তেজপুৰ,২৮ ফ্ৰেব্ৰুৱাৰীঃ তেজপুৰত উৎকোচ লোৱাৰ সময়ত হাতে-লোটে ধৰা পৰে এগৰাকী অভিযন্তা ৷ শুকুৰবাৰে দুৰ্নীতি নিবাৰক শাখাৰ ১২জনীয়া এটা দলে অতৰ্কিতে অভিযান চলাই গ্ৰেপ্তাৰ কৰে গড়কাপ্তানি বিভাগৰ তেজপুৰ বৈদ্যুতিক সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তা নাৰায়ণ চন্দ্ৰ দে’ক ৷ অভিযন্তা গৰাকীয়ে কাৰ্য্যালয়ৰ কক্ষত ঠিকাদাৰৰ পৰা ধন লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পৰে ৷
উল্লেখ্য যে,তেজপুৰৰ ঠিকাদাৰ ৰমেন পাটোৱাৰীক পঞ্চাশ হাজাৰ টকাৰ উৎকোচ বিচাৰি হাৰাশাস্তি কৰাৰ বাবে ঠিকাদাৰজনে দুৰ্নীতি নিবাৰক শাখাত অভিযোগ দাখিল কৰিছিল । উক্ত অভিযোগৰ আধাৰত বৃহস্পতিবাৰে আৰম্ভ কৰা অভিযানত অভিযন্তাগৰাকীয়ে দহ হাজাৰ নগদ ধন লোৱা দৃশ্য গোপন কেমেৰাত বন্দী কৰা হয় । শুকুৰবাৰে পুনৰ চল্লিশ হাজাৰ টকা লোৱাৰ সময়তে ধৰা পৰে ঘোঁচখোৰ অভিযন্তা নাৰায়ণ চন্দ্ৰ দে ৷ অভিযন্তাগৰাকীক গ্ৰেপ্তাৰ কৰি দুৰ্নীতি নিবাৰক শাখায়ে গুৱাহাটীলৈ নিয়ে । আনহাতে,সমগ্ৰ ঘটনাটোক এক ষড়যন্ত্ৰ বুলিহে উল্লেখ কৰে অভিযন্তা গৰাকীয়ে ।
লগতে চাওকঃতেজপুৰত নাগৰিকত্ব সংশোধনী আইনক লৈ ব্যতিক্ৰমী প্ৰতিবাদ