচা অঞ্চলত মানুহ সজাগ নোহোৱা বাবে সংক্ৰমণ বৃদ্ধি পাইছে । অৱশ্যে বৰ্তমান ৰাজ্য চৰকাৰে স্বাস্থ্য বিভাগৰ সহযোগিতাত সজাগতামূলক গীত পৰিৱেশনকে ধৰি বিভিন্ন উপায়েৰে শ্ৰমিকসকলক প্ৰতিষেধক গ্ৰহণ কৰাৰ ক্ষেত্ৰত সজাগ কৰিবলৈ প্ৰয়াস কৰা পৰিলক্ষিত হৈছে । তথাপিও এই অঞ্চলসমূহত প্ৰতিষেধক গ্ৰহণ কৰা লোকৰ সংখ্যা তেনেই সীমিত ।

জিলাখনত বৰ্তমান ১২৬৫ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । কৰ'ণাৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ আৰম্ভ হোৱাৰে পৰা জিলাখনত আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছিল । প্ৰথম অৱস্থাত কামৰূপ মহানগৰ জিলাতকৈ আক্ৰান্তৰ সংখ্যা শোণিতপুৰত যথেষ্ট কম আছিল । কিন্তু পিছত কামৰূপ মহানগৰকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে যদিও শোণিতপুৰত হ্ৰাস পোৱা নাই সংক্ৰমণৰ হাৰ ।

লগতে পঢ়ক:ডিব্ৰুগড়ত জটিল আৰু আনুষংগিক ৰোগাক্ৰান্তক ক'ভিড প্ৰতিষেধক প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.