ETV Bharat / state

মিছামাৰীত অসম পেট্ৰেলিয়াম মজদুৰ ইউনিয়নৰ প্ৰতিবাদঃ আবদ্ধ তেল সৰবৰাহ কৰা টেংকাৰ

author img

By

Published : Jun 18, 2020, 9:40 AM IST

অসমত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰাত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত নিৰাপত্তাহীনতাত ভুগিব লগীয়া হৈছে অসমৰ ট্ৰাক চালক সকলে ৷ বিগত 6 দিন ধৰি শোণিতপুৰৰ মিছামাৰীত আবদ্ধ হৈ আছে অৰুণাচল প্ৰদেশলৈ পেট্ৰেলিয়ামজাত সামগ্ৰী সৰবৰাহ কৰা সকলো টেংকাৰ গাড়ী ৷

Protest by petrolium worker union at Misamari
মিছামাৰীত অসম পেট্ৰেলিয়াম মজদুৰ ইউনিয়নৰ প্ৰতিবাদ

ৰঙাপৰা, 18 জুন: অসমত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰাত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত নিৰাপত্তাহীনতাত ভুগিব লগীয়া হৈছে অসমৰ ট্ৰাক চালকসকলে ৷ যাৰবাবে বিগত 6 দিন ধৰি শোণিতপুৰৰ মিছামাৰীত আবদ্ধ হৈ আছে অৰুণাচল প্ৰদেশলৈ পেট্ৰেলিয়ামজাত সামগ্ৰী সৰবৰাহ কৰা সকলো টেংকাৰ ৷ চৰম নিৰাপত্তাহীনতাত ভুগি বিগত 12 জুনৰ পৰা ৰাজ্যখনলৈ পেট্ৰলজাত সামগ্ৰী নিয়া বন্ধ কৰি ৰাখিছে টেংকাৰ চালকসকলে ৷ উল্লেখ্য যে, অৰুণাচললৈ তেল কঢ়িয়াই নিয়া গাড়ী সমূহৰ চালক আৰু হেণ্ডিমেন সকলক কোভিড-19 ৰোগ বিয়পোৱাৰ সন্দেহ প্ৰকাশ কৰি নানান ধৰণে হাৰাশাস্তি কৰি আহিছে স্থানীয় ৰাইজে ।

অভিযোগ অনুসৰি চালক-হেণ্ডিমেন সকলক অৰুণাচল প্ৰদেশৰ জনজাতীয় লোকসকলে টেংকাৰ গাড়ী পথত ৰখাবলৈ নিদিয়াৰ লগতে পথৰ দাঁতিত ভাত ৰান্ধিবলৈ নিদিয়ে ৷ গাড়ীৰ চকা ফুটাৰ পিছতো ৰখাবলৈ নিদিয়াৰ ওপৰিও বাচন-বৰ্তনত গোৰ মাৰি দিয়াৰ লগতে গাড়ী ৰখালে পাঁচ হাজাৰ টকা জৰিমনা বিহাৰ ভাবুকি প্ৰদান কৰি আহিছে । ঘটনাৰ সন্দৰ্ভত চালকসকলে অৰুণাচল প্ৰদেশৰ প্ৰশাসনক অভিযোগ দাখিল কৰি আহিছে যদিও কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ৰাজ্যখনৰ প্ৰশাসনে ৷ সেয়েহে টেংকাৰ গাড়ীৰ চালক-হেণ্ডিমেন সকলৰ নিৰাপত্তা সুনিশ্চিত নোহোৱা পৰ্যন্ত অসম পেট্ৰেলিয়াম মজদুৰ ইউনিয়নৰ মিছামাৰী শাখাই গাড়ী সমূহৰ চলাচল বন্ধ কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

উল্লেখ্য যে, দীৰ্ঘদিন দিনৰ পৰা মিছামাৰীস্থিত তেলৰ ডিপুৰ পৰা প্ৰায় 150 খন টেংকাৰ গাড়ীৰ স্বত্বাধিকাৰী সকলে স্বৰ্ত অনুসৰি পৃথকে পৃথকে অৰুণাচল প্ৰদেশৰ টাৱাং, পশ্চিম কামেং আৰু পূৱ কামেং জিলাৰ ভিন্ন প্ৰান্তত থকা তেলৰ ডিপু সমূহলৈ পেট্ৰ'ল, ডিজেল আৰু কেৰাচিন তেল যোগান ধৰি আহিছে ৷ লগতে ভাৰতীয় সেনাৰ শিৱিৰলৈ যোগান ধৰি আহিছে পেট্ৰ'ল, ডিজেল আৰু আকাশী যানত ব্যৱহাৰ কৰা ইন্ধন এ টি এফ ৷ কিন্তু চুবুৰীয়া ৰাজ্যখনলৈ টেংকাৰ চলাই যোৱা চালকসকলৰ নিৰাপত্তা নোহোৱাৰ বাবে পেট্ৰ'লজাত সামগ্ৰী সৰবৰাহ বন্ধ কৰি ৰাখিছে অসম পেট্ৰেলিয়াম মজদুৰ ইউনিয়নৰ মিছামাৰী শাখাই ৷

লগতে পঢ়কঃ 17 দিনৰ মূৰত লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথ পুনৰ মুকলি

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.