ETV Bharat / state

সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে কি ক'লে ৰূপজ্যোতি কুৰ্মীয়ে?

ৰঙাপৰা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানত মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অংশগ্ৰহণ কৰি বিজেপিক সমালোচনা কৰে ৷ এইবাৰ উপ-নিৰ্বাচনত চাৰি সমষ্টিৰ ৰাইজে বিজেপি চৰকাৰক উচিত প্ৰত্যুত্তৰ দিব বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে ৷

author img

By

Published : Oct 20, 2019, 5:24 PM IST

মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সংবাদমেল

ৰঙাপৰা,20অক্টোবৰ : ''হিমন্ত বিশ্ব শৰ্মা এজন যাদুকৰ ,এজন মিছলীয়া আৰু প্ৰবঞ্চক ব্যক্তি ''- এই মন্তব্য মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷ দেওবাৰে ৰূপজ্যোতি কুৰ্মীয়ে ৰঙাপৰা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয়ত সম্বোধন কৰে এখন সংবাদমেল ৷ সংবাদমেলত বিজেপি চৰকাৰক সমালোচনা কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয়,এইবাৰ ৰাজ্যৰ চাৰি সমষ্টিত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত মিছা কথা, প্ৰলোভনৰ ৰাজনীতি, প্ৰবঞ্চনা, প্ৰতাৰণা, ষড়যন্ত্ৰমুলক ৰাজনীতি কৰা ৰাজনীতিবিদৰ অন্ত পৰিব ৷ সেয়া সমগ্ৰ অসমবাসীয়ে নিজেই প্ৰত্যক্ষ কৰিব ৷

কংগ্ৰেছক ভয় কৰে বিজেপিয়ে !

ইফালে, ছিণ্ডিকেট সন্দৰ্ভতো বিধায়কগৰাকীয়ে আঙুলি টোৱাই কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা ড° হিমন্ত বিশ্ব শৰ্মা, পিয়ুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা আৰু পল্লৱ লোচন দাসলৈ ৷ বিধায়কগৰাকীয়ে কয়, কংগ্ৰেছে ছিণ্ডিকেট চলোৱা বুলি অভিযোগ উত্থাপন কৰে বিজেপিয়ে ৷ কিন্তু ছিণ্ডিকেটৰ লগত জড়িত থকা কংগ্ৰেছৰ কোনো এজন লোকক বৰ্তমানেও কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই প্ৰশাসনে ৷ যদি ইয়াৰ লগত কংগ্ৰেছ জড়িত আছে তেন্তে তদন্ত কৰি কৰায়ত্ত কৰিবলৈও প্ৰত্যাহ্বান জনায় বিজেপিক ৷ ছিণ্ডিকেট কেৱল কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা লোকসকলহে কৰিছিল আৰু বৰ্তমানেও কৰি আছে ৷

অসমত নচলিব ষড়যন্ত্ৰমূলক ৰাজনীতি

সংবাদমেলত বিধায়কগৰাকীয়ে কয়, বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে একমাত্ৰ কেন্দ্ৰ কৰি ল'লে চাহ জনগোষ্ঠীৰ লোকসকলক ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, স্কুটি, এক তোলা সোণ, চাহ শ্ৰমিক ৰাইজৰ দৈনিক হাজিৰা বৃদ্ধি কৰা, 1টকাত কেৰাচিন তেল প্ৰদান কৰা এই সকলোবোৰ প্ৰতিশ্ৰুতি বিজেপিয়ে ভোটৰ লালসাত অসমবাসীক দিছিল ৷ কিন্তু এই উপ-নিৰ্বাচনত তেনে কোনো ভুৱা প্ৰতিশ্ৰুতি অসমবাসীয়ে নুশুনে ৷ এইবাৰ অসমৰ জনসাধৰণে ভুৱা প্ৰতিশ্ৰুতিৰ প্ৰত্যুত্তৰ দিব ৷ ৰূপজ্যোতি কুৰ্মীয়ে লগতে কয়- কংগ্ৰেছ যদি পাঁচশ টকীয়া নচলা নোট হয়, তেতিয়াহ’লে এই নোটখনক লৈ বিজেপি দলে ভয় খাব নালাগিছিল। ৰাতাবাৰী, জুনিয়া, সোনাৰী আৰু ৰঙাপৰা সমষ্টিলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ টকা ব্যয় কৰি আকাশত হেলিকপ্টাৰ উৰুৱাই নিৰ্বাচনী প্ৰচাৰ চলাবলগীয়া হৈছে একমাত্ৰ কংগ্ৰেছক এই নচলা নোটক ভয় কৰাৰ বাবেই ৷ বিজেপিয়ে ইমানেই ভয় খালে যে নিৰ্বাচনী প্ৰচাৰ অভিযানত বি পি এফ আৰু অগপ দলৰ নেতাসকলক অংশ গ্ৰহণ কৰাবলৈ বাধ্য হৈ গ'ল ৷

