ETV Bharat / state

শিৱসাগৰৰ পৰা ধুবুৰীলৈ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা - ভাৰত জোড়ো ন্যায় যাত্ৰা

18 জানুৱাৰীৰ পৰা অসমত আৰম্ভ হ’ব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ এই যাত্ৰাৰ সৱিশেষ জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন ৷

rahul gandhi Bharat jodo nyay jatra in assam
ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা
author img

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 12:43 PM IST

তেজপুৰ, 13 জানুৱাৰী: অসমত ৰাহুল গান্ধীয়ে আৰম্ভ কৰিবলগীয়া ভাৰত জোড়ো ন্যায় যাত্ৰাৰ 4 দিনীয়া সময় সূচী প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে । বহু বিতৰ্ক-প্ৰত্যাহ্বান নেওচি অসমলৈ আহিবলগীয়া কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অহা 18 জানুৱাৰীত শিৱসাগৰ জিলাৰ আমগুৰিৰ পৰা ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰিব ।

অসম প্ৰদেশ কংগ্ৰেছে সদৰী কৰা অনুসৰি অসমত এই অভিযানৰ সময়ত 18 জানুৱাৰীৰ দিনা মৰিয়নিত সমদল উলিয়াই নিশা যোৰহাটত কটাব আৰু গিবন ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত এখন জনসভাত অংশগ্ৰহণ কৰিব কংগ্ৰেছ নেতাজনে । 19 জানুৱাৰীত নিমাতী ঘাটেদি মাজুলীলৈ যাত্ৰা কৰিব ৷ মাজুলীৰ অফলাঘাটৰ পৰা কমলাবাৰী চাৰিআলিলৈ ৰোড শ্ব’ কৰি মাজুলীত উপস্থিত হৈ ঢকুৱাখনাত নিশা কটাব কংগ্ৰেছ নেতাজনে।

rahul gandhi Bharat jodo nyay jatra in assam
অসম প্ৰদেশ কংগ্ৰেছৰ দ্বাৰা প্ৰকাশিত ৰোড মেপ

পুনৰ 20 জানুৱাৰীত বগীবিলৰ পৰা যাত্ৰা আৰম্ভ কৰি গোগামুখ হৈ লখিমপুৰ জিলাত প্ৰৱেশ কৰি হাৰমতী আৰু নাওবৈছাত পদ যাত্ৰা কৰি গৈ অৰুণাচল প্ৰদেশৰ ইটানগৰত নিশা কটাব ৰাহুল গান্ধীয়ে । অৱশ্যে অৰুণাচল প্ৰদেশত কংগ্ৰেছৰ যুৱৰাজগৰাকীৰ কোনো বিশেষ কাৰ্যসূচী উল্লেখ নাই অসম প্ৰদেশ কংগ্ৰেছৰ সদ্য প্ৰকাশিত সময়সূচীত।

কংগ্ৰেছৰ এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত পদ যাত্ৰা কৰাৰ সম্ভাৱনা আছে ৰাহুল গান্ধীয়ে । ইটানগৰৰ পৰা 21 জানুৱাৰীত হোলঙি হৈ পুনৰ অসমত প্ৰৱেশ কৰি গহপুৰৰ কনকলতাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই বিশ্বনাথ চাৰিআলিলৈ যাত্ৰা আৰম্ভ কৰিব। বিশ্বনাথত পদযাত্ৰা কৰি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পিচত জামুগুৰিহাটৰ পৰা কলিয়াবৰলৈ যাত্ৰা কৰি কলিয়াবৰত এখন জনসভাত ভাগ ল’ব ৰাহুল গান্ধীয়ে ৷ সেইদিনা নিশা কটাব নগাঁও জিলাৰ ৰূপহীত ।

22 জানুৱাৰীত ৰূপহীৰ পৰা নগাওঁলৈ যাত্ৰা কৰিব ৷ তাৰ পিছত গোলচেপাৰ পৰা মৰিগাঁৱলৈ পদযাত্ৰা কৰি সেইদিনা নিশা কটাব মেঘালয়ৰ নংপোত ৷ 23 জানুৱাৰীত গুৱাহাটীৰ জয়ানগৰৰ পৰা শিঙিমাৰীলৈ আগবঢ়িব ভাৰত জোড়ো ন্যায় যাত্ৰাই ৷ পুনৰ কামৰূপ জিলাৰ পৰা নলবাৰীলৈ আগবাঢ়িব এই যাত্ৰাই ৷ 23 জানুৱাৰীৰ নিশা কটাব বৰপেটাৰ বিষ্ণুপুৰত ৷

24 জানুৱাৰীত ভেল্লাৰ পৰা বঙাইগাঁও, উত্তৰ শালমাৰা হৈ ধুবুৰীলৈ যাত্ৰা কৰি 25 জানুৱাৰীত গৌৰীপুৰৰ জনসভাৰ পৰা বক্সিৰহাটলৈ যাত্ৰা কৰি অসমত এই যাত্ৰাৰ সামৰণি মাৰিব বুলি জানিব পৰা গৈছে। ইয়াৰ পিচতে এই যাত্ৰাই প্ৰৱেশ কৰিব পশ্চিমবংগত ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ 'লাখপতি বাইদেউ'ৱে অসমত ভেটিব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.