ETV Bharat / state

Nepali Sahitya Sabha: খনামুখত নেপালী সাহিত্য সভাৰ শপত গ্ৰহণ অনুষ্ঠান

author img

By

Published : May 6, 2023, 8:57 PM IST

শোণিতপুৰ জিলা নেপালী সাহিত্য সভাৰ সমিতিৰ শপত গ্ৰহণ (Sonitpur District Nepali Sahitya Sabha)। এই অনুষ্ঠানত উপস্থিত থাকে ভূটানৰ বিশিষ্ট সাহিত্যিক ছত্ৰ পতি ফয়েল ।

Sonitpur District Nepali Sahitya Sabha
শোণিতপুৰ জিলা নেপালী সাহিত্য সভা
শোণিতপুৰ জিলা নেপালী সাহিত্য সভা

চতিয়া, ৬মে: অসম নেপালী সাহিত্য সভাৰ শোণিতপুৰ জিলা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান শনিবাৰে সম্পন্ন হয় (Assam Nepali Sahitya Sabha)। শোণিতপুৰ জিলাৰ অন্তৰ্গত খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত অসম নেপালী সাহিত্য সভাৰ শোণিতপুৰ জিলা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠিত হয় (Sonitpur district committee of Nepali Sahitya Sabha )।

দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত অসম নেপালী সাহিত্য সভাৰ শোণিতপুৰ জিলা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানত সাহিত্য সভাৰ পতাকা উত্তোলন কৰে অসম নেপালী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দিল্লী ৰাম খনালে । আনহাতে, এই অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ বিষ্ণু শাস্ত্ৰীয়ে (Khanamukh Higher Secondary School)। ইয়াৰ পিচত শোণিতপুৰ জিলা সাহিত্য সভাৰ নতুন সমিতিৰ দ্বায়িত্বভাৰ অৰ্পণ অনুষ্ঠান অনুষ্ঠিত হয় । এই অনুষ্ঠানত শপত বাক্য পাঠ সম্পন্ন কৰায় বিশিষ্ট সাহিত্যিক জ্ঞান বাহাদুৰ ছেত্ৰীয়ে ।

জিলা সাহিত্য সভাৰ এই অনুষ্ঠানত নেপালী সাহিত্যৰ গৱেষক হিচাবে উপস্থিত থাকে ভূটানৰ বিশিষ্ট সাহিত্যিক ছত্ৰ পতি ফয়েল ( Bhutan's eminent litterateur Chhatra Pati Foil),অসম নেপালী সাহিত্য সভাৰ কাৰ্যকৰী সভাপতি ড৹ চিন্তা মণি শৰ্মা (Acting President of Assam Nepali Sahitya Sabha) ,সাহিত্য সভাৰ কেন্দ্ৰীয় সম্পাদিকা নব প্ৰভা অধিকাৰী, কেন্দ্ৰীয় সদস্যা দক্ষিণা গজুৰেল প্ৰমুখ্য কৰি নেপালী সাহিত্য সভাৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে ।

উক্ত সভাত নেপালী সাহিত্যৰ বিভিন্ন বানান বিভ্ৰাট সন্দৰ্ভত কৰ্মশালাৰ আয়োজন কৰা হয় । এই সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই নেপালী সাহিত্যৰ গৱেষক বিশিষ্ট বুদ্ধিজীৱি ছত্ৰ পতি ফয়েলে । উল্লেখযোগ্য যে, আগন্তুক তিনি বৰ্ষৰ বাবে শোণিতপুৰ জিলা নেপালী সাহিত্য সভাৰ সভাপতি অনিল গৌতম আৰু সম্পাদক মহিম আচাৰ্যক দায়িত্ব অৰ্পণ কৰাৰ কথা উল্লেখ কৰা হয় । এই সভাখনত জামুগুৰিহাটৰ বিশিষ্ট যুৱ সাহিত্যিক তথা জ্যোতিষী ড৹ ঢুনডিৰাজ উপাধ্যায়ৰ ‘অসমত গোৰ্খা সকলৰ নাট্য চৰ্চা’ নামৰ এখন পূৰ্ণাংগ গ্ৰন্থ উন্মোচন কৰা হয় ।

লগতে পঢ়ক:Pabitra Margherita in Sivasagar: দেশৰ আইন-কানুন সকলোৰে বাবে সমান: পৱিত্ৰ মাৰ্ঘেৰিটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.