ETV Bharat / state

দিব্যাংগৰ নিযুক্তিত জালিয়াতিঃ পৰীক্ষাৰ পূৰ্বে ধনৰ বিনিময়ত প্ৰশ্নকাকত বিতৰণৰ অভিযোগ - উত্তৰ অসম দিব্যাংগ সন্থা

অসম চৰকাৰৰ অধীনত দিব্যাংগৰ নিযুক্তিৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাত ভয়ংকৰ জালিয়াতি ৷ পৰীক্ষাৰ পূৰ্বে ধনৰ বিনিময়ত প্ৰশ্নকাকত বিতৰণৰ অভিযোগ ৷ জালিয়াতিৰ অডিঅ' ক্লীপো আহি পৰিছে উত্তৰ অসম দিব্যাংগ সন্থাৰ হাতত ৷

দিব্যাংগৰ নিযুক্তিত জালিয়াতিঃ পৰীক্ষাৰ পূৰ্বে ধনৰ বিনিময়ত প্ৰশ্নকাকত বিতৰণৰ অভিযোগ
author img

By

Published : Aug 23, 2019, 3:12 PM IST

তেজপুৰ, 23 আগষ্টঃ অসম চৰকাৰে 9 জুন তাৰিখে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ মুঠ 357 টা পদত দিব্যাংগ সকলৰ বাবে অনুষ্ঠিত কৰা লিখিত পৰীক্ষাত ভয়ংকৰ জালিয়াতিৰ কথা পোহৰলৈ আহিছে যাৰ বাবে উত্তৰ অসম দিব্যাংগ সন্থাই তেজপুৰ সদৰ আৰক্ষীত এই জালিয়াতিৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ । উত্তৰ অসম দিব্যাংগ সন্থাৰ মুখ্য সম্পাদক উৎপল ভূঞাই জানিবলৈ দিয়া মতে, উক্ত লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষাৰ পূৰ্বেই একাংশ পৰীক্ষাৰ্থীৰ হাতত পৰিছিল ৷ তেওঁ কয় যে , চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানৰ বহুকেইজন ব্যক্তিয়ে পৰীক্ষাৰ পূৰ্বে সত্তৰ হাজাৰৰ পৰা দুই লাখ টকাৰ বিনিময়ত পৰীক্ষাৰ্থীৰ মাজত প্ৰশ্নকাকত বিতৰণ কৰিছিল ৷ লগতে তেওঁ অভিযোগ আনে যে 6 আগষ্টত আৰক্ষী নিযুক্তি বৰ্ডে প্ৰকাশ কৰা যোগ্যতা সম্পন্ন তালিকাত তৃতীয় বৰ্গৰ মুঠ ৩৫৭ গৰাকীৰ নাম প্ৰকাশ পাইছিল যদিও কেইখনমান নিদ্দিষ্ট জিলাৰ পৰীক্ষাৰ্থীকহে অগ্ৰাধিকাৰ দিয়া হৈছে ৷ তাৰ পৰিৱৰ্তে শোণিতপুৰ, বিশ্বনাথ আৰু লখিমপুৰ জিলাৰ মাত্ৰ দুইৰ পৰা চাৰিজন প্ৰাৰ্থীকহে নিৰ্বাচিত কৰিছে ৷ ইয়াৰোপৰি এই জালিয়াতিৰ অডিঅ' ক্লীপো উত্তৰ অসম দিব্যাংগ সন্থাৰ হাতত আহি পৰিছে বুলিও জানিবলৈ দিয়ে ৷

Intro:তেজপুৰ,২৩আগষ্ট : যোৱা৯জুন তাৰিখে অসম চৰকাৰে ৩৫৭ টা পদত দিব্যংগ সকলৰ বাবে আয়োজন কৰা লিখিত পৰীক্ষাত শেহতীয়াকৈ হোৱা ভয়ংকৰ জালিয়াতিৰ কথা পোহৰলৈ আহিছে । আৰু ইয়াৰ বাবে উত্তৰ অসম দিব্যাংগ সন্থাই তেজপুৰ সদৰ আৰক্ষীত উক্ত পৰীক্ষাত জালিয়াতিৰ বাবে এক গোচৰ ৰোজু কৰিছে ।

Body:উত্তৰ অসম দিব্যাংগ সন্থাৰ মুখ্য সম্পাদক উৎপল ভূঞাই জনায় যে উক্ত লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত পৰীক্ষাৰ পূৰ্বেই কিছু পৰীক্ষাৰ্থী ৰ হাতত পৰিছিল । তেওঁ কয় যে চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানৰ বহুকেইজন ব্যক্তিয়ে
প্ৰশ্ন কাকত পৰীক্ষাৰ পূৰ্বেই বিলাই ৭০,০০০ - ২,০০,০০০/- পৰ্য্যন্ত সংগ্ৰহ কৰে । যোৱা ৬ আগষ্ট তাৰিখে আৰক্ষী নিযুক্তি বোৰ্ডে প্রকাশ কৰা যোগ্যতা সম্পন্ন তালিকা তৃতীয় বৰ্গৰ মুঠ ৩৫৭ গৰাকীৰ নাম উল্লেখ থকা পৰিবৰ্তে কেইখনমান জিলাত অধিক অধিক সংখ্যক লোকৰ নাম উল্লেখ আছে । তাৰ বিপৰীতে শোণিতপুৰ, বিশ্বনাথ আৰু লখিমপুৰ জিলাত মাত্ৰ দুইৰ পৰা চাৰিজন প্ৰাৰ্থী ক নিৰ্বাচিত কৰিছে
Bite: উৎপল ভূঞা ।

Conclusion:উল্লেখযোগ্য যে যদিহে আৰক্ষী নিযুক্তি বোৰ্ডে স্বচ্ছ আৰু নিকা ভাবে পৰীক্ষা পাতিছিল তেন্তে কেনেদৰে উক্ত প্ৰশ্ন সমূহৰ উত্তৰ আগতীয়া কৈ প্ৰেৰণ কৰিছিল , ভূঞাই এইদৰে কয় ।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ ।
২৩/৮/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.