ৰঙাপৰা, 7 ফেব্ৰুৱাৰীঃ দেওবাৰে পুৱাৰে পৰা ৰঙাপৰাৰ বিভিন্ন স্থানত জ্বলিছে ইটোৰ পিছত সিটোকৈ টায়াৰ । চাহ জনগোষ্ঠী ৰাইজক বিজেপি চৰকাৰে কৰা চৰম প্ৰতাৰণা কৰাৰ অভিযোগ তুলি আটছা ক্ষোভিত হৈ পৰিছে। দেওবাৰে শ্বহীদ নগৰী ঢেকীয়াজুলিত অনুষ্ঠিত হ’বলগীয়া দলীয় সভালৈ যোৱাৰ ক্ষেত্ৰত চাহ বাগিচাৰ ৰাইজক বাধা প্ৰদান কৰাৰ উদ্দেশ্যৰে আটছাৰ সদস্যসকলে ৰাজপথত টায়াৰ জ্বলোৱাৰ সময়ত আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক বাধা প্ৰদান কৰে ।
উল্লেখযোগ্য যে, চাহ শ্ৰমিক ৰাইজক কৰা চৰম প্ৰৱঞ্চনা আৰু প্ৰতাৰণাৰ বিৰুদ্ধে আটছাই বিৰোধীতা কৰিছে ৷ চাহ শ্ৰমিৰ দৈনিক মজুৰি ৩৫১ টকা প্ৰদান কৰাৰ লগতে চাহ শ্ৰমিক ৰাইজক মাটিৰ পট্টা আৰু আদিবাসীসকলক জনজাতিকৰণ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও প্ৰতিশ্ৰুতি পূৰণ কৰাত চৰকাৰখন ব্যৰ্থ হোৱা অভিযোগ তুলিছে সংগঠনটোৱে ।
তাৰমাজতে দেওবাৰে ঢেকীয়াজুলিত আনুষ্ঠিত হোৱা দলীয় সভালৈ মানুহ নিবলৈ অহা বাছসমূহক আটছাৰ সদস্য সকলে ঘূৰাই পঠোৱা পৰিলক্ষিত হয় । আটছাৰ সদস্যসকলে সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ, আটছা জিন্দাবাদ, চাহ শ্ৰমিক ৰাইজক ৩৫১ টকা হাজিৰা প্ৰদান কৰক, চাহ-শ্ৰমিক ৰাইজক প্ৰাপ্য হাজিৰা দিব নোৱাৰা বিজেপি চৰকাৰ হুচিয়াৰ, পল্লৱ লোচন দাস মুৰ্দাবাদ, পল্লৱ লোচন দাস হায় হায়, বিজেপি গ’বেক, পল্লৱ লোচন গ’বেক, হিমন্ত বিশ্ব শৰ্মা হায় হায়, নৰেন্দ্ৰ মোডী হায় হায় আদি বিভিন্ন শ্ল’গানেৰে চাহ বাগিচাৰ পৰিৱেশ উত্তাল কৰি তোলে ।
লগতে পঢ়কঃ কেইটামান মুহুৰ্তৰ পিছতে ঢেকিয়াজুলিত পদাৰ্পণ কৰিব নৰেন্দ্ৰ মোডীয়ে