ETV Bharat / state

ৰঙাপৰাত পৌৰ কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী - সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থা

তৃতীয় দিনলৈ ৰঙাপাৰাত অব্যাহত আছে পৌৰ কৰ্মচাৰীসকলৰ প্ৰতিবাদ ৷ সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে ৰাজ্যজুৰি পৌৰসভা কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰী সকলে নিয়মীয়া সকলো কাম-কাজ পৰিহাৰ কৰি অব্যাহত ৰাখিছে এই প্ৰতিবাদ ৷

অৱস্থান ধৰ্মঘট কাৰ্যসূচী
অৱস্থান ধৰ্মঘট কাৰ্যসূচী
author img

By

Published : Sep 3, 2020, 3:19 PM IST

ৰঙাপৰা, 3 চেপ্তেম্বৰ: বৃহস্পতিবাৰে কৰ্মচাৰীসকলৰ সমস্যা সমাধানৰ দাবীৰে ৰঙাপৰাত প্ৰতিবাদ সাব্যস্ত কৰিলে পৌৰ কৰ্মচাৰীসকলে ৷ ৰঙাপৰা পৌৰসভা কাৰ্যালয়ৰ সন্মুখত কৰ্মচাৰীসকলে পালন কৰা ধৰ্মঘট কাৰ্যসূচী অব্যাহত আছে তৃতীয় দিনাও ৷ সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে ৰাজ্যজুৰি পৌৰসভা কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰী সকলে নিয়মীয়া সকলো কাম-কাজ পৰিহাৰ কৰাৰ সমান্তৰালকৈ, ৰঙাপৰা পৌৰসভা কাৰ্যালয় কৰ্মচাৰী সকলেও নিয়মীয়া সকলো কাম-কাজ পৰিহাৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

ৰঙাপৰাত পৌৰ কৰ্মচাৰীসকলৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

পৌৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰা, পৌৰ নিকায়সমূহত কৰ্মৰত ফিক্স পে আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীৰে কৰ্মচাৰী সকলে ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷ আনহাতে পৌৰ কৰ্মচাৰীৰ ২০১৪ বিধেয়ক চৰকাৰে মানি লৈ পৌৰ নিকায় কৰ্মচাৰী সকলৰ ৩ মাহৰ পৰা ২৭ মাহ পৰ্যন্ত বকেয়া দৰমহা মোকলাই দিয়াৰো দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷ ইয়াৰোপৰি নতুন নিযুক্তি বন্ধ কৰা, ষষ্ঠ অনুসুচনীৰ অন্তৰ্গত পৌৰ কৰ্মচাৰীক ৰাজ্যিক বিত্তীয় আয়োগৰ আওতালৈ আনি দৰমহা আৰু সা-সুবিধা প্ৰদান কৰাকে ধৰি কেতবোৰ আন আন দাবী উত্থাপন কৰিলে কৰ্মচাৰী সকলে ৷

লগতে পঢ়ক: ৰাষ্ট্ৰীয় সংবাদ মাধ্যম চৰকাৰী পক্ষৰ পকেটৰ ৰুমাল : প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.