ETV Bharat / state

বন্ধন বেংকৰ ঋণেৰে ই-ৰিক্সা ক্ৰয় কৰি জীৱন যুদ্ধত ব্ৰতী চিনু ৰাভা

author img

By

Published : Aug 25, 2021, 5:01 PM IST

বিগত 9 মাহে ই-ৰিক্সা চলাই জীৱন যুদ্ধত আগুৱাইছে ঢেকীয়াজুলিৰ চিনু ৰাভা ৷ দৈনিক ই-ৰিক্সা চলাই চিনুৱে উপাৰ্জন কৰে 400ৰ পৰা 500 টকা ৷ মিস্ত্ৰী স্বামীক পৰিয়াল চলোৱাত সহায় কৰাৰ উদ্দেশ্যে বন্ধন বেংকৰ ঋণেৰে ক্ৰয় কৰা ই-ৰিক্সাখনক সাৰথি কৰি স্বনিৰ্ভৰশীলতাৰ উদাহৰণ দাঙি ধৰিছে এইগৰাকী সাহসী মহিলাই ৷

sinu rabha a woman from rangapara sets example of self reliance by driving e rickshaw
বন্ধন বেংকৰ ঋণেৰে ই-ৰিক্সা ক্ৰয় কৰি জীৱন যুদ্ধত ব্ৰতী চিনু ৰাভা

ৰঙাপৰা , 25 আগষ্ট : বন্ধন বেংকৰ ঋণেৰে ক্ৰয় কৰা ই-ৰিক্সাখনক সাৰথি কৰি ঘৰুৱা কাম কাজ শেষ হোৱাৰ পাচতে দৈনিক ৰৌমাৰী চেণ্টাৰলৈ ওলাই আহে চিনু ৰাভা ৷ ই-ৰিক্সা চলাই দৈনিক 400ৰ পৰা 500 টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা ঢেকীয়াজুলিৰ এই মহিলাগৰাকীয়ে যেন হাজাৰ বাধাক নেওচি জীৱন যুদ্ধত আগুৱাই যোৱাৰ সংকল্প লৈছে ৷ বৃত্তিত এগৰাকী মিস্ত্ৰী স্বামীক কিছু সকাহ দিয়াৰ উদ্দেশ্যে বিগত 9 মাহে ই-ৰিক্সা চলাই পৰিয়াল পোহপাল দিছে মহিলাগৰাকীয়ে ৷

ক'ভিডে বিশ্বৰ প্ৰায় সকলো প্ৰান্ততে সাধাৰণ ৰাইজৰ জীৱন-জীৱিকাৰ প্ৰতি তীব্ৰ সংকট নমাই আনিছে ৷ এনে সময়তে কৰ্ম-সংস্কৃতিক সমল কৰি লৈ ঢেকীয়াজুলিৰ এইগৰাকী মহিলাই কেৱল অৰ্থ উপাৰ্জন কৰাই নহয় অন্য বহুগৰাকী মহিলাৰ বাবে সাহস তথা নাৰী সবলীকৰণৰ দিশত এক অন্যতম উদাহৰণ দাঙি ধৰিছে ৷ কভিডসৃষ্ট সংকটৰ সময়ত আনৰ সহায়লৈ বাট নাচাই বন্ধন বেংকৰ ঋণ লৈ ই-ৰিক্সাখন ক্ৰয় কৰা চিনু ৰাভাই দৈনিক চিৰাজুলিৰ পৰা হুগ্ৰাজুলি পথত ই-ৰিক্সা চলাই স্বনিৰ্ভৰশীল হোৱাৰ গৌৰৱ অৰ্জন কৰিছে ৷

দৈনিক ই-ৰিক্সা চলাই চিনুৱে উপাৰ্জন কৰে 400ৰ পৰা 500 টকা

লগতে পঢ়ক : নিজৰ লগতে আনকো স্বনিৰ্ভৰশীলতাৰ পথ দেখুওৱা এগৰাকী মহিলা

সাতজনীয়া পৰিয়ালটোৰ জীৱন-নিৰ্বাহৰ বাবে ই-ৰিক্সা চলোৱাৰ পথ বাচি লোৱা মহিলাগৰাকীয়ে সমাজৰ অন্য মহিলাসকলকো কোনো হীনমন্যতাত নোভোগাকৈ সাহসেৰে আগবাঢ়ি আহিব লাগে বুলি মন্তব্য কৰে ৷

সাধাৰণতে এখন পুৰুষতান্ত্ৰিক সমাজৰ অংশ হিচাপে মহিলাসকলৰ অস্তিত্ব ঘৰুৱা কাম-কাজৰ মাজতে সীমাৱদ্ধ থাকিব লাগে বুলি এক ধাৰণা অতীজৰে পৰা চলি আহিছে ৷ কিন্তু, অতি সম্প্ৰতি মহিলাসকলো পুৰুষৰ সমানে আগুৱাই আহি স্বনিৰ্ভৰশীলতাৰ উদাহৰণ দাঙি ধৰাৰ লগে লগে এই বিশ্বাসসমূহো যেন ক্ৰমাৎ আওপুৰণি হৈ আহিছে ৷ চহৰাঞ্চলৰ লগতে গাঁও অঞ্চলসমূহো ইয়াৰ ব্যতিক্ৰম নহয় ৷ ঢেকীয়াজুলিৰ মাজৰৌমাৰীৰ চিনু ৰাভাৰ সাহস ইয়াৰ অন্যতম প্ৰমাণ ৷

লগতে পঢ়ক : কৃষি কৰ্মৰে স্বনিৰ্ভৰশীল হোৱা মাজুলীৰ ৬০ৰ উৰ্দ্ধৰ এজন ব্যক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.