ETV Bharat / state

Assam municipal election: পৌৰ নিৰ্বাচনৰ বাবে সাজু শোণিতপুৰ জিলা প্ৰশাসন - শোণিতপুৰ জিলাৰ পৌৰ নিৰ্বাচন

পৌৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে সাজু হৈছে শোণিতপুৰ জিলা প্ৰশাসন (Sonitpur administration gear up before Municipal election) ৷ লগতে উথপ-থপ লাগিছে ৰাজনৈতিক দলসমূহৰ মাজতো ৷

sonitpur-administration-gear-up-before-municipal-election
পৌৰ নিৰ্বাচনৰ বাবে সাজু শোণিতপুৰ জিলা প্ৰশাসন
author img

By

Published : Feb 11, 2022, 10:37 PM IST

তেজপুৰ, 11 ফেব্ৰুৱাৰী : অসমৰ পৌৰ নিৰ্বাচনৰ (Assam Municipal Election 2022) দিন ঘোষণা কৰাৰ লগে লগে সাজু হৈছে ৰাজনৈতিক দলসমূহ ৷ লগতে সাজু হৈছে শোণিতপুৰ জিলা প্ৰশাসনো (Sonitpur administration gear up before Municipal election) ৷ শোণিতপুৰ জিলাত এইবাৰ 49 টা ৱাৰ্ডত অনুষ্ঠিত হ’ব পৌৰ নিৰ্বাচন । ইয়াৰ ভিতৰত তেজপুৰ পৌৰসভাৰ 19টা তেজপুৰৰ, 10 ঢেকীয়াজুলিৰ, 10 টা ৰঙাপাৰাৰ আৰু জামুগুৰিহাটৰ 10 ৱাৰ্ডৰ বাবে প্ৰাৰ্থী সকলে 15 ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব আৰু 17 তাৰিখে এই পত্ৰসমূহ পৰীক্ষা আৰু 20 তাৰিখে উঠাই লব পাৰিব ।

শুকুৰবাৰে অনুষ্ঠিত এক সংবাদমেলত শোণিতপুৰ জিলাৰ উপায়ুক্ত ভূপেছ চন্দ্ৰ দাসে কয় যে, জিলাখনৰ 105 টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ’ব ভোট দান প্ৰক্ৰিয়া আৰু এই পৌৰসভা নিৰ্বাচনৰ বাবে 126 টা ই ভি এম সাজু কৰি ৰখা হৈছে বুলি জানিব দিয়ে ৷ তেজপুৰ পৌৰ সভাৰ মুঠ ভোটাৰ 50,851 গৰাকী ইয়াৰ ভিতৰত 25,008 জন পুৰুষ আৰু 25,840 গৰাকী মহিলা ভোটাৰ, ঢেকীয়াজুলিত মুঠ 16,875 ভোটাৰৰ বিপৰীতে 8,433 গৰাকী পুৰুষ আৰু 8,442 গৰাকী মহিলা আছে ৷

পৌৰ নিৰ্বাচনৰ বাবে সাজু শোণিতপুৰ জিলা প্ৰশাসন

আনহাতে ৰঙাপাৰত 11,420 জন মুঠ ভোটাৰৰ বিপৰীতে 5879 গৰাকী পুৰুষ আৰু 5,541 গৰাকী মহিলা ভোটাৰ আছে ৷ ইয়াৰোপৰি জামুগুৰিহাটত মুঠ 6920 গৰাকী ভোটাৰৰ 3,497 গৰাকী পুৰুষৰ বিপৰীতে আছে 3423 গৰাকী মহিলা ভোটাৰ ৷

উল্লেখ্য যে, তেজপুৰত 19 টা ৱাৰ্ডৰ ভিতৰত 8, 9, 11, 12, 13, 16, 17 আৰু 18 নং ৱাৰ্ড মহিলাৰ বাবে সংৰক্ষিত ৷ ইফালে অনুসূচীত জাতিৰ বাবে তেজপুৰ পৌৰ সভাত 6 নং ৱাৰ্ড, ঢেকীয়াজুলিত 6 নং ৱাৰ্ড, ৰঙাপাৰাত 5 নং ৱাৰ্ড আৰু জামুগুৰিহাতত 6 নং ৱাৰ্ড সংৰক্ষিত বুলি জানিব পৰা গৈছে ৷ ঠিক সেইদৰে ঢেকীয়াজুলি পৌৰ সভাৰ 4, 5, 7 আৰু 10 নং ৱাৰ্ড , ৰঙাপাৰাত 2, 3, 4 আৰু 7 নং ৱাৰ্ড আৰু জামুগুৰিহাটত 5, 7, 8 আৰু 10 নং ৱাৰ্ড সম্পূৰ্ণ মহিলাৰ বাবে সংৰক্ষিত আছে ।

লগতে পঢ়ক : শিৱসাগৰৰ পাঁচটা পৌৰ নিকায় দখলৰ বাবে সাজু শাসক-বিৰোধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.