তেজপুৰ,২মে' : তেজপুৰৰ একাংশ ভাড়াঘৰৰ মালিকৰ কাণ্ড শুনিলে চকু কপালত উঠিব আপোনাৰ ৷ ভাৰাতীয়াক ঘৰৰ জপনা চুবলৈ নিদিয়া আৰু পিতৃ বিয়োগতো কান্দিবলৈ নিদিয়া ভাড়া ঘৰৰ মালিকৰ বাবে আৰক্ষীৰ ওচৰ চাপিল ভাৰাতীয়া ৷
শুক্ৰবাৰে পিতৃৰ বিয়োগৰ অষ্টম দিনা নিশা তেজপুৰ মহাভৈৰব এম্বেছ ক্লাৱৰ সমীপৰ ভাড়াতীয়া বিশাল চৌধুৰীয়ে বগা সাজৰে আহি উপস্থিত হ'ল তেজপুৰ সদৰ থানাত । কাৰণ ভাড়াঘৰৰ মালিক স্বেতা সেনৰ পৰিয়ালে তেওঁৰ ওপৰত চলাইছে মানসিক নিৰ্যাতন । লক্ ডাউনৰ বাবে সময় মতে ভাড়া দিব পৰা নাই বিশালৰ পৰিয়ালে । গতিকে ভাড়াঘৰ এৰিবলৈ মালিকে প্ৰকাৰন্তৰে হেঁচা প্ৰয়োগ বিশালৰ পৰিয়ালক ।
আনকি পিতৃৰ বিয়োগত চকুলো টুকিবলৈও দিয়া নাই ভাড়া ঘৰৰ মালিকে ৷ আনকি পদূলিৰ গেটখনো চুবলৈ বাধা দি ভাড়াঘৰৰ মালিকে নানা মানসিক নিৰ্যাতন চলাইছে বিশাল চৌধুৰীৰ পৰিয়ালক । ইতিমধ্যে আৰক্ষীয়ে অভিযোগৰ ভিত্তিতে তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : বহিঃৰাজ্যত আৱদ্ধ লোকৰ বাবে অসম আৰক্ষীৰ হেল্পলাইন নম্বৰ মুকলি