ছিণ্ডিকেটৰ লগত জড়িত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Intro:ৰঙাপৰাত ৰূপজ্যোতি কুৰ্মীৰ সংবাদ মেলঃ উপ-নিৰ্বাচনত মিছলীয়া, প্ৰবঞ্চক, স্বাৰ্থপৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিৰ অন্ত পৰিবBody:ৰঙাপৰাঃ ৰঙাপৰা বিধানসভাৰ সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰনী পৰাৰ পিছতেই মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এক সংবাদ মেলৰ আয়োজন কৰে। কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয়ত আয়োজিত সংবাদ মেলত বিধায়ক গৰাকীয়ে কয়- ৰাজ্যৰ চাৰি সমষ্টিত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত মিছা কথা, প্ৰলোভনৰ ৰাজনীতি, প্ৰবঞ্চনা, প্ৰতাৰনা, ষড়যন্ত্ৰমুলক ৰাজনীতি কৰা ৰাজনীতিবিদৰ অন্ত পৰিব, সেয়া অসমবাসী ৰাইজে প্ৰত্যক্ষ কৰিব। চাহ বাগিছাৰ শ্ৰমিক ৰাইজক বিজেপি দলটোৱে চৰম প্ৰতাৰনা কৰা বুলি সংবাদ মেলত বিধায়ক গৰাকীয়ে অভিযোগ তোলে ৷ সংবাদ মেলত হিমন্ত বিশ্ব শৰ্মা এজন মিছলীয়া, প্ৰবঞ্চক, স্বাৰ্থপৰ বুলি অভিহিত কৰি এইবাৰ উপ-নিৰ্বাচনত ড° হিমন্ত বিশ্ব শৰ্মাৰ অন্ত পৰিব। বিজেপিয়ে ৰঙাপৰাৰ উপ-নিৰ্বাচনত স্থানীয় ব্যক্তিক প্ৰাৰ্থীত্ব দিয়াৰ বিপৰীতে চালানী ব্যক্তিক গুৰুত্ব প্ৰদান কৰিলে। বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী কৰা চাহ জনগোষ্ঠীৰ নেতাসকলক বিজেপিয়ে প্ৰতাৰণা কৰিলে। সোণাৰী বিধানসভা সমষ্টিত মালিক আৰু শ্ৰমিকৰ মাজত যুজঁ হব। বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিয়ে দিয়া ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, স্কুটি, এক তোলা সোণ, চাহ শ্ৰমিক ৰাইজৰ দৈনিক হাজিৰা বৃদ্ধি কৰাৰ।প্ৰতিশ্ৰুতি ৰক্ষা কৰাত সম্পূৰ্ণ ভাৱে ব্যৰ্থ হল।ৰূপজ্যোতি কুৰ্মীয়ে লগতে কয়- কংগ্ৰেছ যদি পাঁচশ টকীয়া নচলা নোট হয় তেতিয়াহ’লে এই নোটখনক লৈ বিজেপি দলে ভয় খাব নালাগিছিল। কিয় দুদিনৰ মূৰে মূৰে ৰাতাবাৰী, জুনিয়া, সোনাৰী আৰু ৰঙাপৰা সমষ্টিলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ টকা ব্যয় কৰি আকাশত হেলিকপ্টাৰ উৰুৱাই নিৰ্বাচনী প্ৰচাৰ চলা লগীয়া হৈছে। বিজেপিৰ নেতাসকলে নচলা নোটখন চুকুত পেলাই থৈ দিছপুৰৰ শীত-তাপ নিয়ন্ত্ৰণ কোঠাত নিচিন্ত মনে শুই থাকিব লাগিছিল। নচলা নোট কংগ্ৰেছ দলৰ প্ৰতি বিজেপিয়ে ইমানেই ভয় খালে যে নিৰ্বাচনী প্ৰচাৰ অভিযানত বি পি এফ আৰু অগপ দলৰ নেতাসকলক অংশ গ্ৰহণ কৰাবলৈ বাধ্য হল। বিজেপিৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৮৫৫ গৰাকী শ্বহীদক অপমান কৰি নাগৰিকত্ব বিল সংশোধন কৰাৰ বাবে অহৰহ চেষ্টা চলাই আহিছে। জাতি-মাটি-ভেটিৰ কথা কোৱা চৰকাৰখনৰ দিনতে বহিঃৰাজ্যৰ যুৱকে অসমত সংস্থাপন পাবলৈ সক্ষম হল। ৰঙাপৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ সাংসদ পল্লৱ লোচন দাসে কিমান সম্পত্তিৰ গঢ়িলে সেয়া ৰাজহুৱা কৰিবলৈ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে প্ৰত্যাহ্বান জনাই। ৰাজ্যৰ চিণ্ডিগেটৰ আঁৰত একাংশ বিজেপি দলৰ একাংশ নেতাই জড়িত থকা বুলি বিধায়ক গৰাকীয়ে অভিযোগ তোলে। ৰাজ্যত এতিয়া নতুনকৈ দুটা চিণ্ডিগেট সংযোগ হৈছে। উক্ত চিণ্ডিগেটত কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা ড° হিমন্ত বিশ্ব শৰ্মা, পিয়ুজ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা আৰু পল্লৱ লোচন দাস এইসকল নেতা জড়িত আছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দুৰ্নীতি মুক্তৰ কথা কয় ৷ সাহস আছে যদি গ্ৰেপ্তাৰ কৰি দেখাওক৷ কিয় আজিলৈকে আটক কৰিব নোৱাৰিলে বুলি সংবাদ মেলত কয়।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.