ETV Bharat / state

ৰঙাপৰাত কিয় সৃষ্টি হৈছে যান-জঁট?

ৰঙাপৰাৰ ব্যৱসায়ী সকলে নিজৰ ব্যৱসায় প্ৰতিষ্ঠানৰ সন্মুখত তথা মিছামাৰী-ৰঙাপৰা-বালিপৰা সংযোগী গড়কাপ্তানী পথৰ ওপৰত অবৈধভাৱে সামগ্ৰীবোৰ ৰাখি বিক্ৰী কৰি অহাৰ ফলত নগৰখনত যান-জঁটৰ সমস্যা ক্ৰমাৎ বৃদ্ধি পাইছে। ৰঙাপৰাত একাংশ ব্যৱসায়ীয়ে অবৈধ ভাৱে ৰাখি সামগ্ৰী বিক্ৰী কৰি অহাৰ পাচতো পৌৰসভা আৰু জিলা প্ৰশাসনে আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকাৰৰ অভিযোগ উত্থাপিত হৈছে। তাৰোপৰি গড়কাপ্তানী পথচোৱাৰ কাষতে জধে-মধে গাড়ী, মটৰ চাইকেল, ই-ৰিক্সা, ঠেলা আদি ৰখোৱাৰ ফলত তীব্ৰ যান জঁটৰ সৃষ্টি হৈ আহিছে।

author img

By

Published : Jun 4, 2019, 8:32 PM IST

ETV BHARAT

ৰঙাপৰা , 4 জুন : শোণিতপুৰ জিলাৰ ৰঙাপৰাত দিনক দিনে বৃদ্ধি পাইছে যান-জঁটৰ সমস্যা। একাংশ ব্যৱসায়ীয়ে গড়কাপ্তানী পথৰ ওপৰত সামগ্ৰী ৰাখি বিক্ৰী কৰাৰ ফলত সৃষ্টি হৈছে যান-জঁট ৷

ৰঙাপৰাৰ ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় প্ৰতিষ্ঠানৰ সন্মুখত তথা মিছামাৰী-ৰঙাপৰা-বালিপৰা সংযোগী গড়কাপ্তানী পথৰ ওপৰত অবৈধভাৱে সামগ্ৰীবোৰ ৰাখি বিক্ৰী কৰি অহাৰ ফলত নগৰখনত যান-জঁটৰ সমস্যা ক্ৰমাৎ বৃদ্ধি পাইছে। ৰঙাপৰাত একাংশ ব্যৱসায়ীয়ে অবৈধভাৱে ৰাখি সামগ্ৰী বিক্ৰী কৰি অহাৰ পাচতো পৌৰসভা আৰু জিলা প্ৰশাসনে আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকাৰৰ অভিযোগ উত্থাপিত হৈছে। তাৰোপৰি গড়কাপ্তানী পথচোৱাৰ কাষতে জধে-মধে গাড়ী, মটৰ চাইকেল, ই-ৰিক্সা, ঠেলা আদি ৰখোৱাৰ ফলত তীব্ৰ যান জঁটৰ সৃষ্টি হৈ আহিছে।

ৰঙাপৰাত কুম্ভকৰ্ণ নিদ্ৰাত প্ৰশাসন

ইয়াৰোপৰি নগৰখনৰ দুয়োকাষে থকা পদ পথটিৰ ওপৰত একাংশ ব্যৱসায়ীয়ে নানা সামগ্ৰী ৰাখি বিক্ৰী কৰি অহাত পদ পথটিৰে ৰাইজে খোজ কাঢ়ি অহা-যোৱা কৰাৰ সময়ত দুৰ্ভোগ ভূগিবলগীয়া হৈছে। সেয়েহে ৰঙাপৰা নগৰখনত গড়কাপ্তানী পথৰ ওপৰত থকা বিক্ৰীজাত সামগ্ৰী সমূহ উচ্ছেদ কৰি উদ্ভৱ হোৱা যান-জঁটৰ সমস্যাটি সমাধান কৰিবলৈ পৌৰসভা আৰু জিলা প্ৰশাসনক স্থানীয় ৰাইজে দাবী জনাইছে।

Intro:ৰঙাপৰাত ব্যৱসায়ীয়ে পথৰ ওপৰত ৰাখিছে বিক্ৰীজাত সামগ্ৰীঃ কুম্ভকৰ্ণ নিদ্ৰাত পৌৰসভা-জিলা প্ৰশাসন।Body:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত দিনক দিনে বৃদ্ধি পাইছে যান জঁটৰ সমস্যা। তেনে সময়তে কাণ্ডজ্ঞান নথকা একাংশ ব্যৱসায়ীয়ে গড়কাপ্তানী পথৰ ওপৰত বিক্ৰীজাত সামগ্ৰী ৰাখি বিক্ৰী কৰি আহিছে। ৰঙাপৰাৰ ব্যৱসায়ী সকলে নিজৰ ব্যৱসায় প্ৰতিষ্ঠানৰ সন্মুখত তথা মিছামাৰী-ৰঙাপৰা-বালিপৰা সংযোগী গড়কাপ্তানী পথৰ ওপৰত অবৈধ ভাৱে বিক্ৰীজাত সামগ্ৰীবোৰ ৰাখি বিক্ৰী কৰি অহাৰ ফলত নগৰখনত যান-জঁটৰ সমস্যাটি ক্ৰমাৎ বৃদ্ধি পাইছে। এইদৰে ৰঙাপৰাত একাংশ ব্যৱসায়ীয়ে নিজৰ মইমতালিৰে বিক্ৰীজাত সামগ্ৰী সমূহ অবৈধ ভাৱে ৰাখি বিক্ৰী কৰি অহাৰ পাছতো পৌৰসভা আৰু জিলা প্ৰশাসনে আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহন নকাৰৰ অভিযোগ উত্থাপিত হৈছে। তাৰোপৰি গড়কাপ্তানী পথচোৱাৰ কাষতে জধে-মধে গাড়ী, মটৰ চাইকেল, ই-ৰিক্সা, ঠেলা আদি ৰখোৱাৰ ফলত তীব্ৰ যান জঁটৰ সৃষ্টি হৈ আহিছে। ইফালে, নগৰখনৰ দুয়োকাষে থকা পদ পথটিৰ ওপৰত একাংশ ব্যৱসায়ীয়ে নানান সামগ্ৰী ৰাখি বিক্ৰী কৰি অহাত পদ পথটিৰে ৰাইজে খোজ কাঢ়ি অহা-যোৱা কৰাৰ সময়ত দুৰ্ভোগ ভূগিবলগীয়া হৈছে। সেয়েহে ৰঙাপৰা নগৰখনত গড়কাপ্তানী পথৰ ওপৰত থকা বিক্ৰীজাত সামগ্ৰী সমূহ উচ্ছেদ কৰি উদ্ভৱ হোৱা যান-জঁটৰ সমস্যাটি সমাধান কৰিবলৈ পৌৰসভা আৰু জিলা প্ৰশাসনক স্থানীয় ৰাইজে দাবী জনাইছে।
পংকজ নাথ, ৰঙাপৰা।

Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.