ETV Bharat / state

শোণিতপুৰৰ ক’ভিড কেয়াৰ চেণ্টাৰত ৰোগীৰ আত্মহত্যা

চাৰিদুৱাৰ থানাৰ অধীনৰ হাড়চূড়া চাহ বাগিচাৰ পুৰণি লাইনৰ নিবাসী দীপক গড়ক ৬ জুলাইত ক’ভিড কেয়াৰ চেণ্টাৰত ভৰ্তি কৰোৱা হৈছিল ৷ শুকুৰবাৰে বিয়লি চেণ্টাৰটোৰ থকা স্নানাগাৰত চীপ লৈ আত্মহত্যা কৰে দীপকে ।

author img

By

Published : Jul 10, 2021, 8:50 AM IST

শোণিতপুৰৰ ক’ভিড কেয়াৰ চেণ্টাৰত ক’ভিড ৰোগীৰ আত্মহত্যা

ৰঙাপৰা, 10 জুলাই : কৰ’ণা (Covid 19)ৰ সংক্ৰমণ ৰোধৰ বাবে শোণিতপুৰ (Sonitpur)জিলাক ৰাজ্য চৰকাৰে কণ্টেইনমেণ্ট জিলা (Containment Zone) হিচাপে ঘোষণা কৰাৰ সময়ত শুকুৰবাৰে এটা ক’ভিড কেয়াৰ চেণ্টাৰ (Covid Care Centre)ত সংঘটিত হয় এক অঘটন । শোণিতপুৰৰ সোণাবিলস্থিত চেণ্ট জেভিয়াৰ্ছ ক’ভিড কেয়াৰ চেণ্টাৰ (Covid Care Centre)ত এজন যুৱকে আত্মহত্যা কৰে । মৃত যুৱকজন চাৰিদুৱাৰ আৰক্ষী থানাৰ অধীনৰ হাড়চূড়া চাহ বাগিচাৰ পুৰণি লাইনৰ নিবাসী দীপক গড় (৩২) বুলি জানিব পৰা হৈছে ৷

দীপকক ৬ জুলাইত চেণ্টাৰটোত ভৰ্তি কৰোৱা হৈছিল । শুকুৰবাৰে বিয়লি ক’ভিড কেয়াৰ চেণ্টাৰ (Covid Care Centre)ত থকা স্নানাগাৰত চীপ লৈ আত্মহত্যা কৰে দীপকে । এই খবৰ লাভ কৰাৰ পাছতেই ক’ভিড কেয়াৰ চেণ্টাৰ (Covid Care Centre)ত আৰক্ষীৰ লগতে শোণিতপুৰ জিলাৰ স্বাস্থ্য বিভাগ (Health Department)ৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত বন্তি তালুকদাৰ উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।

এই ঘটনাক কেন্দ্ৰ কৰি হাৰচূড়া চাহ বাগিচাখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

তিনিটা সন্তানৰ পিতৃ দীপকে কি পৰিস্থিতিত আত্মহত্যাৰ পথ বাচি ল’বলগীয়া হ’ল বুলি স্থানীয় ৰাইজে প্ৰশ্ন উত্থাপন কৰি ঘটনাৰ উচিত তদন্তৰ দাবী কৰে । চাহ বাগিচাৰ লোকসকলে এই সন্দৰ্ভত স্থানীয় আশাকৰ্মীৰ ঘৰ ঘেৰাও কৰে ৷ অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয় ৷ ঘটনাস্থলীত উপস্থিত হয় শোণিতপুৰৰ জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাস (Sonitpur District Deputy Commissioner) ৷

লগতে পঢ়ক : বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰক পহু খেদা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.