ETV Bharat / state

ৰঙাপৰাত বনৰীয়া হাতীৰ তাণ্ডৱ : তহিলং ধাননি পথাৰ

author img

By

Published : Nov 3, 2019, 2:21 PM IST

শোণিতপুৰ জিলাৰ ৰঙাপৰাত সোনাই-ৰূপাই অভয়াৰণ্য আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে জনবসতিপূৰ্ণ অঞ্চললৈ প্ৰৱেশ কৰি সন্ত্ৰাস সৃষ্টি কৰাৰ লগতে ধ্বংস কৰিছে বহু ধাননী পথাৰ ৷

ৰঙাপাৰাত বনৰীয়া হাতীৰ তাণ্ডৱ : তহিলং ধাননি পথাৰ

ৰঙাপাৰা,3 নৱেম্বৰ: সোনাই-ৰূপাই অভয়াৰণ্য আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা জাক জাক বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে জনাঞ্চলত । শোণিতপুৰৰ ৰঙাপৰাত বনৰীয়া হাতীয়ে অহৰহ তাণ্ডৱ চলাই অহাত কৃষক ৰাইজ এতিয়া বিপদত পৰিছে। বিঘাই বিঘাই ধাননি পথাৰ বিনষ্ট কৰিছে বনৰীয়া হাতীৰ বৃহৎ জাকে ।বনৰীয়া হাতীৰ জাকটো কেইবাটাও ভাগত বিভক্ত হোৱাৰ ফলত নিয়ন্ত্ৰণ কৰাটোও বন বিভাগে বাবে তীব্ৰ প্ৰত্যাহ্বান ৰূপে থিয় দিছে ৷

ৰঙাপাৰাত বনৰীয়া হাতীৰ তাণ্ডৱ : তহিলং ধাননি পথাৰ
ইফালে, বিঘাই বিঘাই পথাৰৰ পকা ধান হাতীয়ে তহিলং কৰাৰ ফলত কৃষক ৰাইজ যথেষ্ট চিন্তিত হৈ পৰিছে ৷ লগতে বনৰীয়া হাতীৰ বাবে নিশা উজাগৰী কটাবলগীয়া হৈছে দৰিদ্ৰ কৃষক ৰাইজে । কিয়নো সন্ধিয়া লগে লগে বনৰীয়া হাতীৰ এটা বৃহৎ জাকে ৰঙাপৰাৰ বিভিন্ন ঠাইৰ ধাননি পথাৰত প্ৰৱেশ কৰি ধান খাই-গচকি তহিলং কৰাৰ লগতে জনবসতিপূৰ্ণ অঞ্চললৈ প্ৰৱেশ কৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছে । আনকি বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে এই বছৰটোত খেতি কৰাৰ পৰাই বিৰত থাকিল ৰঙাপৰাৰ একাংশ কৃষক ৰাইজে । বৰ্তমান বনৰীয়া হাতীৰ বৃহৎ জাকটো পুনৰ বনাঞ্চলৈ খেদি পঠোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ বন বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ তুলিছে ৰাইজে ।

Intro:বনৰীয়া হাতীৰ উপদ্ৰৱত ত্ৰস্তমান ৰাইজঃ তহিলং ধাননি পথাৰBody:ৰঙাপৰাঃ সোনাই-ৰূপাই অভয়াৰণ্য আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা জাক জাক বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে। শোণিতপুৰৰ ৰঙাপৰাত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই অহাত কৃষক ৰাইজ বাৰুকৈয়ে চিন্তিত হৈ পৰিছে। বিঘাই বিঘাই ধাননি পথাৰ বিনষ্ট কৰিছে বনৰীয়া।হাতীৰ বৃহৎ জাকটোয়ে। বনৰীয়া হাতীয়ে কাতিমহীয়াৰ ভৰা ধাননি এফালৰ পৰা তহিলং কৰিছে। বনৰীয়া হাতীৰ জাকটো কেইবাটাও ভাগত বিভক্ত হোৱাৰ ফলত বন বিভাগে নিয়ন্ত্ৰণ কৰাটোও তীব্ৰ প্ৰত্যাহ্বানৰ স্বৰূপ হৈ পৰিছে। ইফালে, বিঘাই বিঘাই পথাৰৰ পকা ধান হাতীয়ে তহিলং কৰাৰ ফলত কৃষক ৰাইজে মুৰে-কপালে হাত দিবলগীয়া হৈছে। ইফালে, বনৰীয়া হাতীৰ বাবে নিশা উজাগৰী কটাবলগীয়া হৈছে দৰিদ্ৰ কৃষক ৰাইজে। কাৰণ বেলি ডুবাৰ লগে লগে বনৰীয়া হাতীৰ এটা বৃহৎ জাকে ৰঙাপৰাৰ বিভিন্ন ঠাইৰ ধাননি পথাৰত প্ৰৱেশ কৰি ধান খাই-গচকি তহিলং কৰিছে। বনৰীয়া হাতীয়ে শ শ বিঘা ধাননি পথাৰত থকা পকা ধান বিস্তৰ ক্ষতি সাধন কৰাত কৃষক ৰাইজে মুৰে-কপালে হাত দিবলৈ বাধ্য হৈছে। ইফালে, ৰঙাপৰাৰ একাংশ কৃষক ৰাইজে বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে এই বছৰটোত খেতিয়েই নকৰিলে। ৰঙাপৰা চাহ বাগিচা অঞ্চলত মুক্ত বিচৰন কৰি থকাত হাতীৰ জাকটো সন্ধিয়া নামি অহাৰ লগে লগে জাকটো জনবসতিপূৰ্ণ অঞ্চললৈ প্ৰৱেশ কৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছে। বনৰীয়া হাতীৰ বৃহৎ জাকটো পুণৰ বনাঞ্চলৈ খেদি পঠোৱাৰ ক্ষেত্ৰত বন বিভাগটো ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে।
ৰঙাপৰাৰ পৰা পংকজ নাথ।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.