ETV Bharat / state

শোণিতপুৰৰ বিহগুৰি উন্নয়ন খণ্ডৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ

পিএমজিএৱাই গৃহ আবণ্টনৰ নামত হিতাধিকাৰীৰ পৰা উৎকোচ লোৱা বন্ধ কৰাৰ লগতে শোনিতপুৰ জিলাৰ বিহগুৰি উন্নয়ন খণ্ডৰ একাংশ বিষয়া কৰ্মচাৰীয়ে দীৰ্ঘদিনৰে পৰা চলাই থকা দুৰ্নীতিৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিয়ে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷

rangapara-protest
শোণিতপুৰৰ বিহগুৰি উন্নয়ন খণ্ডৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ
author img

By

Published : Dec 30, 2020, 6:05 PM IST

ৰঙাপৰা, 30 ডিচেম্বৰ : বুধবাৰে শোণিতপুৰ জিলাৰ তেজপুৰ ৰাজহচক্ৰ এলেকাৰ বিহগুৰি উন্নয়ন খণ্ডৰ কাৰ্যালয় ঘেৰাও কৰে কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তাই।
পিএমজিএৱাই গৃহ আবণ্টনৰ নামত হিতাধিকাৰীৰ পৰা উৎকোচ লোৱা বন্ধ কৰাৰ লগতে বিহগুৰি উন্নয়ন খণ্ডৰ একাংশ বিষয়া কৰ্মচাৰীয়ে দীৰ্ঘদিনৰে পৰা চলাই থকা দুৰ্নীতিৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিয়ে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷

শোণিতপুৰৰ বিহগুৰি উন্নয়ন খণ্ডৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ

কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্যৰ নেতৃত্বত সংগঠনটোৰ কৰ্মকৰ্তা আৰু ভুক্তভোগী লোকসকলে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ বিহগুৰি উন্নয়ন খণ্ডত চলি থকা দুৰ্নীতিৰ উচ্চ পৰ্যায়ৰ তদন্তৰ ব্যৱস্থা কৰক,দৰিদ্ৰ ৰাইজৰ পইচা আত্মসাৎ কৰা বিষয়া-কৰ্মচাৰী সকল হুচিয়াৰ, বিহগুৰি উন্নয়ন খণ্ডৰ দুৰ্নীতি পৰায়ণ খণ্ড উন্নয়ন বিষয়া হুচিয়াৰ, দুৰ্নীতিৰ নায়িকা কনিষ্ঠ অভিযন্তা মেঘালী শইকীয়াক গ্ৰেপ্তাৰ কৰক, জৱ কাৰ্ড শ্ৰমিকক ১০ দিনৰ শ্ৰমদান প্ৰদান কৰক আদি বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷

উল্লেখ্য যে, বিহগুৰি উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা মেঘালী শইকীয়াই বিগত বহুদিনৰ পৰাই চৰকাৰী বিভিন্ন আঁচনিৰ লগতে পিএমজিএৱাই গৃহৰ ধন মোকলাই দিয়াৰ অজুহাতত একাংশ পঞ্চায়ত এলেকাৰ সহজ সৰল পিএমজিএৱাই গৃহৰ দৰিদ্ৰ হিতাধিকাৰী সকলৰ পৰা কৌশলেৰে দহৰ পৰা পোন্ধৰ হেজাৰ টকাকৈ সংগ্ৰহ কৰি অহাৰো অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক: অহা ৭ জানুৱাৰীলৈকৈ ইংলেণ্ডৰ পৰা ভাৰতলৈ বিমান পৰিবহণ নিষিদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.