ETV Bharat / state

শোণিতপুৰৰ উপায়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰী সঞ্জয় কিষাণৰ বৈঠক - Labour minister

শোণিতপুৰত জিলা প্ৰশাসনৰ বিষয়াৰে শ্ৰম কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণৰ বৈঠক । চৰকাৰী আঁচনি ৰূপায়ণৰ অগ্ৰগতি সন্দৰ্ভত বিষয়াসকলৰ পৰা বুজ লয় মন্ত্ৰীগৰাকীয়ে । উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত উপস্থিত থাকে উপায়ুক্ত ভূপেশ চন্দ্ৰ দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য, অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱাৰ লগতে আন কেইবাগৰাকীও বিষয়া ।

Sanjay Kishan holds meeting with district administration officers
শ্ৰম কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণৰ বৈঠক
author img

By

Published : Oct 2, 2021, 2:04 PM IST

তেজপুৰ, ২ অক্টোবৰ : শুকুৰবাৰে অসম চৰকাৰৰ শ্ৰম কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণ শোণিতপুৰত উপস্থিত হয় । উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত শুকুৰবাৰে অনুষ্ঠিত এখন বৈঠকত উপস্থিত থাকে মন্ত্ৰীগৰাকী । এই বৈঠকত উপায়ুক্ত ভূপেশ চন্দ্ৰ দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য, অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱা, খণ্ড উন্নয়ন বিষয়া আৰু পৌৰসভাৰ কাৰ্যবাহী বিষয়াসকলৰে উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰে । এই পৰ্যালোচনা সভাত মন্ত্ৰীগৰাকীয়ে সকলো বিষয়াকে আঁচনিসমূহৰ সঠিক ৰূপায়ণ নিশ্চিত কৰিবলৈ নিৰ্দেশনা দিয়ে ।

Sanjay Kishan holds meeting with district administration officers
শ্ৰম কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণৰ বৈঠক

লগতে তেওঁ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ দ্ৰুত ৰূপায়ণ সন্দৰ্ভত পোনপটীয়াকৈ নিৰীক্ষণ কৰিবলৈও বিষয়াসকলক কয় । সঞ্জয় কিষাণে উপায়ুক্তক সকলো আঁচনিৰ সঠিক ৰূপায়ণৰ ক্ষেত্ৰত নিয়মীয়া নিৰীক্ষণ নিশ্চিত কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । আঁচনিসমূহৰ লাভালাভ যাতে দৰিদ্ৰ লোকসকলে লাভ কৰিবলৈ সক্ষম হয় সেয়া নিশ্চিত কৰিবলৈ তেওঁ বিষয়াসকলক পৰামৰ্শ দিয়ে । এই আঁচনিসমূহৰ জৰিয়তে হিতাধিকাৰীসকলে প্ৰত্যক্ষভাৱে বেংকৰ জৰিয়তে লাভ কৰিব লগা সুবিধাসমূহৰ ক্ষেত্ৰত থকা কাৰিকৰী অসুবিধাসমূহ সোনকালে দূৰ কৰাৰ বাবেও পৰামৰ্শ আগবঢ়ায় ।

পৰ্যালোচনা সভাত উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে জিলাখনত ৰূপায়ণ হৈ থকা আঁচনিসমূহৰ খতিয়ান দাঙি ধৰে । লগতে ক'ভিড-১৯ ৰ টীকাকৰণ, জলজীৱন মিছন আদি আঁচনিৰ অগ্ৰগতিৰ বিষয়ে মন্ত্ৰীগৰাকীক অৱগত কৰে ।

সভাৰ অন্তত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি শোণিতপুৰ জিলাত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰা হিতাধিকাৰীক বাসগৃহলৈ গৈ তেওঁলোকক সাক্ষৎ কৰি ব্যক্তিগতভাৱে তেওঁলোকৰ মতামত গ্ৰহণ কৰে । মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কালত ক'ভিড 19 ত স্বামীহাৰা হোৱা ভাৰতী তাঁতি নামৰ মহিলাগৰাকীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা লাভ কৰা আৰ্থিক সাহায্য আৰু বিধৱা পেঞ্চন লাভ কৰা সন্দৰ্ভত মত বিনিময় কৰে ।

তদুপৰি মন্ত্ৰীগৰাকীয়ে বৃদ্ধ পেঞ্চন লাভ কৰা সুবাঞ্জী কালন্দী, বিধৱা পেঞ্চন লাভ কৰা অংগীতা গোৱালা আৰু মুখ্যমন্ত্ৰীৰ ক'ভিড বিধৱা সাহায্য পুঁজি লাভ কৰা বিন্দিয়া কেৰকাটাই আৰু অটল অমৃত যোজনাৰ অধীনত সাহায্য লাভ কৰা ৰাথু তাঁতিৰ সৈতে মত-বিনিময় কৰে ।

লগতে পঢ়ক: চামগুৰিৰ অৱহেলিত প্ৰতীক চিহ্ন পুনৰ নিৰ্মাণৰ আশ্বাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.